Assam State Bjp comittee:
এগৰাকী দায়িত্বশীল আৰু দেশপ্রেমিক নাগৰিক হিচাপে ৰাষ্ট্র সর্বোপৰি মনোভাৱেৰে “বিকশিত ভাৰত ২০৪৭”ৰ সপোনক বাস্তৱ ৰূপ দিবৰ বাবে শৰীৰ, মন-মস্তিস্ক, সা-সম্পত্তি আদি সকলো আন্তৰিকতাৰে উৎসৰ্গা কৰি জীৱনৰ সৰ্বশ্রেষ্ঠ অৱদান আগবঢ়াবলৈ সংকল্প গ্রহণ কৰিছে ভাৰতীয় জনতা পার্টিৰ সকলো কার্যকর্তাই।
ভাৰতৰ সংবিধানে দিয়া ভোটাধিকাৰ নিজে সাব্যস্ত কৰাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক ভোট দানৰ বাবে অনুপ্রাণিত কৰি গণতান্ত্রিক প্রমূল্যবোধক শক্তিশালী কৰাৰ জড়িয়তে “বিকশিত ভাৰত ২০৪৭” ৰ ভেটি গঢ়ি তোলাৰ বাবে সাজু হৈছে দলৰ কার্যকর্তা” এনে সংকল্পৰে উদ্বুদ্ধহৈ ভাৰতীয় জনতা পার্টিৰ, অসম প্রদেশৰ ৬৫ লাখতকৈ অধিক কার্যকর্তা ৰাজনৈতিক ক্ষেত্রত সক্রিয় হৈ আছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত দলৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই এনেদৰে মতপোষণ কৰে।
ৰাজ্যিক বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাৰ ৪৩৩ টা মণ্ডল সমিতিৰ কাৰ্য্যনির্বাহক সভা আজিৰে পৰা আৰম্ভ হৈছে। এই সভাত উপস্থিত থকা সকলো কাৰ্যকৰ্তাই জীৱনৰ সৰ্বশ্রেষ্ঠ অবদানেৰে ৰাষ্ট্ৰ নির্মাণত বিশেষ ভূমিকা পালন কৰাৰ বাবে সংকল্প গ্রহণ কৰিব বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র শৰ্মাই বিবৃতিত উল্লেখ কৰিছে। উল্লেখযোগ্য যে বিজেপি দলৰ সকলো কাৰ্যকৰ্তাই “সংকল্প পত্র”ত স্বাক্ষৰ কৰি ৰাষ্ট্ৰীয় একতা, সংহতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ বাবে জাতি, বর্ণ, ধর্ম, লিংগ আৰু অঞ্চল ভিত্তিত ভেদাভেদ পৰিহাৰ কৰি আগবাঢ়ি যোৱাৰ বাবে প্রতিজ্ঞাবদ্ধ হৈছে।
সমন্বয় আৰু ঐক্যবদ্ধতাৰ জৰিয়তে দুর্নীতি মুক্ত সমাজ গঢ়ি তোলাৰ বাবে দলৰ সকলো কার্যকর্তাই সদায় সহযোগীতাৰ মনোভাৱেৰে কাম কৰি আহিছে। শর্মাই উল্লেখ কৰা মতে ঔপেনিৱেশিক মানসিকতা আৰু পৰিয়াল কেন্দ্রীক ৰাজনীতিৰ বিৰুদ্ধেও সদায় সৰৱ ভূমিকা পালন কৰি যাব বিজেপিৰ সকলো কার্যকর্তাই। ৰাজহুৱা সম্পদৰ সুৰক্ষা সু-নিশ্চিত কৰাৰ লগতে স্বচ্ছতা বর্তাই ৰখাৰ ক্ষেত্ৰত সর্বোচ্চ সহযোগিতা আগবঢ়াবলৈ দলীয় কার্যকৰ্তাৰ লগতে সমাজৰ সকলো স্তৰৰ নাগৰিককো অনুপ্রাণিত কৰা হ’ব বুলি বিবৃতিটোত উল্লেখ কৰা হয়।
যোৱা ২১ মে’ৰ দিনা যোৰহাটত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ বৰ্দ্ধিত কাৰ্য্যনির্বাহক সভাৰ পিছতেই জিলা আৰু মণ্ডল পৰ্য্যায়তো ৰাজ্যিকৰ পৰা নিযুক্তি দিয়া প্রভাৰীৰ উপস্থিতিত কার্য্যনির্বাহক সভা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। এই সিদ্ধান্তৰ অংশ হিচাপে জিলা কাৰ্য্যনির্বাহকৰ সভা ২৮ মে’ৰ পৰা ১৭ জুনৰ ভিতৰত আৰু ১৫ জুনৰ পৰা ২৫ জুনৰ ভিতৰত মণ্ডল কাৰ্য্যনির্বাহক সভা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। ইতিমধ্যে অধিকাংশ জিলাৰে কাৰ্য্যনির্বাহক সভা অনুষ্ঠিত হৈ গৈছে।
উল্লেখযোগ্য যে দলৰ ৰাজ্যিক সভাপতি সাংসদ দিলীপ শইকীয়াই চৰাইদেউ, ওদালগুৰি, শিৱসাগৰ, তামুলপুৰ, উত্তৰ কামৰূপ আৰু দৰং জিলাৰ কাৰ্য্যনির্বাহক সভা সমূহত উপস্থিত থাকে।