Heroin Seized In South Dhalai:
ৰাইজৰ তৎপৰতাত কৰায়ত্ত দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। ধলাই থানাৰ অন্তৰ্গত দক্ষিণ ধলাইৰ ভগাশ্বেৰখান পথৰ খাছপুৰ শিৱ মন্দিৰৰ সমীপত সন্দেহজনক অৱস্থাত স্থানীয় ৰাইজে কৰায়ত্ত কৰে দুজন মিজো যুৱকক ৷ পিছত ধলাই আৰক্ষীৰ হাতত গতাই দিয়ে ৰাইজে ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা বুজন পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰা হয়।
আৰক্ষী সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি , মিজোৰামৰ কালাশ্বিপ জিলাৰ ভাইৰেংটি থানা এলেকাৰ অন্তৰ্গত চাইপাইৰ বাসিন্দা ২৫ বছৰীয়া ৰোথাছ কিমা আৰু ৩২ বছৰীয়া জেমছ লুলৰিনমাউয়া। তেওঁলোকৰ পৰা ২৫টা সৰু সৰু কন্টেইনাৰত ভৰোৱা ১১.৬৩ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হয়।
আৰক্ষীৰ প্ৰাথমিক জেৰাত আটকাধীন সৰবৰাহকাৰী দুজনে ভগাবাজাৰৰ এজন ব্যৱসায়ীৰ পৰা এই ড্ৰাগছ সংগ্ৰহ কৰা বুলি স্বীকাৰোক্তি দিয়ে । ধলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনৰ বিৰুদ্ধে মাদক দ্ৰব্য নিয়ন্ত্ৰণ আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।






























