Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Raja Raghuvanshi’s horrific murder Update: ৰাজা ৰঘুবংশী লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্তক ৮ দিনৰ আৰক্ষী জিন্মাত

জেৰাত ৰাজাক হত্যাৰ কথা স্বীকাৰ অভিযুক্ত সোনমৰ, দুসপ্তাহৰ ভিতৰতে কেনেদৰে হত্যাকাণ্ড সংঘটিত কৰিলে ?

publisher by publisher
June 12, 2025
in News, Crime, India
Reading Time: 3 mins read
0
Raja Raghuvanshi’s horrific murder Update: ৰাজা ৰঘুবংশী লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্তক ৮ দিনৰ আৰক্ষী জিন্মাত
1
SHARES
14
VIEWS
ShareShareShareShare

Raja Raghuvanshi’s horrific murder Update:

স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰোৱাৰ কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে সোনম ৰঘুবংশীয়ে। আনহাতে সোনমৰ প্ৰেমিক সহ আন তিনি ভাড়াতীয়া ঘাতকক আজি শ্বিলঙৰ এখন আদালতত হাজিৰ কৰে শ্বিলঙ আৰক্ষীয়ে ৷ আৰক্ষীয়ে অভিযুক্তক ৯ দিনৰ জিন্মাত বিচাৰে যদিও আদালতে ৮ দিনৰ জিন্মাত দিয়ে ৷

ADVERTISEMENT

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ পৰা মঙলবাৰে নিশা অভিযুক্তগৰাকীক লৈ মেঘালয় আৰক্ষীৰ দল শ্বিলঙত উপস্থিত হয়। সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাড়াতীয়া ঘাতকৰ দ্বাৰা স্বামীক নিঃশেষ কৰোৱাৰ কথা সোনমে হত্যাকাণ্ডক আন ৰূপ দিবলৈ নাটক মঞ্চস্থ কৰে। অতি পৰিকল্পিতভাৱে স্বামীক ভাড়াতীয়া ঘাতকৰ দ্বাৰা হত্যা কৰোৱাই মৃতদেহ প্ৰকৃতিৰ ৰম্যপুৰী ওৱেইছাউদং জলপ্রপাতৰ ওচৰৰ এটা খাৱৈত পেলাই দিয়ে।

RelatedPosts

Zubeen Garg Case:কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতত আজি হ’ব জুবিন গাৰ্গ মৃত্যু গোচৰত অভিযুক্তৰ জামিন আবেদনৰ শুনানি

Judicial Custody: ষট পূজাৰ বন্ধৰ এদিনৰ পূর্বেই আদালতত হাজিৰ জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ৫ অভিযুক্তক

Baska Situation:ক্ৰমাৎ অগ্নিগৰ্ভা পৰিস্থিতি বাকসাত

এক ন ঘণ্টীয়া ‘অভিযান’ৰ অন্তত ২৯ বছৰীয়া ৰাজাক সোনমে ইহজগতৰ পৰা আঁতৰাই পঠিয়ায়। অৱশ্যে দেশৰ আইন বা অপৰাধ বিচাৰ প্ৰক্ৰিয়া অনুসৰি অভিযুক্তই জেৰাত আৰক্ষী বিষয়াৰ ওচৰত প্ৰকাশ কৰা স্বীকাৰোক্তি আদালতে গ্রাহ্য নকৰে। অভিযুক্তৰ এনে ভাষ্যৰ সাক্ষ্যমূল্য থাকিবলৈ হ’লে তেওঁৰ ভাষ্য এজন দণ্ডাধীশৰ আগত বাণীবদ্ধ কৰিব লাগিব।

sonam 1উল্লেখ্য যে মধুচন্দ্রিকা বুলি শ্বিলঙলৈ অহা মধ্য প্রদেশৰ এই নৱ দম্পতীক শেষবাৰৰ বাবে একেলগে যোৱা ২৩ মে’ত মেঘালয়ৰ নংগ্ৰীয়াত গাঁৱৰ ওচৰত ট্রেকিং কৰাৰ সময়ত প্রত্যক্ষ কৰা হয়। উক্ত স্থানত দুয়োকে ট্রেকিং কৰি থকাৰ সময়ত প্রত্যক্ষ কৰে স্থানীয় গাইডে। পাছদিনা তেওঁলোকে ভাড়াত লোৱা এখন স্কুটী ছোহৰাৰিমত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়। অৱশ্যে স্বামীক ভাড়াতীয়া ঘাতকৰ দ্বাৰা নিঃশেষ কৰোৱাৰ পাছত ঘটনাক আন ৰূপ দিবলৈ চেষ্টা চলায়ো সফল নহ’ল অভিযুক্ত সোনম। স্বামীক নিঃশেষ কৰোৱাৰ পাছত পলায়ন কৰা সোনমে যোৱা সাত জুনত উত্তৰ প্ৰদেশত আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা ১১ মে’ত মধ্য প্ৰদেশৰ ইন্দোৰত ৰাজা আৰু সোনম বিবাহপাশত আবদ্ধ হয়। পাছত মধুচন্দ্রিকা কটাবলৈ বুলি দুয়ো যোৱা ২১ মে’ত শ্বিলঙত উপস্থিত হয়। শ্বিলঙত উপস্থিত হোৱাৰ পাছতে তেওঁলোকে বালাজী গেষ্ট হাউছ নামৰ অতিথিশালাত উঠে। পিছদিনা কীটিং ৰোডৰ পৰা এখন স্কুটী ভাড়াত লৈ নৱ-দম্পতীয়ে ছোহৰা (চেৰাপুঞ্জী) লৈ ফুৰিবলৈ যায়।

দেশজুৰি তোলপাৰ লগোৱা ৰাজা হত্যাৰ তদন্তৰ বাবে মেঘালয় আৰক্ষীয়ে গঠন কৰা বিশেষ অনুসন্ধানকাৰী দল (এছআইটি)ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আৰক্ষীৰ চকুত ধূলি দিবলৈ সোনমে ইন্দোৰৰ পৰা তিনিজন ভাড়াতীয়া ঘাতক আনি স্বামীক হত্যাত নিয়োজিত কৰে। এই লোক তিনিজনৰ নাম আকাশ, আনন্দ আৰু বিকাশ বুলি এছআইটি সূত্রই প্রকাশ কৰিছে। চিচি টিভি ফুটেজ, ৰেলৰ টিকট আৰু আধাৰ কাৰ্ডৰ ফটো কপিয়ে এই লোককেইজনৰ পৰিচয় আৰু চালচলন উদ্ধাৰত তদন্তকাৰীক সহায় কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, পৰ্যটকৰ বেশ ধৰি যোৱা ২৩ মে’ত এই ঘাতককেইজনে নৱ দম্পতীক সাক্ষাৎ কৰি তেওঁলোকৰ স’তে ফুৰিবলৈ লয়। স্থানীয় ট্যুৰিষ্ট গাইড এলবার্ট পিডেই তদন্তকাৰীক জনোৱা মতে, তেওঁ শ্বিলং-চেৰাপুঞ্জীত ফুৰা-চকাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগবঢ়োৱা প্ৰস্তাৱ তেওঁলোকে নাকচ কৰে। ট্যুৰিষ্ট গাইডজনে লগতে প্ৰকাশ কৰা অনুসৰি, সোনম আৰু ৰাজাৰ স’তে এই লোককেইজনে যোগ দিয়াৰ পাছত তেওঁলোকে হিন্দীত কথা-বতৰা পাতিবলৈ ধৰে আৰু অধিক দুর্গম স্থানলৈ যাবলৈ আগ্রহ প্রকাশ কৰে। সেই অনুসৰি তেওঁলোকে সচৰাচৰ পৰ্যটকৰে ভৰি থকা স্থান এৰি বিপজ্জনক পথৰে অধিক দুর্গম স্থানলৈ যায়।

# কেনেদৰে হত্যা কৰিলে ৰাজা ৰঘুবংশীক

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ট্রেকিঙৰ সময়ত সোনমে ইচ্ছানুসৰি স্বামীৰ পৰা পিছ পৰি থাকে। এনেদৰে স্বামীক হত্যাৰ সুযোগ ঘাতকক দি তেওঁ’ ‘তাক হত্যা কৰা’ বুলি ঘাতকৰ দলটোক উদ্দেশ্যি চিঞৰে। লগে লগে তিনিজনীয়া ঘাতকৰ দলটোৰ এজনে এখন চোকা অস্ত্ৰৰে ৰাজাক আঘাত কৰে। তেতিয়া আনকেইজনেও ৰাজাক আক্রমণ কৰে আৰু তেওঁৰ মূৰ আৰু গলত আঘাত কৰে। তাৰ পাছতে ঘাতকৰ দলটোৱে ৰাজাৰ মৃতদেহ খাৱৈৰ কাষলৈ চোঁচৰাই আনি তললৈ পেলাই দিয়ে।

sonam 2মৃতদেহ লুকুওৱাৰ ক্ষেত্ৰত আৰু হত্যাৰ চিনমোকাম নোহোৱা ক্ৰাৰ ক্ষেত্ৰত সোনমে ঘাতকৰ দলক সহায় কৰে। ৰাজাৰ মৃতদেহ খাৱৈত পেলাই দিয়াৰ পাছতে সোনমে ঘটনাস্থলী ত্যাগ কৰি এখন টেক্সী ভাড়া কৰি শ্বিলঙলৈ আহে। তাৰ পাছত তেওঁ গুৱাহাটীত উপস্থিত হৈ ৰে’লত উঠি ইন্দোৰলৈ যাত্ৰা কৰে।

আনহাতে, তিনিজনীয়া ঘাতকৰ দলটো সুকীয়া ভাগত বিভক্ত হৈ গুৱাহাটী হৈ পলায়ন কৰে। অৱশেষত তেওঁলোক মধ্য প্রদেশলৈ ঘুৰি যায়। সূত্ৰই প্ৰকাশ কৰা অনুসৰি, যোৱা ২৩ মে’ত নৱ দম্পতী শ্বিলঙত উপস্থিত হোৱাৰ আধা ঘণ্টাৰ পাছতে ট্রেকিং কৰিবলৈ চেৰাপুঞ্জীলৈ যায়। সোনমে ভাড়াত অনা তিনিজনীয়া ঘাতকৰ দলটোৱে নৱ দম্পতী উঠা অতিথিশালাৰ ওচৰতে এক হোম ষ্টেত আছিল। ঘাতকৰ দলটোৰ সাক্ষাৎ পোৱালৈ সোনম আৰু ৰাজাই প্রায় দুহেজাৰ খাপ ট্রেকিং কৰে। ঘাতকৰ দলটোৰে দুয়োৰে সাক্ষাৎ হোৱাৰ সময়ত ২৩ মে’ৰ নিশা ১০ বাজিছিল।

# নিশা ১২-৩০ বজাত শাহুৱেকলৈ ফোন কৰিছিল সোনমে

ৰাজাৰ স’তে প্রথমদিনা ট্রেকিঙৰ প্ৰা উভতি অহাৰ পাছত সোনমে নিশা ১২-৩০ বজাত শাহুৱেক অর্থাৎ ৰাজাৰ মাতৃ উমা ৰঘুবংশীলৈ ফোন কৰে। শাহুৱেকক ফোনত তেওঁ জনায় যে খোজ কাঢ়ি কাঢ়ি তেওঁ ভাগৰুৱা হৈ পৰিছে। তেতিয়া পুত্ৰৰ স’তেও ফোনত ৰাজাৰ মাতৃয়ে কথা পাতে।

এয়াই আছিল দুয়োৰে মাজৰ শেষ কথা-বতৰা। ইয়াৰ ২৮ ঘণ্টাৰ পাছত (নিশা এক বজাৰ পৰা ডেৰ বজাৰ ভিতৰত) সোনম, ৰাজা আৰু ঘাতকৰ দলটোৱে মাওলাখিয়াতৰ পৰা ওৱেইছাউদং জলপ্রপাতৰ পার্কিংস্থলীলৈ যাত্ৰা কৰে। তাৰ পাছতে ৰাজাই ঘাতকৰ দলটোত প্রাণ হেৰুৱাব লগা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ৰাজাক হত্যাৰ বাবে ঘাতকৰ দলটোক ২০ লাখ টকাত সোনমে বন্দবস্তি কৰে।

# আমি তেওঁক বর্জন কৰিলো, দোষী সাব্যস্ত হ’লে ফাঁচি দিয়ক: সোনমৰ ভ্ৰাতৃ

# মেঘালয় চৰকাৰ-আৰক্ষীৰ ওচৰত ক্ষমা ভিক্ষা

মেঘালয় ভ্ৰমণৰত অৱস্থাত ভাৰাতীয়া ঘাতকৰ দ্বাৰা স্বামীক হত্যা কৰোৱাৰ অভিযোগত অভিযুক্ত মধ্য প্রদেশৰ সোনম ৰঘুবংশীক তেওঁৰ পৰিয়ালে বৰ্জন কৰিছে। সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে সোনমৰ ভ্ৰাতৃ গোবিন্দই। গোবিন্দই মৃত ভিনিহিয়েক ৰাজা ৰঘুবংশীৰ শোকসন্তপ্ত পৰিয়ালকো সাক্ষাৎ কৰিছে। তেওঁ বায়েকক ফাঁচি দিয়াৰ দাবীও উত্থাপন কৰিছে। কেৱল তেৱেই নহয়, তেওঁৰ পৰিয়ালেও সোনমৰ ফাঁচি বিচৰা বুলি গোবিন্দই সংবাদ মাধ্যমৰ আগত জনায়।

ইন্দোৰস্থিত ৰাজা ৰঘুবংশীৰ ঘৰত গোবিন্দ উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনায়। এই দৃশ্যৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে মৃত ৰাজাৰ মাতৃক সাৱটি ধৰি গোবিন্দই সান্ত্বনা দিছে। ক্রন্দনৰত অৱস্থাত থকা ৰাজাৰ মাতৃৰ সমানে গোবিন্দৰো দুচকুৰ পৰা লোতক বাগৰি অহা ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে।

ৰাজাৰ ভ্ৰাতৃ বিপিনৰ স’তে গোবিন্দই সংবাদ মাধ্যমকো সম্বোধন কৰে। অৱশ্যে সংবাদ মাধ্যমৰ আগত তেওঁ হিন্দীত কয়, ‘হত্যাকাণ্ডটোত সোনম জড়িত থকাটো নিশ্চিত হোৱা নাই। অৱশ্যে পোহৰলৈ অহা সাক্ষ্যসমূহৰ জৰিয়তে মই পতিয়ন গৈছো যে তেৱেঁই এই কাম কৰোৱালে। ঘটনাটোত সাঙোৰ খোৱা আনকেইজন লোক ৰাজ কুশৱাহাৰ স’তে জড়িত।’ ৰাজাৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচৰা বুলিও উল্লেখ কৰি তেওঁ আৰু কয়, ‘মই ৰাজাৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছো। মই এই পৰিয়াললৈ মোৰ ভগ্নীক দিছিলো আৰু এতিয়া মই তেওঁলোকৰ পৰিয়ালৰ এটা অংশ।

meghalaya 1সোনমৰ স’তে আমাৰ পৰিয়ালৰ সকলোৱে সম্পর্ক ছেদ কৰিছে। মই ৰাজাক ভাল পাইছিলো। যদি সোনম দোষী তেন্তে তেওঁলোকক ফাঁচি দিব লাগিবই।’ গোবিন্দই আন এক তথ্য প্রকাশ কৰি কয় যে বিগত তিনি বছৰত সোনমে ৰাজ কুশৱাহাক ৰাখীও পিন্ধায়। সোনমক সদায়ে ৰাজে জ্যেষ্ঠ ভগ্নীক কৰা সম্বোধন কৰিছিল বুলিও গোবিন্দই জনায়। গতিকে দুয়োৰে মাজত গোপন সম্পর্ক থকাৰ কথা তেওঁলোকে ভাবিব পৰা নাছিল। গতিকে ভ্রাতৃ-ভগ্নীৰ পবিত্র সম্পর্কতো সোনমে কালিমা লগোৱাৰ ইংগিত স্পষ্ট কৰিছে।

গোবিন্দৰ পৰিয়ালৰ প্লাইউড কাৰখানাৰ কৰ্মচাৰী আছিল ৰাজ। উল্লেখ্য যে হত্যাকাণ্ডৰ পাছৰ পৰা যোৱা সোমবাৰলৈকে সোনম নিৰুদ্দেশ হৈ আছিল। সোমবাৰে কাহিলিপুৱা তেওঁ ভ্রাতৃ গোবিন্দলৈ ফোন কৰে। উক্ত দিনা ভগ্নীয়ে কান্দি কান্দি তেওঁলৈ ফোন কৰা বুলি গোবিন্দই লগতে কয়, ‘তেওঁ মোক জনায় যে তেওঁ এখন ধাবাত আছে। তেতিয়া তেওঁ আৰক্ষীলৈ ফোন কৰে আৰু তেওঁলোকক সেই ঠাইলৈ যাবলৈ অনুৰোধ জনাওঁ। মই সত্যৰ স’তে আছো।

মোৰ অধিবক্তাই ৰাজাৰ পৰিয়ালৰ হৈ আইনী যুঁজ দিব। যদি আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি সোনমে অপৰাধটো সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে তেন্তে তেওঁ দোষী।’ অৱশ্যে ৰাজাৰ স’তে বিয়া নিশ্চিত হোৱাক লৈ সোনম সুখী আছিল বুলিও তেওঁ দাবী কৰে। বিয়াৰ পূৰ্বে দুমাহ ধৰি সোনমে বয়-বস্তু ক্ৰয় কৰিছিল বুলিও গোবিন্দই কয়। মাতৃৰ আগত ৰাজাৰ স’তে বিয়া হ’বলৈ সোনমে অনিচ্ছা প্রকাশ কৰিছিল বুলি হোৱা প্ৰচাৰৰ সত্যতা গোবিন্দই অস্বীকাৰ কৰে। লগতে তেওঁ মেঘালয় চৰকাৰ আৰু ৰাজ্যখনৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ বাবে ক্ষমাও বিচাৰে। আনহাতে, ৰাজাৰ মাতৃয়ে কয় যে ঘটনাৰ ক্ষেত্ৰত গোবিন্দৰ কোনো ভুল আছে বুলি তেওঁ নাভাবে।  মহিলা গৰাকীয়ে আৰু কয়, ‘গোবিন্দই মোক কৈছে যে তেওঁ সোনমৰ ফাঁচি বিচাৰে। ৰাজাৰ ক্ষেত্ৰত যি হ’ল তাৰ দুখ প্রকাশ কৰিছে। তেওঁৰ কোনো ভুল নাই।’

# ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ঘটনাক্রম :

১১ মে’: ইন্দোৰত বিবাহপাশত আবদ্ধ।

২১ মে’: নৱ-দম্পতী শ্বিলঙলৈ আহে। বালাজী গেষ্ট হাউছত উঠে।

২২ মে’: কীটিং বেৰাডত এখন স্কুটী ভাড়াত লৈ নৱ দম্পতীয়ে ছোহৰা (চেৰাপুঞ্জী) ভ্রমণ কৰে।

২৩ মে’: নংপ্রিয়াত গাঁৱৰ ওচৰত দুয়োকে ট্রেকিং কৰা দেখা পায় স্থানীয় গাইডে।

২৪ মে’: ছোহৰাৰিমত স্কুটীখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়।

২ জুন: ওৱেইছাউডং জলপ্রপাতৰ ওচৰৰ খাৱৈত ৰাজাৰ গলিত মৃতদেহ উদ্ধাৰ।

৭ আৰু ৮ জুন: সোনমৰ আত্মসমর্পণ-গ্ৰেপ্তাৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Eight Day Police CustodyFive AccusedRaja Raghuvanshi's horrific murderShillong Court
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d