‘পাৰমাণৱিক লক্ষ্য পূৰণত ইৰানৰ কাষত ৰাছিয়া’, পুটিনৰ বৃহৎ ঘোষণা !

world war Cover

Russia supports Iran:ইৰাণৰ কাষত ৰাছিয়া। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে স্পষ্ট কৰি দিছে যে মস্কোৱে তেহৰাণক ইউৰেনিয়াম সমৃদ্ধ কৰাত সহায় কৰি যাব। ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতিৰ বাবে মধ্যস্থতা কৰিবলৈ সাজু হৈছে ক্ৰেমলিন। এই বিষয়ত বিশ্বৰ কেবাজনো নেতাৰ স’তেও কথা পাতিছে পুটিনে।

ৰাছিয়াৰ এটা সংবাদ সংস্থা পুটিনে জনাই, “আমি আমাৰ ইৰাণী অংশীদাৰৰ স’তে নিয়মীয়াকৈ যোগাযোগ কৰি আছো। আমাৰ বুশ্বেহৰ (ইৰাণ) চহৰত কাম কৰা প্ৰায় ৬০০ বিশেষজ্ঞ আছে। আমি সেই কাৰ্যসূচী পৰিত্যাগ কৰা নাই। এইটো কি সমৰ্থন নহয়?”

তেওঁ স্পষ্ট কৰি দিয়ে যে তেহৰানে ৰাছিয়াৰ পৰা আন কোনো সহায় বিচৰা নাই। ইয়াৰ পাছত পুটিনে জনাই,”ইৰাণ-ইজৰাইলৰ সংঘাত বন্ধ কৰিবলৈ মস্কো মধ্যস্থতা কৰিবলৈ সাজু। দুয়োখন দেশে ইচ্ছা কৰিলে চুক্তিত উপনীত হ’ব পাৰে! য’ত ইৰাণৰ শান্তিপূৰ্ণ পাৰমাণৱিক কাৰ্যসূচী বজাই ৰখা হয়। আৰু ইজৰাইলৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তাও হ্ৰাস পায়।”

ইতিমধ্যে ৰাছিয়াই এই বিষয়ত আমেৰিকা আৰু ইজৰাইলৰ স’তে আলোচনাত মিলিত হৈছে। ইৰাণকো এটা প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলি পুটিনে জানিবলৈ দিয়ে। এই সন্দৰ্ভত ক্ৰেমলিনৰ বিবৃতিত কোৱা হৈছে যে, “পুটিনে জনাইছে, ৰাছিয়া মধ্যস্থতা কৰিবলৈ সাজু। তেওঁ কেবাজনো ৰাষ্ট্ৰপতিৰ স’তেও কথা পাতিছে।”

Exit mobile version