Terrible landslides in Guwahati:
অপৰিকল্পিতভাৱে মহানগৰ গঢ়ি তোলা, গছ-গছনি ধ্বংস কৰা তথা চৰকাৰ-ৰাইজ সকলোৰে অৱহেলাত বাৰিষা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মৰণফান্দত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হোৱা বুলি চর্চা হৈছে ৷ ইয়াৰ মাজতে শনিবাৰে মহানগৰীৰ ৰূপনগৰত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন ৷ দুটা পৰিয়ালৰ ঘৰৰ ওপৰত খহি পৰে প্ৰকাণ্ড শিল ৷
১০-১২ ফুটৰ ওপৰৰ পাহাৰৰ শিল-মাটি খহি ভাঙি মুহূৰ্ততে চূৰমাৰ হয় দুটা বাসগৃহ ৷ ধ্বংসস্তূপত পৰিণত বিনয় সিং আৰু ৰেণু বমনৰ বাসগৃহ ৷ এতিয়াও ধ্বংসস্তূপত মাজত এজন লোক আবদ্ধ আছে ৷ আবদ্ধ হৈ থকা লোকজনৰ নাম মনেশ্বৰ ৰাজবংশী ৷
আনহাতে ঘটনাস্থলীত ভঙাগড় আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ চাৰিটা হাতী সমান জোখৰ বৃহাদাকাৰ শিল ভাঙিবলৈ ব্যৱহাৰ কৰা হৈছে ড্রিলিং মেছিন ৷
উল্লেখযোগ্য বিগত সপ্তাহত দিয়া মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ ভূস্খলন প্রৱণ পাহাৰীয়া অঞ্চলসমূহ বিপজ্জনক হৈ পৰিছে। ইতিমধ্যে চৰকাৰীভাবে কেতবোৰ অঞ্চলক ভুস্খলন প্রৱণৰূপে চিহ্নিত কৰা হৈছে। এই স্পৰ্শকাতৰ অঞ্চলসমূহৰ মাজত শীর্ষত আছে চুণচালি পাহাৰ। এই পাহাৰত ৭৭ টা স্থান স্পর্শকাতবরূপে চিহ্নিত কৰা হৈছে। তাৰ পাছতে নুনমাটিত ৪০ টা, খানাপাৰাত ৩৩ টা, নাৰেংগীত ৩১ টা আৰু হেঙেৰাবাৰীত ৩০ টা স্থান স্পর্শকাতৰৰূপে চিহ্নিত হৈছে।
বিপজ্জনক স্থানৰ তালিকাত কাহিলীপাৰাৰ ২৫ টা, শান্তিপুৰৰ ২০ টা আৰু নৰকাসুৰ পাহাৰৰ কে’বাটাও স্থান আছে। তদুপৰি গড়ভাংগাত নটা, মালিগাঁৱত আঠটা, কালাপাহাৰত সাতটা আৰু গোটানগৰ আৰু নৱগ্রহত ছটাকৈ স্পর্শকাতৰ স্থান আছে। একেদবে ফটাশিল, কামাখ্যা-নীলাচল আৰু কইনাধৰাতো পাঁচটাকৈ স্পর্শকাতৰ স্থান আছে। তদুপৰি জালুকবাৰী-লংকেশ্বৰত দুটা আৰু শুক্লেশ্বৰত এটা স্পর্শকাতৰ স্থান আছে। অপৰিকল্পিত নির্মাণ কার্য তথা পৰিবেশ তথা প্রকৃতি ধ্বংসৰ ফলত মহানগৰীৰ বিভিন্ন স্থান বাৰিষা বিপজ্জনক হোৱা বুলি চর্চিত হৈছে।