Presentation ceremony of the Srimanta Sankaradeva Award 2023:
মহানগৰীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহ অনুস্থিত এক গাম্ভীৰ্যপূৰ্ণ সভাত দেশৰ প্ৰখ্যাত ধ্রুপদী নৃত্যশিল্পী ড: সোণাল মানসিঙক বৃহস্পতিবাৰে প্ৰদান কৰা হয় শ্ৰীমন্ত শংকৰদেৱ বঁটা ২০২৩ ।
মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত বঁটাটি আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চাযই ৷
অসম চৰকাৰৰ দ্বাৰা আয়োজিত সভাখনৰ আঁত ধৰে ৰাজ্যৰ মুখ্যসচিব ড:ৰবি কোটাই ৷ অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা সহ অসম কেবিনেটৰ মন্ত্ৰী আৰু বিধায়ক সহ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক সংগীত শিল্পী তৰালি শৰ্মাৰ দ্বাৰা বৰগীত পৰিৱেশনৰে শুভাৰম্ভ হয়।