Forest Wildlife Photography Exhibition at Guwahati Artists Guild:
অসমৰ লগতে দেশৰ ভালেসংখ্যক নিপুণ ফটোগ্ৰাফাৰৰ কেমেৰাত বন্দী হোৱা বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ কমেও ৪৬ খন অসাধাৰণ ফটোৰ সমাহাৰেৰে চান্দমাৰীস্থিত গুৱাহাটী আৰ্টিষ্ট গীল্ডত উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত এখন চাৰিদিনীয়া বন্যপ্ৰাণী ফটোগ্ৰাফী প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে ।
আৰণ্যকৰ (www.aaranyak.org) ৩৫ বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা এই প্ৰদৰ্শনীখন বৃহস্পতিবাৰে আন্ত:ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱসৰ উপলক্ষত প্ৰখ্যাত ফটোগ্ৰাফাৰ তথা অসম চৰকাৰৰ প্ৰাক্তন আমোলা সঞ্জীৱ গোঁহাই বৰুৱাই উদ্বোধন কৰে । ২৫ মে’ত সামৰণি পৰিবলগীয়া প্ৰদৰ্শনীখনত মূলত: অসম আৰু জৈৱ বৈচিত্ৰ্যত চহকী উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য স্থানৰ ফটোগ্ৰাফক প্ৰাধান্য দিয়া হৈছে ।
বন্যপ্ৰাণী ফটোগ্ৰাফী প্ৰদৰ্শনীখনৰ সৈতে ৰজিতা খুৱাই ১৯৮৯ চনৰ পৰা ৩৫ বছৰীয়া পৰিক্ৰমা সম্পূৰ্ণ কৰা আৰণ্যকৰ বিভিন্ন বিভাগৰ কাৰ্যকলাপৰো এলানি ফটোগ্ৰাফিক চিত্ৰায়ন কৰা হৈছে । প্ৰদৰ্শনীখন উদ্বোধন কৰি সঞ্জীৱ গোঁহাই বৰুৱাই বন্যপ্ৰাণী ফটোগ্ৰাফৰ অৰ্থবহ প্ৰদৰ্শনীৰ বাবে লোৱা আৰণ্যকৰ এই উদ্যোগক প্ৰশংসা কৰে আৰু শেহতীয়াকৈ উপযুক্ত সজুঁলি আৰু উচ্চ প্ৰযুক্তিৰ কেমেৰা আৰু লেন্সৰ আগমনৰ পৰিপ্ৰেক্ষিত বন্যপ্ৰাণী অনুৰাগী সকলৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰা বন্যপ্ৰাণী ফটোগ্ৰাফী সম্পৰ্কীয় সজাগতা সৃষ্টিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । এই উপলক্ষে দিয়া ভাষণত আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড: পাৰ্থজ্যোতি দাসে দ্ৰুত জনপ্ৰিয়তা লাভ কৰা বন্যপ্ৰাণী ফটোগ্ৰাফীলৈ অধিক সজীৱতা আনিবলৈ ৰাজ্যজুৰি সেউজ ফটোগ্ৰাফাৰসকলৰ বাবে কৰ্মশালাৰ আয়োজনৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে ।
প্ৰশংসিত বন্যপ্ৰাণী ফটোগ্ৰাফাৰ আৰু এই প্ৰদৰ্শনীৰ অন্যতম হোতা, আৰণ্যকৰ সাংগঠনিক সচিব তথা জ্যেষ্ঠ বিজ্ঞানী উদয়ন বৰঠাকুৰে কয় যে এই ফটোগ্ৰাফী প্ৰদৰ্শনীখন আৰণ্যকৰ ৩৫ বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি সংস্থাটোৰ বহনক্ষম সংৰক্ষণৰ প্ৰচেষ্টাক উদযাপনৰ এক বিনম্ৰ প্ৰয়াস । আৰণ্যকৰ বিত্ত সচিব জিমুত প্ৰসাদ শৰ্মাই প্ৰযুক্তিগত উত্তৰণে সামগ্ৰিকভাৱে ফটোগ্ৰাফী ক্ষেত্ৰখনলৈ আৰু বিশেষকৈ বন্যপ্ৰাণী ফটোগ্ৰাফীলৈ অনা সজীৱতা আৰু উৎকৃষ্টতাৰ বিষয়ে বিশদভাৱে কয় ।
আৰণ্যকৰ প্ৰচাৰ সচিব বিজয় শংকৰ বৰাই ফটোগ্ৰাফীক সাধাৰণ লোক বিশেষকৈ নৱ প্ৰজন্মৰ মাজত বন্যপ্ৰাণী প্ৰজাতিৰ প্ৰতি আকৰ্ষণ জগাই তোলাৰ এক অতি শক্তিশালী মাধ্যম বুলি অভিহিত কৰে আৰু কয় যে ই মূৰকত দীৰ্ঘম্যাদী জনমুখী সংৰক্ষণ প্ৰচেষ্টাত সহায় কৰে। আৰণ্যকৰ জ্যেষ্ঠ পৰিচালক ববী নাথে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানটোত সংগঠনটোৰ কৰ্মীসকলৰ লগতে যঠেষ্ট সংখ্যক শুভাকাংক্ষী উপস্থিত থাকে ।