Waqf Board looting of Rs 1,000 crore:
ৱাক্ফ সংশোধনী আইনখনক লৈ দেশজুৰি বিতর্ক অব্যাহত থকাৰ সময়তে অসমত থকা কে’বা হেজাৰ কোটি টকা মূল্যৰ ৱাক্ফ সম্পত্তিৰ ওপৰত দীর্ঘদিন ধৰি এটা চক্ৰই লুণ্ঠন চলাই অহাৰ অভিযোগ শেহতীয়াকৈ উত্থাপিত হৈছে। ৰাজ্যখনৰ বিভিন্ন জিলাত থকা বৃহৎ বৃহৎ ৱাকফ সম্পত্তিসমূহ সুচাৰুভাৱে পৰিচালনা – কৰা অথবা এই সম্পত্তিক সুৰক্ষিত কৰাৰ বাবে ৱাক্ফ আইন ১৯৫৪ স’তে অসমতো ১৯৫৭ত অসম ৱাক্ফ ব’র্ড গঠন কৰা হৈছিল। কিন্তু বিয়াগোম ব’ৰ্ডখানে এনে বৃহৎ সম্পত্তিৰ পৰা ৰাজহ আদায় কৰা বা সম্পত্তি সুৰক্ষিত কৰাটোতো দুৰৈৰ কথা ইয়াক একপ্ৰকাৰ লুণ্ঠনৰ আহিলালৈ পর্যবসিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।
মন কৰিবলগীয়া বিষয় যে বছৰ বছৰ ধৰি এই বৃহৎ বৃহৎ সম্পত্তিৰ ওপৰত চলি অহা দুর্নীতি-অনিয়মৰ বিষয়ে সর্বসাধাৰণ ৰাইজে কিছুদিন আগলৈকে জনা নাছিল যদিও শেহতীয়াকৈ ৱাক্ফ সংশোধনী আইনক লৈ দেশজুৰি সৃষ্টি হোৱা বিতর্কই বহু কথাই ৰাইজৰ আগত উন্মোচিত কৰিলে। তথ্য অনুসৰি ৰাজ্যখনত মুঠ পঞ্জীয়নভুক্ত ৱাক্ফ সম্পত্তি আহে ১৫৫৫টা।
ইয়াৰে মাদ্রাছা আছে ১,৩৭২ খন। আনহাতে, ৰাজ্যৰ বিভিন্ন প্রান্তত সিচৰতি হৈ থকা মুঠ মাটি-সম্পত্তিৰ পৰিমাণ হ’লগৈ ২২,৪৩০ বিঘা। ইয়াবে ব্রহ্মপুত্র উপত্যকাত ৮,৫৯০ বিঘা আৰু বৰাক উপত্যকাত ১৩,৭৪০ বিঘা। ব্রহ্মপুত্র উপত্যকাৰ কামৰূপ জিলাত ৭৫ বিঘা, নগাঁও জিলাত ৫৫ বিঘা, গোৱালাপাৰা জিলাত ২৫২ বিঘা, ধুবুৰী জিলাত ১,৪৫৪, যোৰহাট জিলাত ১৩ বিঘা তিনিচুকীয়া জিলাত ১৩১ বিঘা, বৰপেটা জিলাত ১৬ বিঘা, শোণিতপুৰ জিলাত তিনি বিঘা, মৰিগাঁও জিলাত ৩৪ বিঘা আৰু শিৱসাগৰ জিলাত ১১ বিঘা।
অতি আশ্চর্যজনক বিষয় এই যে উক্ত ভূমি-সম্পত্তিৰ প্রায় ১৫০ বিঘাতকৈ অধিক মাটি বেদখলকাৰীৰ কৱলত আছে। ইয়াৰ পাছতে বাকী থকা মাটি-সম্পত্তিৰ পৰা বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহৰ থল আছে যদিও দীর্ঘদিন ধৰি সমগ্র ব’র্ডখনকে কোনো কোনোৱে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি অহাৰ বাবেই সেয়া হৈ উঠা নাই বুলি অভিযোগ উঠিছে |