Dr.Hiren Gohain:
অসম চৰকাৰে ৰাজ্যৰ স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলত বাস কৰা খিলঞ্জীয়া তথা অসমীয়া লোকক মাৰণাস্ত্ৰ ৰখাৰ ‘অনুজ্ঞাপত্ৰ অগ্ৰাধিকাৰৰ ভিত্তিত প্ৰদান কৰিব বুলি বুধবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ঘোষণা পিছতে গৰজি উঠিল বৰ্ষীয়ান বুদ্ধিজীৱী ড: হীৰেন গোঁহাই ৷
বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব সংশোধনী [ক) বিৰোধী সমন্বয় সমিতিৰ বেনাৰত অনুষ্ঠিত এক সংবাদমেলত বৰ্ষীয়ান বুদ্ধিজীৱী গৰাকীয়ে কয়,’জনতাৰ হাতত বন্দুক তুলি দিবলৈ চৰকাৰে লোৱা সিদ্ধান্ত অতিকৈ হঠকাৰী কাৰ্য ৷ এই কাৰ্যৰ জৰিয়তে ফেচিষ্ট চৰকাৰ খনে ৰাজ্য খন অস্থিৰ কৰিবলৈ বিচাৰিছে ৷
আনহাতে শেহতীয়াকৈ কিছুদিন ধৰি আৰক্ষীয়ে ৰাজ্যৰ চৌদিশে ‘বিদেশী বিতাড়ণৰ নামত প্ৰকৃত ভাৰতীয় লোকক আটক কৰাটো অতি দুৰ্ভাগ্যজনক কথা ৷ ইয়াৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগ আৰু আদালতলৈ যাব লাগে’ ৷ প্ৰয়োজন হ’লে চৰকাৰৰ বিৰুদ্ধে ব্যাপক আন্দোলনৰ গঢ়ি তোলাৰ বাবে আহ্বান জনাই দল- সংগঠনক ৷
ড:গোঁহাই- এ এপিচিচি নতুন সভাপতি হিচাপে দায়িত্ব পোৱা গৌৰৱ গগৈলৈ অভিনন্দন জনাই কেতবোৰ পৰামৰ্শও আগবঢ়াই৷ আনহাতে নগাঁৱৰ কামপুৰত সাংবাদিক নিগৃহিত সন্দৰ্ভত কঠোৰ ভাষাৰে সমালোচনা কৰি এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি দিয়ে আৰক্ষী প্ৰশাসনক ৷






























