Artificial flooding on Patharkueri – Satgaon road:
যিহেতু বৰষুণৰ বতৰ সমাগত, সেয়ে মহানগৰীৰ এটা সদাব্যস্ত পথ হৈছে পাথৰকুৱেৰী – সাতগাওঁ পথ ৷ সাতগাঁৱস্থ সেনা চাউনিৰ সেনা বাহিনীৰ উপৰিও বহু কেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ – ছাত্ৰী দৈনিক অহা যোৱাৰ বাবে এই পথটো ব্যৱহাৰ কৰে।
এজাক মুষলধাৰ বৰষুণ দিলেই পথছোৱা জলমগ্ন হৈ পৰে৷বিগত সময় চোৱাত এই পথটোত কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে। পাথৰকুৱেৰী – সাতগাওঁ পথত হোৱা কৃত্ৰিম বানে সৰ্বাধিক বিভীষিকাৰ সৃষ্টি কৰে এছএফএছ স্কুলৰ সন্মুখৰ ঠাইখিনিত। অৱশ্যে পথটোৰ অন্য অংশতো বৰষুণৰ পানী জমা হয়।
একেদৰে বহুকেইটা উপ-পথ বৰষুণৰ পানীত ডুব গৈ থাকে। অথচ এই পথটোৰ গাতে লাগি অছে শিলসাঁকো বিল। বৰষুণৰ জমা পানী অতি সহজে শিলসাঁকোলৈ বৈ যাব লাগিছিল যদিও সেয়া হোৱা নাই। পাথৰকুৱেৰীৰ পৰা সাতগাঁৱলৈ যোৱা সোঁফালে আছে এটা কেঁচা নলা ৷ একেদৰে বাওঁ ফালেও কিছু কিছু ঠাইত সৰু ঠেক নলাৰ এটাৰ অস্তিত্ব দেখিবলৈ পোৱা যায়।
কিন্তু এই নলাটোৰে পানী ওলাই যায় নে নাই তাৰ কোনো নিশ্চয়তা নাই। এছএফএছ স্কুলৰ সন্মুখত নলাটোৰ অস্তিত্ব হয়তো মাটিৰ তলত আছে। আনহাতে বিদ্যালয় খনৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টৰ প্ৰবেশ পথত নলা সংলগ্ন এটা পকী কালভাৰ্ট বহুওৱা আছে যাৰ অধিকাংশ ইতিমধ্যে মাটিৰ তলত পোত গৈছে আৰু যিখিনি ওলাই আছে তাৰে পাথৰকুৱেৰী – সাতগাঁওৰ দৰে বৃহৎ অঞ্চলৰ বৰষুণৰ জমা পানী ওলাই যোৱাটো সম্ভৱ নহয়।
পথটোৰ দুয়ো কাষৰ নলা সমূহত থকা আৰ্ৱজনা চাফা নোহোৱা পৰ্যন্ত এই বৃহৎ অঞ্চলটোত জমা হোৱা বৰষুণৰ পানী শিলসাঁকোলৈ ওলাই যোৱাটো সম্ভৱ নহয়। বৰষুণৰ পানী শিলসাঁকোলৈ বৈ নোযোৱাৰ অন্য কাৰণো থাকিব পাৰে ৷ এইক্ষেত্ৰত গুৱাহাটী উন্নয়ন বিভাগ আৰু জিএমচিৰ ক্ষেত্ৰভিত্তিক অনুসন্ধান প্ৰয়োজনীয়তা আছে বুলি মতপ্ৰকাশ কৰে স্থানীয় লোকে ৷
আনহাতে এই সন্দৰ্ভত স্থানীয় লোকে গুৱাহাটী উন্নয়ন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক ১ মে’ত সাক্ষাৎ কৰে এখন স্মাৰক পত্ৰ খন দিছিল যদিও আজি পৰ্য্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ফলত এবাৰ বৰষুণ দিলেই পথটোত ভয়াৱহ পৰিস্থিতি সৃষ্টিৰ ধাৰা আজিও অব্যাহত আছে।