Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

The Beautiful World :ক্ষমতাৰ চূড়াত উতলিছে ধুনীয়া ধৰিত্ৰী

# প্রাঞ্জলসেন ডেকা

publisher by publisher
July 31, 2023
in Assam, India, News
Reading Time: 1 min read
0
The Beautiful World :ক্ষমতাৰ চূড়াত উতলিছে ধুনীয়া ধৰিত্ৰী
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

PM Narenda Modi:পহলগাম নৰসংহাৰৰ এবছৰ সম্পূৰ্ণ হোৱাত পহলগাম আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

HPCL Refinery Fire Accident: প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ পূৰ্বেই জ্বলি ভস্মীভূত ৰাজস্থানৰ এইচ পি চি এল তেল শোধনাগাৰ

The Beautiful World :ক্ষমতাৰ চূড়াত উতলিছে ধুনীয়া ধৰিত্ৰী

ADVERTISEMENT

# প্রাঞ্জলসেন ডেকা

গৰম পানী উতলাৰ দৰে উতলিবলৈ ধৰিছে ধৰিত্ৰী । ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে দিছে এই সতর্কবাণী। তেওঁ কৈছে যে সুদীর্ঘ কাল ধৰি সমগ্র বিশ্বক উদ্বিগ্ন কৰি ৰখা গোলকীয় উষ্ণতাৰ যুগৰ অন্ত পৰিছে আৰু অভাৱনীয় বিপর্যয় কঢ়িয়াই আৰম্ভ হৈছে ধৰিত্ৰী উতলাৰ যুগ।

চলিত জুলাইৰ অভিলেখ সৃষ্টিকাৰী উষ্ণতাই এই কথা নিশ্চিত কৰিছে বুলি উল্লেখ কৰি তেওঁ জলবায়ু সংকটৰ মোকাবিলাৰ বাবে তাৎক্ষণিকভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে।

এনে উত্তাপক নিষ্ঠুৰ গ্ৰীষ্ম’ আখ্যা দি ইয়াক সমগ্ৰ গ্ৰহটোৰ বাবেই এক দুর্যোগৰূপে অভিহিত কৰিছে। ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে লগতে সকীয়াই দিছে যে জলবায়ু সংকট এতিয়া আৰু আঁতৰত ৰৈ থকা ভাবুকি নহয়, বৰঞ্চ মানৱতাই সম্মুখীন হোৱা নিষ্ঠুৰ বাস্তব। ধৰিত্ৰীয়ে এতিয়া এনে এক যুগত প্ৰৱেশ কৰিছে, য’ত জলবায়ু পৰিৱৰ্তনৰ পৰিণতি ভয়ংকৰ আৰু তাৎক্ষণিক।

অসহ্যকৰ গৰম আৰু অক্সিজেনৰ অভাৱত উশাহ ল’ব নোৱৰা পৰিৱেশৰ মোকাবিলাৰ বাবে এক আমূল পদক্ষেপৰ তেওঁ পোষকতা কৰে। এই ক্ষেত্ৰত সকলো ধৰণৰ দ্বিধা-সংকোচ, অজুহাত এৰাই আনে এনে পদক্ষেপ গ্রহণ কৰালৈ অপেক্ষা কৰি নাথাকিবলৈ গুটেৰেছে বিশ্বৰ নেতৃত্বক আহ্বান জনাইছে ।

যোৱা ২৭ জুলাইত জলবায়ু সংকটৰ সম্পর্কত এক শক্তিশালী বার্তা দি ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে এনে জোঁৰ পুৰি হাত পোৱা অৱস্থাতো প্রয়োজনীয় পদক্ষেপ গ্ৰহণৰ পৰা বিৰত থকাৰ মনোভাৱক আত্মঘাতী বুলি অভিহিত কৰিছে ।

কেৱল ৰাষ্ট্ৰসংঘৰ সচিব প্রধান গুটেৰেছেই নহয়, সাধাৰণ মানুহেও এই পৰিস্থিতিত ত্ৰাহি মধুসূদন সোঁৱৰিছে আৰু শংকিত হৈ পৰিছে। শেহতীয়া সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তত বতৰৰ যি অভাবনীয় পরিবর্তন প্রত্যক্ষ হৈ আহিছে, সিয়ে সমগ্র মানব জাতিকে শংকিত কৰি তুলিছে। ইউৰোপত অভিলেখ ভংগকাৰী তাপমাত্ৰাক ৰাষ্ট্ৰসংঘই ইতিমধ্যে প্রাণহানিকাৰক প্ৰাকৃতিক দুর্যোগ আখ্যা দিছে।

তেনেদৰেই ভাৰতৰ ৪০ শতাংশ অঞ্চল অতি বৃষ্টি আৰু বানপানীত ডুব যোৱাৰ বিপৰীতে এক বৃহৎ অঞ্চলে বৰষুণৰ অপেক্ষাত হাহাকাৰ কৰিছে। এনেবোৰ দুৰ্যোগৰ মোকাবিলাৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়েও কোনেও অনুভৱ নকৰাকৈ থকা নাই ; কিন্তু প্রশ্নটো হৈছে, সেই পদক্ষেপ গ্রহণ কৰিব কোনে ?

ৰাষ্ট্ৰসংঘৰ সমান্তৰালভাৱে জলবায়ু আৰু পৰিৱেশ বিজ্ঞানীসকলেও বিগত দীৰ্ঘ সময় ধৰি আসন্ন বিপর্যয়ব আগজাননী দিয়াৰ লগতে এই ক্ষেত্ৰত জৰুৰীভাৱে ব্যৱস্থা গ্ৰহণৰ বিষয়ে বিশ্ববাসীক সতৰ্ক কৰি দি আহিছে।

গতিকে সাম্প্রতিক বিপর্যয় যে কোনো আকস্মিক ঘটনা নহয়, বৰঞ্চ ই অৱধাৰিত তাত কোনো সন্দেহ নাই। জলবায়ু সংকটৰ দৰে গুৰুতৰ বিষয়ত মোকাবিলাৰ ক্ষেত্ৰত পৃথিৱীৰ প্ৰতিখন দেশেই ঐক্যবদ্ধ প্রচেষ্টা হাতত লোৱাৰ যে গত্যন্তর নাই, সেয়া ইতিমধ্যে সকলোৱে মানি লৈছে ; কিন্তু এই বিষয়ে অৱগত হৈও দেশসমূহ তাৰ বাবে সক্রিয়ভাবে আগবাঢ়ি অহা নাই ।

সর্বোচ্চ উমৈহতীয়া সংস্থাৰূপে ৰাষ্ট্ৰসংঘই এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ ৰোড মেপ প্ৰস্তুত কৰি তাক ৰূপায়ণৰ বাবে প্ৰতিখন দেশক বাধ্য কৰাব লাগিছিল; কিন্তু তাকে কৰিবলৈ ই সম্পূৰ্ণৰূপে বাৰ্থ হৈছে।

কিয়নো ৰাষ্ট্ৰসংঘও আমেৰিকা প্ৰমুখ্যে কেইখনমান বিত্তশালী দেশৰ অৰ্থ সাহায্যতহে বৰ্তি আছে। গতিকে এনে কোনো দেশক ৰাষ্ট্ৰসংঘই কোনো ধৰণে কোনো বিষয়ত বাধ্য কৰাব পাৰিব বুলি ভাবিব নোৱাৰি। ক্ষমতাৰ সৌধত আৰোহণ কৰি থকা বিভিন্ন দেশৰ নেতৃত্বই নিজ নিজ ৰাষ্ট্ৰৰ ক্ষুদ্র স্বার্থ সুৰক্ষিত কৰিবলৈহে সদাব্যস্ত। ৰাষ্ট্ৰসংঘ অথবা মানৱ সমাজৰ উদ্বিগ্নতাক লৈ মূৰ ঘুমাবলৈ তেওঁলোকৰ সময় নাই।

প্রকৃতিক ধ্বংস কৰি হ’লেও সম্পদ আহৰণ আৰু তাৰ জৰিয়তে নিজৰ স্থিতি শক্তিশালী কৰাৰ ওপৰতে সর্বশক্তি প্রয়োগ কৰা হৈছে। অৱশ্যে ন্যস্তস্বার্থ পূৰণৰ বাবে প্ৰয়োজন হ’লেই ৰাষ্ট্ৰসংঘক ব্যৱহাৰ কৰিবলৈ পিছ নোহোঁহকে কোনো এখন শক্তিশালী দেশেই ।

এনে ভয়াবহতাৰ উমান পায়েই তাহানিতেই মহাত্মা গান্ধীয়ে নিয়ন্ত্রিত উদ্যোগীকৰণৰ পোষকতা কৰিছিল, যাতে তাৰ দ্বাৰা পৰিৱেশ সপ্তলিত কৰি ৰখাৰ লগতে সমাজত আর্থিক বৈষম্য হ্রাস কৰাটো সম্ভৱপৰ হয়।

ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীও যে মুষ্টিমেয় দেশৰ চাবি দিয়া পুতলা স্বৰূপহে সেই কথা আৰু লুকাই থকা নাই। বিশ্বৰ দেশসমূহৰ সৰ্বোচ্চ সংস্থা হ’লেও কার্যক্ষেত্ৰত ইয়াৰ কোনো কর্তৃত্ব নাই। ফলস্বৰূপে ৰাষ্ট্ৰসংঘৰ সদস্য হ’লেও তুলনামূলকভাৱে ক্ষুদ্র আৰু দুৰ্বল দেশসমূহে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কোনো গুৰুত্ব লাভ নকৰে।

ফলস্বৰূপে জনগণৰ মনোভাৱ আৰু আশা-আকাংক্ষা প্রতিফলিত কৰিবলৈ ই সক্ষম হোৱা বুলি ক’ব নোৱাৰি। সেই বাবেই ৰাষ্ট্ৰসংঘই এনেদৰে সময়ে সময়ে আহ্বান জনোৱাতেই নিজৰ দায়িত্ব শেষ বুলি ধৰি লৈছে। নখ-দন্তহীন বুলি অৱগত হৈও ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ মুৰব্বীয়ে কাৰ্যনিৰ্বাহ কৰি যোৱাটো প্ৰহসনৰেই নামান্তৰ। আনহাতে, বিশ্বৰ সাধাৰণ জনতাই বৰ্তমানৰ পৰিস্থিতি মোকাবিলাৰ ক্ষেত্ৰত কঠোৰ স্থিতি ল’বলৈ বাধ্য কৰাব নোৱাৰে, কাৰণ বৃহৎ পুঁজিবাদী দেশসমূহৰ হাতত তেওঁ বন্দী।

তদুপৰি ক্ষমতাৰ চূড়াত আৰোহণ কৰাসকলে জনতাৰ ভাবাবেগক গুৰুত্ব দিয়াৰ প্রয়োজনীয়তা অনুভৱ নকৰে। সম্প্রতি ভাৰত ইয়াৰ এক উৎকৃষ্ট নিদর্শন হৈ পৰিছে। যোৱা তিনিমাহ ধৰি গোষ্ঠী সংঘৰ্ষৰ দাবানলত মণিপুৰ ছাৰখাৰ হৈছে যদিও ই চৰকাৰ বাহাদুৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাই।

তিনি মে’ত আৰম্ভ হোৱা সংঘৰ্ষৰ আজি পর্যন্ত শাম কটা নাই যদিও ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে মূৰ ঘমোৱা নাই। প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে মণিপুৰ ভ্ৰমণ কৰি ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ লোৱা অথবা ৰাজ্যবাসীক সান্ত্বনাবাণী শুনোৱা দূৰৰ কথা, আজি পর্যন্ত সংসদত এবাৰলৈ শান্তিৰ আহ্বান জনোৱাৰ পৰাও বিৰত থাকিল।

দেশৰ প্ৰতিজন বিবেকবান নাগৰিকেই আশা কৰি আহিছে যে প্রধানমন্ত্রী মোদীয়ে মণিপুৰ ভ্ৰমণ কৰি দুৰ্গত ৰাজ্যবাসীক আশ্বস্ত কৰিব আৰু শাস্তি ঘূৰাই অনাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিব; কিন্তু ক্ষমতাই তেওঁক যেন দেশবাসীৰ পৰাই আঁতৰাই নিছে।

ইয়াৰ বিপৰীতে প্ৰধানমন্ত্রী মোদীয়ে সর্বশক্তি প্রয়োগ কৰিছে আসন্ন ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ । এতিয়াও কমেও আঠমাহ সময় বাকী আছে যদিও প্রধানমন্ত্রীয়ে ক্ষমতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ ইতিমধ্যে নির্বাচনী যুঁজত জপিয়াই পৰিছে ।

তৃতীয়টো কার্যকালৰ বাবে ক্ষমতা দখল পূৰ্বৰ তুলনাত যথেষ্ট প্ৰত্যাহ্বানপূর্ণ হ’ব বুলি অনুধাৱন কৰিয়ে এনেদৰে আন সকলো সমস্যাক গুৰুত্বহীন কৰি নিৰ্বাচনত জয়লাভকে মূল লক্ষ্য কৰি লোৱা হৈছে।

২৬টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে মৰ্চা গঠন কৰাৰ পাছৰে পৰা প্ৰধানমন্ত্রী মোদীৰ অস্থিৰতা যেন বৃদ্ধি পাইছে। সেই বাবেই মণিপুৰৰ অবিৰত হিংসায়ো প্রধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাই।

মণিপুৰক সুৰক্ষা প্ৰদানত ৰাজ্য চৰকাৰ দেখদেখকৈ চূড়ান্তভাবে ব্যর্থ হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীয়ে সকাহ বিচাৰি কেন্দ্ৰক ব্যৱস্থাৰ কাতৰ অনুৰোধ জনাই আহিছে যদিও প্রধানমন্ত্ৰীৰ সঁহাৰি লাভ কৰা নাই। ৰাজ্যখনৰ শাসক দলৰ মন্ত্ৰী- বিধায়ক, বিৰোধী নেতৃত্ব, সমাজকর্মী, শিল্পী-সাহিত্যিকে প্রধানমন্ত্রীক সাক্ষাৎ কৰি পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছে যদিও মোদীয়ে তেওঁলোকক সাক্ষাৎ দিয়াৰ পৰা আশ্চর্যকভাৱে বিৰত আছে।

আনকি মণিপুৰৰ পৰা দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰি ৰাজ্যখনৰ বহু লোকে ৰাজধানী দিল্লীত ধর্ণা-অবস্থান কার্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে যদিও প্রয়োজনীয় সঁহাৰি লাভ কৰা নাই। ইয়ে স্পষ্টভাবে প্ৰমাণ কৰিছে যে ক্ষমতাৰ সৌধত অৱস্থান কৰা প্রধানমন্ত্রী মোদী তেনে কাতৰ আহ্বান অথবা নাগৰিকৰ ইচ্ছা-অনিচ্ছাৰ পৰা বহু আঁতৰত। ক্ষমতাৰ বলেৰে চৌপাশ এনেদৰে গঢ়ি তোলা হৈছে যে জনগণৰ দাবীক আওকাণ কৰিও তেওঁ অনায়াসে কাৰ্যনিৰ্বাহ কৰি যাবলৈ সক্ষম হৈছে।

এই কথাৰ ব্যাখ্যা নিষ্প্রয়োজন যে যিকোনো গণতান্ত্রিক দেশত নাগৰিকৰ ভোটৰ দ্বাৰাই চৰকাৰ নিৰ্বাচিত হয়। সেয়েহে গণতান্ত্রিক চৰকাৰক ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বাবে আখ্যা দিয়া হয়; কিন্তু প্ৰশ্নটো হৈছে, দেশত এতিয়া চৰকাৰ ৰাইজৰ বাবে হৈ আছেনে? ভোটাৰৰ সন্মুখত বিকল্পই বা আছে কি? মুষ্টিমেয় দলে সন্মুখত প্ৰক্ষেপ কৰা প্রার্থীকে নিজৰ প্ৰতিনিধিৰূপে নির্বাচিত কৰি পঠিয়াবলৈ বাধ্য সাধাৰণ জনতা।

যিহেতু প্রার্থী বাছনিৰ ক্ষেত্ৰত কোনো ধৰণৰ গণতান্ত্ৰিক ব্যবস্থা অথবা স্বচ্ছতা নাথাকে, সেয়েহে অপৰাধী, ভ্ৰষ্টাচাৰী, মিথ্যাচাৰীসকলৰ মাজৰ পৰাই এজনক নির্বাচিত কৰি ৰাজভোগ খাবলৈ আগবঢ়াই দিয়াতেই নাগৰিকৰ কৰ্তব্যৰ যেন অন্ত পৰে। গতিকে সাধাৰণ নাগৰিকে দৰাচলতে প্রতিনিধিজনক পৰোক্ষভাৱেহে নিৰ্বাচিত কৰি পঠিয়ায়। সততে দেখা যায় যে সমষ্টিবাসীয়ে নিবিচৰা সত্ত্বেও ব্যক্তি বিশেষক প্ৰাৰ্থীৰূপে ওপৰৰ পৰাই জাপি দিয়ে দলীয় নেতৃত্বই ।

এনে ক্ষেত্ৰত নোম-নেগুৰ নেদেখা প্রার্থীকো দল-বল আৰু ধন-বলৰ জোৰত নিৰ্বাচিত কৰিবলৈ বাধ্য হয় আৰু এনেদৰেই ক্ষমতাৰ সৌধত বহি থকাজনেই আমাৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰি দিয়ে । ভোটাধিকাৰ লাভৰ জৰিয়তে ক্ষমতাশালী বুলি কোৱা হ’লেও সাধাৰণ ভোটাৰ ৰাইজ কিন্তু প্ৰকৃততে ইভিএমৰ বুটাম টিপা যন্ত্ৰতহে পৰিণত হৈছে সংগোপনে।

এনেদৰেই ক্ষমতাৰ সৌধে মুষ্টিমেয় কেইজনমানৰ বাবে এখন পৃথক পৃথিৱীৰ সৃষ্টি কৰিছে, য’ত সৰহসংখ্যক শ্রমজীবী দেশবাসীৰ কোনো অৱস্থিতি নাই। এইখন পৃথিৱীত কেবল ক্ষমতাধিষ্ঠিত আৰু তেওঁলোকৰ ঘনিষ্ঠ পুঁজিপতি তথা মোচাহেবসকলৰহে স্থান।

গতিকে দেশৰ গৰিষ্ঠসংখ্যক শ্ৰমজীৱী জনগণৰ আশা-আকাংক্ষা এনে পৰিৱেশত পূৰণ নোহোৱাটোৱে স্বাভাবিক। সেই বাবে প্লেট’ অথবা মহাত্মা গান্ধীয়ে এনেদৰে ক্ষমতাৰ বিকেন্দ্ৰিকৰণৰ ওপৰত গুৰুত্ব দিছিল, যাতে প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত গৰিষ্ঠসংখ্যক জনতাই অংশগ্ৰহণৰ সুযোগ লাভ কৰে। গণতন্ত্র তেতিয়াহে সল হ’ব, যেতিয়া তাত গৰিষ্ঠসংখ্যক নাগৰিকৰ কণ্ঠত্বৰ প্ৰতিফলিত হ’ব।

যেতিয়ালৈ পূৰ্ণ পৰ্যায়ত ক্ষমতাৰ বিকেন্দ্ৰিকৰণ কৰা নহ’ব, তেতিয়ালৈ জনগণৰ আকাংক্ষিত ধৰণে এনেবোৰ গুৰুত্বপূর্ণ সমস্যাৰ সমাধান সম্ভব হৈ নুঠে। কিন্তু দেখাত গণতান্ত্রিক পৰম্পৰা অনুসৰণ কৰা বুলি কোৱা হ’লেও কার্যক্ষেত্ৰত ই ৰূপায়ণ হৈছে নে সেয়া দেশবাসীৰ সন্মুখত প্ৰশ্নহে হৈ আছে।

ফোন : ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Manipur ViolencePM Narendra ModiThe Beautiful WorldUN SECRETARY GENERAL ANTONIO GUTERRES
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

October 12, 2026
মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে
India

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

October 12, 2026
ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী
India

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

October 12, 2026
যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান
India

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d