Kashmir Incident:
অপাৰেছন সিন্দূৰ’ আৰু ইয়াৰ প্রত্যুত্তৰত পাকিস্তানী আক্রমণত প্রকৃত নিয়ন্ত্রণ ৰেখাৰ সংলগ্ন শ শ গাঁও বিধ্বস্ত হয়। বিগত কিছুদিন ধৰি স্থানীয় ৰাজনৈতিক নেতাসকলে এই সমস্ত অঞ্চল ভ্ৰমণ কৰি বাস্তৱৰ ছবি প্ৰত্যক্ষ কৰিহে। এই অঞ্চলত পৰিস্থিতি মর্মান্তিক বুলি তেওঁলোকে সদৰী কৰিছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, পাকিস্তানৰ আক্ৰমণত সীমান্ত অঞ্চলৰ ১০ হেজাৰৰো অধিক ঘৰ ভাঙি তচনচ হৈছে আৰু অগণন পৰিয়াল গৃহহীন হৈছে। মাটিৰ লগত মিহলি হৈছে বহু ঘৰ। সীমান্তৱতী পুঞ্চ, কুপৱাৰা, বাৰামুলা আৰু ৰাজৌৰিৰ গাঁওসমূহ সর্বাধিক ক্ষতিগ্রস্ত হৈছে। ইয়াৰে ভিতৰৰ্ত সবাতোকৈ শোচনীয় অৱস্থা জন্মৰ পুঞ্চ জিলাৰ। পাকিস্তানী আক্ৰমণত নিহত ২২জনৰ ভিতৰত ১৪জনেই পুঞ্চৰ নিৱাসী।
নেচনেল কনফাৰেন্সৰ সাংসদ আজাদ জানে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কয় যে জিলাখনৰ ৯০খন পঞ্চায়তৰ ভিতৰত ৬০খনত হেজাৰ হেজাৰ বাসগৃহ আৰু ভৱন ধূলিসাৎ হৈছে। তেওঁ কয়, ‘এনে বৃহৎ পৰিসৰৰ আক্ৰমণ পূর্বে এই অঞ্চলত হোৱা নাই। সমগ্র অঞ্চলটোত এটা ঘৰো অক্ষত অৱস্থাত নাই। পাহাৰীয়া অঞ্চলত টিনৰ চালিৰ ঘৰে এই আক্ৰমণৰ স’তে যুঁজিব পাৰে জানো? চেল ফাটি যে এটা ঘৰৰ ক্ষতি হৈছে সেয়াই নহয়, শ্রেপনেলৰ চেলবোৰে চৌপাশৰ ঘৰবোৰৰ বৃহৎ ক্ষতিসাধন কৰিছে।’
সাংসদজনে কয় যে তেওঁ ক্ষতিগ্রস্ত অঞ্চলত ৪০ শতাংশ নিজে পৰিভ্ৰমণ কৰিছে। অঞ্চলটো ভূকম্পনপ্ৰৱণ বুলি উল্লেখ কৰি তেওঁ কয়, ‘ঘৰৰ কাঠামোবোৰ ইমানেই ক্ষতিগ্রস্ত হ’ল যে যিকোনো মুহূর্তত এটা মৃদু কম্পনতেই ভাঙি পৰিব পাৰে।’ কেন্দ্ৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনিক কর্তৃপক্ষক তেওঁ ঘৰ-বাৰীৰ পুনৰ নিৰ্মাণৰ বাবে ক্ষতিপূৰণ আদায়ৰ দাবী জনায়। তেওঁ কয় যে বহুতেই ঘৰলৈ উভতিব পৰা নাই অথবা অদূৰ ভৱিষ্যতে এটা ভূমিকম্প হ’লেই ভয়ংকৰ বিপদত পৰিব অঞ্চলবাসী। সাংসদজনে কয়, ‘পাকিস্তানৰ আক্ৰমণত নিহত সাধাৰণ মানুহক সন্ত্রাসবাদীৰ আক্রমণত নিহত বুলি চিনাক্ত কৰি সেই অনুসৰি চৰকাৰী ক্ষতিপূৰণ দিব লাগে।’ তেওঁ পুনৰ কয়, ‘মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই পুঞ্চলৈ আহি সাহায্য আশ্বাস দিছে। ৰাজ্যৰ সমান্তৰালভাৱে কেন্দ্ৰৰ পৰাও ক্ষতিপূৰণ আশা কৰিছো।’
তীব্র গোলাবর্ষণত সীমান্ত অঞ্চলৰ উৰি আৰু কাৰ্ণাও বিধ্বস্ত হৈছে। কার্ণাত শতাধিক আৰু উৰিত ৪৫৮-টা ঘৰ ধূলিসাৎ হৈছে। নেচনেল কনফাৰেন্সৰ সাংসদ জাভেদ আহমেদে কয়, ‘সম্পূর্ণ ধূলিসাৎ হোৱা ঘৰৰ বাবে ১০ লাখ আৰু আংশিক ক্ষতিগ্রস্ত ঘৰৰ বাবে পাঁচ লাখ টকা ক্ষতিপূৰণৰ অনুৰোধ জনাইছো।’ স্থানীয় তাংডাৰ গাঁৱৰ বাসিন্দা জাহিদ ৰছিদে সংবাদ মাধ্যমক কয়, ‘গোলাবর্ষণ আৰম্ভ হোৱাত আমি বাংকাৰত আশ্রয় লৈছিলো আৰু ইয়াৰ অন্ত পৰাত বাহিৰলৈ দেখিলো যে সকলো ঘৰ-বাৰী ধূলিত মিহলি হৈছে।
আমাৰ অসংখ্য মানুহে এতিয়াও আত্মীয় আৰু ওচৰ-চুবুৰীয়াৰ ঘৰত আশ্ৰয় লৈ আছে।’ মুখ্যমন্ত্রী আব্দুল্লাৰ পৰামৰ্শদাতা মাছিৰ আছলাম বানিয়ে এই বৃহৎ পৰিমাণৰ ক্ষয়-ক্ষতিৰ কথা স্বীকাৰ কৰি কয় যে দুৰ্গতসকলৰ বিত্তীয় সাহায্যৰ বাবে ৰাজ্য চৰকাৰে চেষ্ট কৰি আছে। পুনৰ সংস্থাপন আঁচনিৰ পৰা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয়।