CDPO Scam:
আয়ৰ বিপৰীতে ৪৫৬ শতাংশ অধিক সম্পত্তি ৰাজ্যত দুর্নীতিকাৰীৰ ইমানেই পয়োভৰ হৈছে যে শিশুৰ উন্নয়নৰ বাবে আবণ্টিত পুঁজিও সোঁৱে-বাঁরে লুণ্ঠন কৰি ব্যক্তিগত সম্পত্তিৰ পাহাৰ গঢ়িছে একো একোজন বিষয়াই। তেনে এজন বিষয়া সূর্য বৰুৱাৰ বিৰুদ্ধে বুধবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বিশেষ আদালতত অভিযোগনামা দাখিল কৰো।
মুঠ ৩,১৯২ পৃষ্ঠাৰ অভিযোগনামাত উল্লেখ কৰা হৈছে যে সম্প্রতি গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ থকা বিষয়াজনে তেওঁৰ বৈধ আয়ৰ তুলনাত ৪৫৬ শতাংশ অধিক সম্পত্তি আহৰণ কৰে। উল্লেখ্য যে কোকৰাঝাৰৰ দেৱীতোলাত সমাজ কল্যাণ বিভাগৰ চিডিপিঅ’ হিচাপে কৰ্মৰত হৈ থকা সূর্য বৰুৱাৰ বিৰুদ্ধে কেলেংকাৰিৰ বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছিল। তাৰ ভিত্তিত প্রাথমিক অনুসন্ধান চলাই অভিযোগৰ সত্যতা লাভ কৰাত নিজৰ আৰক্ষী থানাত যোৱা ছয় এপ্ৰিলত এটা গোচৰ ৰুজু কৰে।
সেই গোচৰৰ ভিত্তিত সূৰ্য বৰুৱাক গ্ৰেপ্তাৰ কৰা হয় আৰু কেলেংকাৰিৰ অভিযোগৰ বিস্তৃত তদন্ত আৰম্ভ কৰে তদাৰকী শাখাটোৱে। আজি সেই গোচৰটোৰ অভিযোগনামা দাখিল কৰা হয়। বিষয়াজনৰ লগতে তেওঁৰ পত্নীকো অভিযোগনামাত সাঙোৰা হৈছে। সূৰ্য বৰুৱাৰ পত্নীৰ নাম হ’ল মধুস্মিতা সন্দিকৈ ৰুৱা। অভিযোগনামাত উল্লেখ কৰা হৈছে মূলতঃ শিশুৰ উন্নয়নৰ বাবে আবণ্টিত পুঁজিৰ ব্যাপক লুণ্ঠন চলাই আহিছে সূর্য বৰুৱাই। লুণ্ঠন কৰা ধনৰ এটা বৃহৎ অংশ তেওঁ ব্যৱসায়ত বিনিয়োগ কৰিছিল।
বিশেষকৈ স্থাৱৰ সম্পত্তিৰ ক্রয়-বিক্রয়ৰ লগত তেওঁ জড়িত। আনকি এপার্টমেন্ট নিৰ্মাণৰ ব্যৱসায়তো তেওঁ জড়িত। তদন্তত এই কথা স্পষ্ট হয় যে বিগত ২০১৪ত চৰকাৰী চাকৰিত যোগদান কৰাৰ পাছৰে পৰা তেওঁৰ সম্পত্তিৰ দ্রুত প্ৰসাৰ হয়। অভিযোগনামাত উল্লেখ কৰা অনুসৰি, আয়ৰ বিপৰীতে তেওঁৰ অতিৰিক্ত সম্পত্তিৰ পৰিমাণ হ’ল ৩৯,০৯,৫৫,৯৮৩ টকা।
এয়া নথিপত্ৰৰ পৰা পোৱা হিচাপহে বুলিও উল্লেখ কৰা হৈছে। সম্পত্তিৰ এই পৰিমাণৰ লগত তেওঁৰ বৈধ আয়ৰ উৎসৰ সামঞ্জস্য নাই বুলিও তাত মন্তব্য কৰা হৈছে। অর্থাৎ মাত্র ১০ বছৰৰ ভিতৰতে সূৰ্য বৰুৱাই এই বৃহৎ পৰিমাণৰ সম্পত্তি আহৰণ কৰিবলৈ সক্ষম হয়। তদাৰকী শাখাই ৫৮ দিনৰ ভিতৰত গোচৰটোৰ তদন্ত প্রক্রিয়া সম্পন্ন কৰে।