Three hundred Maoists killed in 150 days:১৫০ দিনত ধৰাশায়ী তিনিশ মাওবাদী

নক্সাল বিৰোধী অভিযানত ঐতিহাসিক সফলতা দাবী ,তিনি শীৰ্ষ চিপিআই(মাও)নেতাও ৰাডাৰত,১৯৯৬ৰ পৰা দেশত মাও সংঘাতত প্রাণ হেৰুৱালে ১৭ সহস্রাধিকে

maubadi

Three hundred Maoists killed in 150 days:

দিনে গড়ে দুজনকৈ ১৫০ দিনত তিনিশজন। চলিত বৰ্ষৰ প্ৰথম ১৫০ দিনত নিৰাপত্তা বাহিনীৰ অভিযানত কমেও তিনিশ মাওবাদীয়ে প্ৰাণ হেৰুৱায়। অর্থাৎ এই অভিযানৰ কালছোৱাত প্রতিদিনে গড়ে দুজনইক মাওবাদী নিহত হয়। এই তথ্য প্রকাশ কৰিছে চত্তিছগড় আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই ৷

ADVERTISEMENT

বিষয়াজনে জনোৱা মতে, চলিত বৰ্ষত মাওবাদী বিৰোধী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে লাভকৰা সফলতাই সৰ্বকালৰ ইতিহাস ভংগ কৰে। দেশত তিনি দশকৰো অধিক কাল মাওবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে যদিও ইয়াৰ পূৰ্বে এনে কম দিনত তিনিশজনকৈ মাওবাদী ধৰাশায়ী হোৱা নাছিল। মাওবাদী বিৰোধী অভিযানৰ এই সফলতা ২০০৯ৰ পাছত সর্ববৃহৎ বুলি আখ্যা দিছে নিৰাপত্তা বিষয়াই।

উল্লেখ্য যে ২০০৯ বছৰটোত নিৰাপত্তা বাহিনীৰ অভিযানত ৩১৪ জন মাওবাদীয়ে প্রাণ হেৰুৱায়। এই কথা উল্লেখ কৰি নিৰাপত্তা বিষয়াই কয়, ‘মাওবাদীৰ বিৰুদ্ধে অভিযানৰ সফলতাৰ এই ধাৰা অব্যাহত থাকিলে চলিত ২০২৫ বর্ষটোত মাওবাদী বিৰোধী পূৰ্বৰ সকলো সফলতাৰ অভিলেখ ভংগ কৰিব। ২০০৯তো নিৰাপত্তা বাহিনীৰ হাতত তিনি শতাধিক অর্থাৎ ৩১৪ জন মাওবাদীয়ে প্রাণ হেৰুৱায় যদিও সেয়া গোটেই বছৰটোত সংঘটিত হয়।

ইয়াৰ ভিতৰতে চলিত বৰ্ষৰ প্ৰথম ডেৰশ দিনতে কমেও তিনিশ মাওবাদী নিহত হয়।’ সম্প্রতি মাওবাদীৰ বিৰুদ্ধে অব্যাহত থকা নিৰাপত্তা বাহিনীৰ অভিযান চোৰাংচোৱাচালিত অভিযান আখ্যা দি চত্তিছগড় আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয়, ‘অভিযানৰ সময়ত ৰাজ্যিক আৰু কেন্দ্রীয় নিৰাপত্তা বাহিনীসমূহৰ মাজত মসৃণ সমন্বয় ৰক্ষা কৰা হৈছে। ইয়ে অতুলনীয় ক্ষিপ্রতা আৰু সুনির্দিষ্টতাৰে লক্ষ্যত আঘাত হনাত আমাক সহায় কৰিছে।’

বছৰটোৰ এই ডেৰশ দিনত নিৰাপত্তা বাহিনীয়ে চত্তিছগড়ৰ উপৰি ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ কেতবোৰ অংশত নিশ্ছিদ্র অভিযান চলায়। এই অভিযানৰ সময়ছোৱাত কে’বাজনো শীর্ষ মাওবাদী নেতা নিহত হোৱাৰ উপৰি নিৰাপত্তা বাহিনীয়ে মাওবাদীয়ে ব্যৱহাৰ কৰা গুৰুত্বপূৰ্ণ পথসমূহ বন্ধ কৰিবলৈ সক্ষম হয়। কালিও নিৰাপত্তা বাহিনীৰ অভিযানত নিষিদ্ধ চিপিআই (মাওবাদী)ৰ সাধাৰণ সম্পাদক বাসৱা ৰাজুসহ ২৭ জন নিহত হয়। এই অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ চত্তিছগড়ৰ নাৰায়ণপুৰ জিলাৰ এক ঘাটিও উৎখাত কৰে।

বাসৱা ৰাজুসহ আন মাওবাদীসকল ধৰাশায়ী হোৱাটোক বাঁও সন্ত্রাসবাদ বিৰোধী অভিযানৰ এক বৃহৎ সফলতা ৰূপে আখ্যা দিছে নিৰাপত্তা বাহিনীসমূহে। এই সম্পর্কত এজন নিৰাপত্তা বিষয়াই কয়, ‘বাসৱা ৰাজু কেৱল এজন কমাণ্ডাৰেই নাছিল, তেওঁ আছিল মাওবাদী আন্দোলনৰ আদৰ্শগত আৰু অভিযানৰ ৰাজহাড়।’ ইয়াৰ পূর্বে যোৱা মাহতো নিৰাপত্তা বাহিনীৰ অভিযানত ৩১ জনকৈ মাওবাদীয়ে প্রাণ হেৰুৱায়। এই অভিযানক নেতৃত্ব দিয়ে স্বয়ং চিআৰপিৰ সঞ্চালক প্রধান জি পি সিঙে

# নিৰাপত্তা বাহিনীৰ ৰাডাৰত কে’বাজনো শীর্ষ নেতা

মাওবাদী বিৰোধী অভিযানত নিয়োজিত নিৰাপত্তা বাহিনীসমূহৰ চকুত ধূলি দি বর্তমানেও কে’বাজনো দুর্ধর্ষ মাওবাদী নেতাই আত্মগোপন কৰি আছে। অৱশ্যে এইসকল নিৰাপত্তা বাহিনীৰ ৰাডাৰত থকা বুলি সূত্রই প্রকাশ কৰিছে। এই দুর্ধর্ষ মাওবাদী নেতাকেইজনৰ অন্যতম হ’ল ৭৪ বছৰীয়া মুপালা লক্ষ্মণ ৰাও ওৰফে গণপতি ওৰফে ৰমান্না ওৰফে শ্রীনিবাস ওৰফে শেখৰ।

এই বর্ষীয়ান নেতাজনেই চিপিআই (মাওবাদী)ৰ জ্যেষ্ঠ উপদেষ্টা আৰু ৰণকৌশল প্রস্তুতকাৰকৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ তথ্য উদ্ধাৰ হৈছে। নিৰাপত্তা বাহিনীয়ে সন্দেহ কৰা অনুসৰি ৰাৱে ঘন জংঘলত সশস্ত্ৰ মাওবাদীৰ দ্বাৰা পৰিবেষ্টিত হৈ সংগঠনলৈ দিহা-পৰামৰ্শর্শ আগবঢ়াই আছে। বর্তমানেও জালত নপৰা আন এজন শীর্ষ মাওবাদী নেতা হ’ল মাল্লুজোলা বেণুগোপাল ওৰফে বিবেক ওৰফে ভূপাতি ওৰফে বীণু।

সম্প্রতি ৬৮ বছৰীয়া বেণুগোপালে মাওবাদীৰ কেন্দ্রীয় সমিতিৰ জ্যেষ্ঠ সদস্য তথা মুখপাত্ৰৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। তেলেংগানাৰ ৰাজন্না ছাৰ্কিলা জিলাৰ বেণুগোপালে নিৰাপত্তা বাহিনীৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰি আছে। নিৰাপত্তা বাহিনীৰ চকুত ধূলি দি থাকিবলৈ সক্ষম হোৱা আন এজন শীর্ষ মাওবাদী নেতা হ’ল মিহিৰ বেষ্ট্ৰা ওৰফে ভাস্কৰ ওৰফে ছুৰ্ণিমল। ঝাৰখণ্ডৰ গিৰিধ জিলাৰ বোৰ বয়স সম্প্রতি ৬৫ বছৰ। তেওঁ নিষিদ্ধ চিপিআই (মাওবাদী) লৈ ৰচদপাতি যোগান আৰু যোগাযোগৰ ক্ষেত্ৰত সমন্বয়কৰ ভূমিকা পালন কৰি আছে।

# হ্রাস পাই আহিছে মাওবাদৰ প্ৰভাৱ

বিগত সময়ছোৱাত মাওবাদৰ প্ৰভাৱ হ্রাস পাই আহিছে। চৰকাৰী তথ্য অনুসৰি ২০১৪ত ৩৫ খন জিলা মাওবাদৰ দ্বাৰা ক্ষতিগ্রস্ত হয় যদিও চলিত বর্ষত এনে জিলাৰ সংখ্যা ছখনলৈ হ্রাস পাইছে। সামগ্রিকভাবে মাওবাদী আক্রান্ত জিলাৰ সংখ্যা ২০১৪ৰ ১২৬ খনৰ পৰা চলিত বৰ্ষত ১৮ খনলৈ হ্রাস পাইছে। একেদৰে ২০১৪ত মাওবাদী আক্রমণত ৮৮ জন নিৰাপত্তা বাহিনীৰ লোক ছহিদ হয় যদিও ২০২৪ত ছহিদ বৰণ কৰা নিৰাপত্তা বাহিনীৰ লোকৰ সংখ্যা ১৯ জনলৈ হ্রাস পায়।

ইয়াৰ বিপৰীতে ২০১৪ ত ৬৩ জন মাওবাদী নিহত হয় যদিও তাৰ পাছৰে পৰা চলিত বর্ষলৈ সংঘর্ষত নিহত হোৱা মাওবাদীৰ সংখ্যা ২,০৮৯ জনলৈ বৃদ্ধি পায়। উল্লেখ্য যে দেশত মাওবাদৰ উত্থানৰ ফলত ১৯৯৪ৰ পৰা ১৩,৭০০ জনবো অধিক লোকে প্রাণ হেৰুৱায়।

# হত্যা যজ্ঞৰে সমস্যা সমাধান নহয়: আলোচনাৰে আগবাঢ়িবলৈ চৰকাৰক আহ্বান চিপিআইৰ

চত্তিছগড়ত মাওবাদীৰ ওপৰত গণহত্যা চলা বুলি অভিযোগ উত্থাপন কৰি ইয়াৰ গৰিহণা জনাইছে চিপিআয়ে। সম্প্রতি অসম ভ্রমণত থকা দলৰ ৰাষ্ট্ৰীয় সচিব ড° কে নাৰায়ণাই আজি গুৱাহাটীত কয় যে কেন্দ্ৰীয় চৰকাৰে পাকিস্তান সমর্থিত দুর্ধর্ষ সন্ত্রাসবাদীৰ লগতো বুজাপৰা কৰিবলৈ সাজু আছে। অথচ মাওবাদীসকলৰ ক্ষেত্ৰত এই মনোভাব পোষণ কৰা নাই।

ড০ নাৰায়ণাই কয়, ‘মাওবাদীসকল মার্ক্সবাদ, লেলিনবাদ, সামাজিক ন্যায় আৰু সমাজ পৰিৱৰ্তনৰ হকে দায়বদ্ধ। চিপিআইৰ তেওঁলোকৰ কাৰ্যপন্থাৰ প্ৰতি সমর্থন নাথাকিব পাৰে, সেই বুলি এনে গণহত্যা সমর্থনযোগ্য নহয়। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সঘনে কৈ আহিছে যে অতি কম সময়ৰ ভিতৰত তেওঁ দেশৰ পৰা নক্সাল আন্দোলনক সম্পূর্ণভাবে উৎখাত কৰিব। কিন্তু এটা কথা নিশ্চিত যে মাওবাদী সদস্যসকলক হত্যা কৰি অথবা চাপত ৰাখি সমস্যাটো কেতিয়াও শেষ কৰিব নোৱাৰিব।

শ্বাহৰ ঘোষণাই তেওঁলোকৰ পুঁজিবাদী বন্ধুসকলক সুখী কৰিব ঠিকেই; কিন্তু নক্সাল আন্দোলন কেতিয়াও শেষ নহ’ব।’ চিপিআই জ্যেষ্ঠ নেতাজনে এইবুলিও কয় যে যেতিয়ালৈকে শোষণ চলি থাকিব নিবনুৱা সমস্যাত মানুহ ভাৰাক্ৰান্ত হৈ থাকিব, দেশত যেতিয়ালৈকে ভূমি সমস্যা থাকিব, যেতিয়ালৈকে কৃষকৰ সমস্যা থাকিব, সমস্যাত ককবকাই থকা কৃষকে যেতিয়ালৈকে আত্মহত্যা কৰি থাকিব, দৰিদ্ৰতা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে নক্সাল আন্দোলন বর্তি থাকিবই।

তেওঁ আৰু কয় যে এজন মাওবাদী নিহত হোৱাৰ বিনিময়ত এশজনৰ জন্ম হ’ব। ইতিহাসে এই কথা বাৰে বাৰে প্ৰমাণ কৰি আহিছে যে কোনো আন্দোলনকে চাপ সৃষ্টি কৰি শেষ কৰিব নোৱাৰি। একমাত্ৰ আলোচনাৰ মাধ্যমৰেহে নক্সাল সমস্যাৰ সু-ফলাফল লাভ কৰিব পৰা যাব বুলি ড: নাৰায়ণাই কয়। সেয়েহে কেন্দ্র আৰু চত্তিছগড় চৰকাৰক মাওবাদীক হত্যা বন্ধ কৰিবলৈ চিপিআয়ে আহ্বান জনাইছে।

হত্যাযজ্ঞ বন্ধ কৰি তৎকালে আলোচনাত বহি সমস্যাটোৰ সমাধান কৰিবলৈও দলৰ হৈ সাধাৰণ সম্পাদকজনে চৰকাৰক আহ্বান জনায়। ইয়াৰ জৰিয়তে মানৱ অধিকাৰো সুৰক্ষিত হ’ব। ড: নাৰায়ণাই মানৱ অধিকাৰ সংস্থাবোৰকো এই ক্ষেত্রত মাত মাতিবলৈ আহ্বান জনায়।

Exit mobile version