Arrested Assam Secretariat employee is in police custody:
চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগত শুকুৰবাৰে জনতা ভৱনত দুজনকৈ দালালক জনতা ভৱনৰে একাংশ কৰ্মচাৰীয়ে হাতে-লোটে কৰায়ত্ত কৰি দিছপুৰ আৰক্ষীক গতাই দিয়ে। ধৃতদ্বয় ক্রমে মিন্টু কলিতা আৰু মাননি কলিতা। ধৃত মিন্টু জনতা ভৱনৰ( ষ্টেনোগ্ৰাফাৰ ) তৃতীয় বৰ্গৰ কৰ্মচাৰী।
ইতিমধ্যে আৰক্ষীয়ে ধৃতদ্বয়ক জেৰা অব্যাহত ৰাখিছে ৷ আনহাতে শনিবাৰে আৰক্ষীয়ে আটকাধীন দুই দালাক আদালতত হাজিৰ কৰাই নিজৰ জিন্মাত দিয়ে ৷
আনহাতে জনতা ভৱনৰ আটকাধীন কৰ্মচাৰী মিন্টু ডেকাৰ সন্দৰ্ভত মহানগৰ আৰক্ষীৰ ডিচিপি মৃণাল ডেকাই কয়,মিন্টু ডেকাই ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰি ১৩ জন লোকৰ পৰা সংগ্ৰহ কৰিছিল বৃহৎ পৰিমাণৰ ধন ৷ একোজন প্ৰাৰ্থীৰ পৰা একৰ পৰা দুই লাখ টকা পৰ্যন্ত সংগ্ৰহ কৰিছিল ৷
একেদৰে মিন্টুৱে চৰকাৰী বিভিন্ন বিভাগৰ ঠিকা দিয়াৰ নামত ৱৰ্ক অডাৰ উলিয়াই নিজে চহী কৰিছিল ৷ মিন্টুৰ জালিয়াতিত ভৰি থৈছিল বহুলোকে ৷ মিন্টুৱে জনতা ভৱনৰ বাহিৰে -ভিতৰে মেলিছিল চাকৰি বজাৰ ৷ বিভাগীয় চীল মোহৰ বনাই লৈ ভুৱা নিযুক্তি পত্ৰ একাংশ লোকক দিছিল চাকৰি প্ৰলোভন ৷ তেওঁৰ স’তে জড়িত হৈ আছে আন কে’বাজনো লোক ৷ অৱশ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে ডিচিপি গৰাকীয়ে ৷