Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

লক্ষ্য সংখ্যালঘুৱেই !

# প্রাঞ্জলসেন ডেকা

publisher by publisher
June 9, 2025
in News, Assam
Reading Time: 1 min read
0
লক্ষ্য সংখ্যালঘুৱেই !
2
SHARES
17
VIEWS
ShareShareShareShare

লক্ষ্য সংখ্যালঘুৱেই !

# প্রাঞ্জলসেন ডেকা

সংখ্যালঘু ভোট পুনৰ অসমৰ নিৰ্বাচনী ৰাজনীতিৰ অন্যতম কেন্দ্রবিন্দুত পৰিণত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। ২০১৪ ত কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ আগমনৰ পাছৰে পৰা সংখ্যালঘু ভোটকেন্দ্রিক ৰাজনীতিৰ ধাৰা যথেষ্ট পৰিমাণে স্তিমিত হৈ পৰিছিল।

ADVERTISEMENT

অসমতো সংখ্যাগুৰুৰ ভোটৰ ওপৰতে নিৰ্ভৰ কৰি ক্ষমতা দখলৰ এক নতুন ধাৰা পৰিলক্ষিত হৈছিল ২০১৬ত সর্বানন্দ সোণোৱালৰ চৰকাৰ গঠনৰ দ্বাৰা। সেই ধাৰাকে শক্তিশালী প্রমাণ কৰিবলৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ দুটাকৈ কাৰ্যকালত অসমত প্ৰথমবাৰৰ বাবে শাসক পক্ষত এজনো সংখ্যালঘু মন্ত্রী-বিধায়কক স্থান দিয়া হোৱা নাই। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আনকি ইতিপূর্বে একাধিকবাৰ ‘মিঞাৰ ভোট নালাগে’ বুলি ঘোষণা কৰাতে ক্ষান্ত নাথাকি পূর্ববংগীয় মুছলমানসকলক সততে ৰাজহুৱাভাৱে নানা তুচ্ছ-তাচ্ছিল্য কৰি বিতৰ্কৰ সূত্রপাত ঘটাই থৈছে।

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

অৱশ্যে সংখ্যালঘুক ভোট বেংকৰূপে ব্যৱহাৰ কৰি তুষ্টিকৰণৰ ৰাজনীতি কৰি অহা কংগ্ৰেছৰ লালন-পালনতে শক্তিশালী হোৱা শৰ্মাই বিজেপিত নিজকে প্রমাণ কৰিবলৈ এনে ধৰণৰ আচৰণ কৰাটোত আচৰিত হ’বলগীয়া একো নাই। মুখেৰে লাগিলে যিয়েই নকওক, পৰিৱৰ্তিত ৰাজনৈতিক প্রেক্ষাপটত শেহতীয়াভাৱে সংখ্যালঘুৰ ভোট আদায়ৰ বাবে যে চৰকাৰে কৌশলৰে বিভিন্ন পদক্ষেপ হাতত লৈছে সেয়াও দিনে দিনে স্পষ্ট হৈছে।

বিশেষকৈ প্ৰথমে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ বিজয়ে হঠাতে পৰিস্থিতি সলনিৰ ইংগিত বহন কৰি আনে। সেই নিৰ্বাচনৰ আগলৈকে মুখ্যমন্ত্ৰীয়ে নিজৰ জনপ্রিয়তা তথা গ্রহণযোগ্যতা প্রমাণ কৰিবলৈ যোৰহাটতে আগন্তুক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বুলি প্ৰচাৰ চলাইছিল; কিন্তু গৌৰৱে সৃষ্টি কৰা প্ৰত্যাহ্বানে তেওঁৰ পৰিকল্পনাক অস্থিৰ কৰি তোলে। সোণোৱালৰ নেতৃত্বত দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পাছত তেওঁক বঞ্চিত কৰি শৰ্মা মুখ্যমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পৰিণতিত বিশেষকৈ উজনি অসমত বিজেপি দল আৰু চৰকাৰ নতুন প্রত্যাহ্বানৰ সন্মুখীন হ’ব বুলি বিভিন্ন মহলে ধাৰণা কৰিছিল; অৱশ্যে তাক পৰীক্ষা কৰাৰ কোনো সুযোগ নাছিল।

বিগত লোকসভা নির্বাচনে প্রমাণ কৰি দিলে যে উপযুক্ত প্রতিদ্বন্দ্বীৰ সমুখত সর্বশক্তি প্রয়োগ কৰিও এই মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপি সুৰক্ষিত নহ’ব পাৰে। গতিকে উজনি অসমত তেওঁৰ নেতৃত্ব ইতিমধ্যে সংশয়ৰ মাজত সোমাই পৰাটো আৰু লুকাই নাথাকিল। সেই বাবেই ১৪টা লোকসভা সমষ্টিৰ ১১ টাতে জয়লাভৰ পাছতো মুখ্যমন্ত্ৰীৰ শৰীৰত পৰাজয়ৰ ছবিয়েই জিলিকি উঠিছিল।

তাৰ পাছৰে পৰা উজনি অসমৰ মন জয় কৰিবলৈ তেওঁ কোনো প্রচেষ্টই বাদ দিয়া নাই। ‘প্লেন বি’ স্বৰূপে তাৰ সমান্তৰালভাৱে সংখ্যালঘুৰ ভোট লাভৰ বাবে তেওঁ বিভিন্ন কৌশলৰ আশ্রয় গ্রহণ কৰিছে। তাৰেই ফলস্বৰূপে শেহতীয়া পঞ্চায়ত নির্বাচনত যোৰহাট লোকসভা সমষ্টিকে ধৰি সংখ্যাগুৰু অঞ্চলত বিপুল জয়লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে সংখ্যালঘু অধ্যুষিত অঞ্চলতো আসন লাভ কৰি বিজেপিৰ বাবে এক নতুন দুৱাৰ মুকলি কৰে। বিধানসভা নির্বাচনলৈ মাত্র এবছৰ থকা অৱস্থাত লাভ কৰা এই বিপুল জয়ৰ ৰেশ মাৰ নৌযাওঁতেই প্রদেশ কংগ্ৰেছৰ সভাপতিৰূপে সাংসদ গৌৰৱ গগৈৰ নিযুক্তিয়ে মুখ্যমন্ত্ৰীৰ সন্মুখত আৰু এক গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে। বিশেষকৈ মুখ্যমন্ত্রীৰ বাবে ঠুনুকা হৈয়ে থকা উজনি অসমক লৈ তেওঁ উদ্বিগ্ন হোৱাটোৱে স্বাভাৱিক।

অভাৱনীয় ধন-জন তথা সাংগঠনিক শক্তিৰে সম্প্ৰতি শক্তিশালী হৈ উঠা বিজেপিৰ সমুখত বিৰোধী মানে ঘাইকৈ কংগ্রেছে বিশেষ প্রত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰিব বুলি একাংশ ৰাজনৈতিক পর্যবেক্ষকে ব্যাখ্যা দাঙি ধৰি আহিছে। কিন্তু ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি কোন মুহূর্তত সলনি হৈ যায়, তাক নিশ্চিতভাৱে কোৱাটো সহজ নহয়। গতিকে তেনে পৰিবৰ্তিত ৰাজনৈতিক প্রেক্ষাপট অনুসৰিয়ে ৰাজনৈতিক দল তথা নেতৃত্বই ৰণকৌশল সলনি কৰিবলৈ বাধ্য হয়। মুখ্যমন্ত্রীৰ বাবেও ইয়াৰ গত্যন্তৰ নাই।

উজনি অসমত প্ৰত্যাহ্বানৰ সম্মুখীন হ’লে বৰাক উপত্যকা আৰু নামনি অসম তেওঁৰ বিশেষ লক্ষ্য হৈ পৰাটো অৱধাৰিত। তাৰ লগে লগে সংখ্যালঘু ভোট আদায়ৰ বাবে অধিক তৎপৰ হৈ পৰাৰ সম্ভাৱনা পৰিস্ফুট হৈছে। ৰাজ্যৰ এক তৃতীয়াংশৰো অধিক ভোটাৰেই সংখ্যালঘু হোৱা হেতুকে তেওঁলোকক লৈ ৰাজনীতি হোৱাটো অস্বাভাৱিক নহয়; কিন্তু সংখ্যাগুৰুৰ ৰাজনীতিৰ ধাৰক-বাহক বুলি দাবী কৰা বিজেপিৰ শাসনত ই স্ববিৰোধী বুলিয়েই ক’ব লাগিব।

আনহাতে, সংখ্যালঘুৰ ভোট কংগ্ৰেছৰ বাবে সদায়ে গুৰুত্বপূর্ণ বিবেচিত হৈ আহিছে। অসমৰ নিৰ্বাচনী পথাৰত এআইইউডিএফৰ শক্তিশালী আত্মপ্রকাশে সংখ্যালঘু ভোটত কংগ্ৰেছৰ একাধিপত্য খর্ব কৰিবলৈ সক্ষম হ’লেও দলটোরে সক্রিয়তা তথা প্রচেষ্ট এৰি দিয়া নাই। ১৯৮৫ত সংযুক্ত সংখ্যালঘু মর্চা (ইউএমএফ) য়ো কংগ্ৰেছৰ এই ভোটবেংকত ভয়ংকৰ আঘাত হানিবলৈ সক্ষম হৈছিল যদিও সি দীর্ঘস্থায়ী নহ’ল। ইউএমএফৰ বিধায়ক-সাংসদসকলৰ অধিকাংশই পৰৱৰ্তী পর্যায়ত কংগ্ৰেছত চামিল হোৱাৰ বিপৰীতে আন একাংশই ৰাজনীতিৰ পৰাই ছত্রভংগ দিছিল। ৰাজ্যৰ অন্যতম বিত্তবান ব্যৱসায়ী পৰিয়ালৰ মুৰব্বী বদৰুদ্দিন আজমলৰ নেতৃত্বত এআইইউডিএফৰ শেষ পৰিণতি ইউএমএফৰ লেখীয়া নহ’ব বুলিয়ে ধাৰণা কৰা হৈছিল যদিও পৰিৱৰ্তিত পৰিস্থিতিত সংখ্যালঘু ভোট পুনৰ কংগ্রেছমুখী হোৱাটোৱে এই দলৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে।

বিগত লোকসভা নির্বাচনত ধুবুৰী লোকসভা সমষ্টিত দেশৰে অভিলেখ সংখ্যক ভোটত স্বয়ং আজমল কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ হাতত ধৰাশায়ী হোৱাটোৱে আগন্তুক সংখ্যালঘু ৰাজনীতিৰ এক দিশ নির্দেশনা প্রকট কৰি তুলিছিল। দৰাচলতে ৰাজ্যৰ ক্ষমতাত কংগ্রেছ অধিষ্ঠিত হৈ থাকিলেহে যে আজমল তথা এআইইউডিএফৰ ৰাজনীতি শক্তিশালী হয়, সেয়াও একপ্ৰকাৰ স্পষ্ট হৈছে।

এনে পৰিপ্ৰেক্ষিতত কংগ্রেছমুখী সংখ্যালঘু ভোট ভাঙিবলৈ অখিল গগৈৰ জৰিয়তে এক পৰীক্ষামূলক প্রচেষ্ট চলোৱা হ’ল যদিও বিধানসভা নির্বাচনত ই সুফল দিব পাৰিব বুলি আশা কৰা ধৰণৰ পৰিৱেশ পৰিলক্ষিত হোৱা নাই। তদুপৰি আগন্তুক বিধানসভা নির্বাচনত অখিল গগৈয়ে শিৱসাগৰত নিজৰ আসন অক্ষুণ্ণ ৰাখিবলৈকে সমস্ত শক্তি প্রয়োগ কৰিবলগীয়া হ’ব। অখিল বিগত নির্বাচনৰ দৰে বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্রার্থী হ’লে বিজেপিৰ পৰা যথেষ্ট কঠিন প্রতিদ্বন্দ্বিতাৰ সন্মুখীন হ’ব লাগিব আৰু অন্যথা বিজেপি তথা কংগ্ৰেছ উভয়ৰে বিৰুদ্ধে যুঁজ দিবলগীয়া হ’লে পৰিস্থিতি অধিক জটিল হ’ব পাৰে। তেনে এক সম্ভাব্য পৰিৱেশত তেওঁ নিজৰ সমষ্টি এৰি সংখ্যালঘু অঞ্চলত কংগ্ৰেছৰ ভোট ভাঙিবলৈ যোৱাৰ অৱকাশ পাব নে সেয়াই লক্ষ্যণীয় হ’ব।

২০১৬ত ক্ষমতাচ্যুত হোৱাৰ পাছৰে পৰা বিভিন্ন দিশত কংগ্রেছ দিনে দিনে দুর্বল হৈ পৰাৰ সমান্তৰালভাৱে ইয়াৰ পৰম্পৰাগত ভোটাৰ সকলো আঁতৰি যাবলৈ ধৰে। বিগত প্রায় এক দশকত বিজেপিৰ সৰ্বানন্দ সোণোৱাল অথবা হিমন্ত বিশ্ব শর্মাক পোনপটীয়াকৈ প্রত্যাহ্বান জনাব পৰা নেতা কংগ্ৰেছ নেতৃত্বত নাছিল। গতিকে দলৰ সমৰ্থক সকলো ক্রমাৎ ছেদেলি-ভেদেলি হৈ পৰাৰ উপক্রম হয়। কিন্তু সম্প্রতি গৌৰৱ গগৈ কংগ্ৰেছৰ নেতৃত্বত অধিষ্ঠিত হোৱাৰ লগে লগে দলীয় নেতা-কর্মী তথা সমর্থকসকলৰ মাজত প্রাণ সঞ্চাৰিত হৈছে। উজনিৰ পৰা নামনিলৈ দোদুল্যমানতাত ভুগি থকা কংগ্রেছীসকলে এঘড়ী যুঁজ দিয়াৰ কথাটো মনলৈ আনিবলৈ সাহস পাইছে। নির্বাচনলৈ এইসকল দলীয় নেতা-কর্মী-সমৰ্থকক গৌৰৱ গগৈয়ে কিদৰে সংগঠিত কৰি আগবঢ়াই নিয়ে, তাৰ ওপৰতে তেওঁৰ নেতৃত্বৰ দক্ষতা প্রমাণিত হ’ব।

গতিকে পৰিৱেশে সৃষ্টিকৰা প্ৰত্যাহ্বানৰ মোকাবিলাৰ বাবে মুখ্যমন্ত্ৰীৰ নতুন ৰণকৌশলৰ অন্যতম যে সংখ্যালঘুৰ ভোট আদায়ৰ প্ৰচেষ্ট হ’ব, তাত সন্দেহ নাই। সেই বাবেই সংখ্যালঘু ভোটলৈ লক্ষ্য কৰি দুই ধৰণৰ কৌশল একে সময়তে ৰূপায়ণ কৰা হৈছে। এফালে চাপ সৃষ্টি আৰু আনফালে তুষ্টিকৰণ।

এনআৰচিত নাম অন্তর্ভুক্তিকৰণৰ পৰা আৰম্ভ কৰি অবৈধ বিদেশীৰ সন্দেহত আকস্মিকভাৱে বিতাড়নলৈকে বিভিন্ন কাৰণত পূর্ববংগীয় মুছলমানসকলৰ ওপৰত এক ধৰণৰ ভীতিগ্রস্ততাৰ সৃষ্টি কৰা হৈছে। যোৱা মে’ত ৰাজ্যৰ কে’বাখনো জিলাৰ পৰা কিছুসংখ্যক লোকক স্পষ্টভারে কোনো কথা অৱগত নকৰাকৈয়ে আৰক্ষীয়ে ধৰি নিয়ে। পাছত তেওঁলোকক আন্তর্জাতিক সীমান্ত পাৰ কৰি বলপূর্বক বাংলাদেশলৈ ঠেলি পঠিওৱা হয়। ইয়াৰ মাজত আনকি চৰকাৰী বিদ্যালয়ৰ শিক্ষকো আছে। সেইসকল পুৰুষ-মহিলাই ভাৰত বাংলাদেশৰ মাজৰ ‘ন’ মেনছ লেণ্ড’ত মহ-জোক আদিৰে পৰিপূৰ্ণ একাঁঠু বোকাৰ মাজত দুদিন বা ততোধিক সময় অনাহাৰে-অনিদ্রাই কটাবলগীয়া হয়।

পাছত তেওঁলোকক পুৰণি কাৰাগাৰ সদৃশ স্থানত ৰখাৰ পাছত বাংলাদেশৰ বিষয়াই পুনৰ সীমান্তলৈ আনি ভাৰতীয় বিষয়াক গতাই দিয়ে। তাৰ পৰা তেওঁলোক অৱশেষত নিজ গৃহত উপস্থিত হয়। কি কাৰণে সেইসকল লোকক তেনেদৰে বাংলাদেশলৈ ঠেলি পঠিওৱা আৰু পাছত ঘূৰাই অনা হ’ল, সেই বিষয়ে অসম চৰকাৰ অথবা কেন্দ্ৰীয় চৰকাৰৰ কোনো সংস্থাৰ তৰফৰ পৰাই কোনো কথা প্রকাশ কৰা হোৱা নাই।

এনেদৰে বিতাড়িত কিছু সংখ্যক লোক অসমৰ বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী ঘোষিত হ’লেও তেওঁলোকে তাৰ বিৰুদ্ধে কৰা আবেদন উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। বাংলাদেশ প্রশাসনৰ বিষয়াই সদৰী কৰিছে যে যোৱা মে’ত প্রায় ১২শ লোকক অবৈধভাবে সেই দেশলৈ ঠেলি পঠিয়াইছে ভাৰতে। অৱশ্যে এই সকলোখিনি অসমৰ নহয়। ইয়াৰে কমেও এশজনক ভাৰতীয় হোৱা বাবে বাংলাদেশে ঘূৰাই পঠিয়াইছে বুলিও বিষয়াজনে সদৰী কৰে।

দেশৰ কে’বাখনো ৰাজ্যত শেহতীয়াভাৱে বাংলাদেশৰ পৰা প্ৰৱেশ কৰা ৰহিংগা মুছলমানৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে আৰু ইয়াৰে একাংশক আটক কৰি সীমান্তইদি সেই দেশলৈ ঠেলি পঠিওৱা হৈছে। কিন্তু এই সমগ্র প্রক্রিয়াটো বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশৰ সমস্যাটোৰ সমাধান সূত্র যে নহয় তাক আৰু কোনেও নুবুজাকৈ থকা নাই। সময়ে সময়ে এনে ধৰণৰ ‘ষ্টণ্ট’ প্ৰদৰ্শন কৰি দেশবাসীৰ চকুত ধূলি দিয়াৰ কৌশলহে ৰূপায়ণ কৰা হৈছে। লক্ষ লক্ষ অবৈধ বিদেশী থকা বুলি দাবী কৰি অহা অসমৰ পৰা এনেদৰে দুই-চাৰিজন লোকক কোনো কথা নজনোৱাকৈ পৰিয়ালৰ পৰা ধৰি নি সীমান্তৰ সিপাৰে ঠেলি পঠিওৱা ঘটনাই পূর্ববংগীয় মুছলমানসকলৰ মাজত স্বাভাৱিকতে আতংকৰ সৃষ্টি কৰিবলৈ লৈছে।

এনেদৰে চাপ সৃষ্টি কৰি সংখ্যাগুৰুৰ সমুখত জাতি-মাটি-ভেটিৰ ত্ৰাণকৰ্তাৰ ভাও দিয়া হৈছে। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন আঁচনিৰ জৰিয়তে সংখ্যালঘুসকলক উপকৃত কৰা হৈছে। এনেদৰেই সংখ্যালঘুসকলক আকৰ্ষণৰ কৌশল গ্রহণ কৰা হৈছে। অসমৰ জাতি-মাটি-ভেটিৰ প্রতি প্রত্যাহ্বানৰূপে চিহ্নিত কৰি অহা লোকসকলকে এনেদৰে উপকৃত কৰাৰ লগতে দললৈ আদৰি আনি পঞ্চায়ত নির্বাচনত প্রার্থিত্ব প্রদান কৰাক লৈ বিজেপিৰ উপৰি ইয়াৰ অভিভাৱক সংগঠন আৰ এছ এছৰ মাজতো অসন্তুষ্টিৰ সৃষ্টি নোহোৱাকৈ থকা নাই।

ইয়াৰ জৰিয়তে সংখ্যালঘু ভোটাৰলৈ বাৰ্তা দিব বিচৰা হৈছে যে কংগ্ৰেছমুখী হোৱাৰ পৰিৱৰ্তে বিজেপিৰ স’তে থাকি চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হওক, অন্যথা বিদেশীৰ নামত হাৰাশাস্তি ভোগ কৰিবলৈ সাজু থাকক। নির্বাচন চমু চাপি অহাৰ লগে লগে এনেদৰেই বিজেপি চৰকাৰৰ কাৰ্যকালতে সংখ্যালঘু ভোটৰ ৰাজনীতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। আগন্তুক সময়ছোৱাত ই ৰাজ্যৰ ৰাজনীতিৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰাৰ সম্ভাৱনাও প্রকট হৈছে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Minority IssuesPranjalsen Dekaspl Articls
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d