Isreal- Iran-Us War Update:
বহু পাকঘূৰণিৰ পাছত যুদ্ধবিৰতিৰ বাবে সম্মত হ’ল ইৰান আৰু ইজৰাইল। ১২দিনীয়া যুদ্ধৰ অৱশেষত যৱনিকা পৰিল। অৱশ্যে এয়া চূড়ান্ত সমাপ্তি নে কিছুদিনৰ পাছত পুনৰ যুদ্ধৰ দামামা বাজি উঠিব সেয়া স্পষ্ট নহয়। অৱশ্যে যুদ্ধ জয়ৰ কৃতিত্ব দাবী কৰিলে কেৱল ইৰান অথবা ইজৰাইলেই নহয় আমেৰিকায়ো। তিনি পক্ষৰ দাবীৰ সমর্থনত নিজ নিজ যুক্তি প্ৰদৰ্শন কৰিছে। এই যুদ্ধৰ সমাপ্তিয়ে বিশ্ববাসীকো সকাহ প্রদান কৰিলে।
তৃতীয় বিশ্বযুদ্ধৰ দিশেই গতি কৰা বুলি আশংকা প্রকাশিত হোৱাৰ সময়তে এতিয়া তিনিওখন দেশে নিজ নিজ দাবীলৈ আনন্দ উৎসৱ উদ্যাপন কৰিছে। এই সংঘাত আছিল নানা আশ্চৰ্যৰে ভৰা। বিশেষকৈ বিগত ১২ ঘণ্টাত বিষয়টো বিভিন্ন ধৰণৰ পাকঘূৰণি আৰু আশ্চৰ্যৰে ভৰা কাণ্ড-কাৰখানাৰ মাজৰে গতি কৰিছিল। বিগত সপ্তাহত ট্রাম্পৰ প্ৰশাসনে কৈছিল যে দুসপ্তাহৰ ভিতৰত ইৰান-ইজৰাইলৰ সংঘাতত জড়িত হোৱাৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।
কিন্তু তাৰ দুদিন অতিক্ৰম কৰাৰ পাছতে মার্কিন বি-২ বোম্বাৰে ইৰানৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰাৰ পাছত ভূ-ৰাজনৈতিকভাৱে গুৰুত্বপূর্ণ অঞ্চলটোত বৃহৎৰূপত উত্তেজনা বৃদ্ধি পাব বুলি বিশ্বজুৰি আশংকাৰ সৃষ্টি হৈছিল। ইৰানেও কাটাৰত থকা মার্কিন সেনাৰ বিমানঘাটিত আক্রমণ চলোৱাৰ পাছত দৰাচলতে তৃতীয় বিশ্বযুদ্ধৰ পৰিস্থিতি সৃষ্টি হোৱা বুলি বিভিন্ন মহলত মত প্রকাশিত হৈছিল। ইয়াৰ পাছতে নাটকীয়ভাৱে ট্রাম্পে ঘোষণা কৰে যে তেল আভিভ আৰু তেহৰানে যুদ্ধবিৰতিত সম্মত হৈছে।
যুদ্ধবিৰতিৰ মাত্ৰ কিছু মুহূৰ্তৰ পাছতে ইৰানে তেল আভিভত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰাটোৱে ৰাষ্ট্ৰখনৰ শেষ মুহূৰ্তৰ সাহস প্ৰদৰ্শন বুলিও কোৱা হৈছে। যুদ্ধবিৰতি হোৱা বুলি ট্রাম্পে ঘোষণা কৰাৰ পাছতো ইজৰাইল আৰু ইৰানে আক্রমণ-প্রত্যাক্রমণ অব্যাহত ৰখাত ট্রাম্প অতি ক্ষুব্ধ হয়। শান্তি প্রতিষ্ঠাতাৰূপে ভূমিকা পালন কৰিবলৈ অতুৎসাহী হৈ পৰা ট্রাম্পে কালি ইৰান আৰু ইজৰাইলক চোকা সমালোচনাও কৰে। এই ক্ষেত্ৰত ট্রাম্পৰ মুখেৰে অশ্রাব্য ভাষা নিগৰাত সেয়াও আন এক চৰ্চাৰ বিষয় হয়।
সম্প্রতি তিনি ৰাষ্ট্ৰই বিজয়ৰ কৃতিত্ব দাবী কৰাৰ সময়তে দুৰ্বলতাসমূহ প্রকাশ্য হৈছে। সেয়া অৱশ্যে ৰাষ্ট্ৰকেইখনে স্বাভাৱিকতে মানি নলয়। আমেৰিকাৰ দাবী যে ইৰানৰ পাৰমাণৱিক সামর্থ্যক দুৰ্বল কৰি পেলাবলৈ সক্ষম হৈছে। একে সময়তে ইজৰাইলেও ইৰানৰ শক্তি নাশ কৰাৰ কৃতিত্বৰ দাবীদাৰ হৈছে। ইপিনে, ইৰানে বিশ্বৰ সৰ্বাধিক শক্তিধৰ ৰাষ্ট্ৰখনৰ সন্মুখত সাহসৰে থিয় দিয়াৰ আৰু পিছ নোহোঁহকাৰ কৃতিত্বৰ দাবীদাৰ হ’ব পাৰে। এতিয়া যুদ্ধ একপ্ৰকাৰ ক্ষান্ত হোৱাৰ পাছত দেশবাসীক বিজয়বার্তা দিবলৈ তিনিওখন ৰাষ্ট্ৰই অহোপুৰুষাৰ্থ কৰিছে।
# আমেৰিকাৰ দাবী
ইৰানৰ পাৰমাণৱিক প্রকল্প তচনচ কৰি দিবলৈ বন্ধু ৰাষ্ট্ৰ ইজৰাইলক সমর্থন দিয়াতে ক্ষান্ত নাথাকি পোনপটীয়াকৈ যুদ্ধখনত নামি পৰে আমেৰিকা। অপাৰেছন মিডনাইট হেমাৰত আমেৰিকাই অতর্কিতে ইৰানৰ তিনিটা পৰমাণু কেন্দ্রতআকাশৰ পৰা বোমাবর্ষণ কৰে। আমেৰিকাই ব্যৱহাৰ কৰে বিশ্বৰ ভিতৰতে অতি শক্তিশালী ‘বি-২ বোম্বাৰ’ বোমাৰু বিমান। আমেৰিকাৰ এই আকস্মিক আক্ৰমণত ইৰানৰ পৰমাণু কেন্দ্ৰসমূহ কিমান ক্ষতিগ্রস্ত হৈছে সেয়া এক প্রশ্ন। বিভিন্ন আন্তর্জাতিক সংবাদ মাধ্যমৰ মতে, মার্কিন আক্রমণত সম্পূর্ণৰৰূপে ধ্বংস হোৱা নাই ইৰানৰ পৰমাণু কেন্দ্ৰসমূহ। ইৰানৰ পৰমাণু প্ৰকল্প এই আক্ৰমণৰ ফলত অৱশ্যে কিছুমাহ পিছুৱাই গ’ল।
মার্কিন চোৰাংচোৱাৰ তথ্য মতে, একমত নহয় ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। সাফল্যৰ ঢাক-ঢোল কোবাই ট্রাম্পে দাবী কৰে যে ইৰানৰ পাৰমাণৱিক আন্তঃগাঁথনি ধ্বংস কৰাৰ লগতে তেওঁ যুদ্ধও বন্ধ কৰালে। ভূ-ৰাজনৈতিক বিশেষজ্ঞসকলৰ বহুতে কয় যে তেহৰানৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় চাপ সৃষ্টিৰ চেষ্টা আৰু সামৰিক ক্ষমতা প্রয়োগ কৰিও ইৰানৰ পৰমাণু কাৰ্যসূচী ট্রাম্পে ৰোধ কৰিব নোৱাৰিলে। অৱশ্যে যুদ্ধত লেকাম লগোৱাৰ কৃতিত্ব তেওঁ নিশ্চয় দাবী কৰিব পাৰে।
ইয়াৰ দ্বাৰা শান্তিৰ ন’বেল লাভৰ আশংকা পূৰণ হ’ব নে নাই সেয়া স্পষ্ট নহয়। ট্রাম্পে ইৰানক মধ্যপ্রাচ্যৰ ভিতৰতে দুৰ্বল ৰাষ্ট্ৰ বুলিও অভিহিত কৰাই নহয়, শান্তি স্থাপন নকৰিলে ভয়াৱহ আক্ৰমণৰ ভাবুকিও দিছিল। ইৰানৰ পাৰমাণৱিক কেন্দ্ৰসমূহ সম্পূৰ্ণৰূপে ধ্বংসপ্রাপ্ত হোৱা বুলি ট্রাম্পে দাবী কৰে যদিও শীর্ষ মার্কিন বিষয়াৰ মতে, প্ৰাৰম্ভিক মূল্যায়ণ অনুসৰি তিনিটা প্রকল্পই অতিশয় গুৰুতৰভাৱে ক্ষতিগ্রস্ত হৈছে। এই যুঁজত ব্যক্তিগতভাৱে আমেৰিকাই কোনো ক্ষয়-ক্ষতিৰ সম্মুখীন হোৱা নাই।
পূর্বসূৰীসকলক মার্কিন যুক্তৰাষ্ট্ৰক অযথা যুদ্ধৰ মাজলৈ ঠেলি দিয়া বুলি সমালোচনা কৰা ট্রাম্পে আকস্মিকভাৱে ইৰানক আক্ৰমণ কৰাৰ পাছত গৃহভূমিতে বিশেষকৈ বিৰোধীৰ দ্বাৰা সমালোচিত হৈছিল। এই যুদ্ধত ট্রাম্পৰ ক্ষেত্ৰত আন চৰ্চাৰ বিষয় হ’ল যে কাটাৰত থকা মার্কিন বায়ুসেনা ঘাটিত ইৰানৰ আক্ৰমণৰ পাছতো লক্ষ্যণীয়ভাবে ট্রাম্পে প্রত্যাঘাত নকৰি শান্ত হৈ থাকিল। কোনো আমেৰিকান ক্ষতিগ্রস্ত হোৱা নাই বুলিয়ে তেওঁ সামাজিক মাধ্যমত প্রকাশ কৰিয়ে দায়িত্ব সামৰিলে। ট্রাম্পে এতিয়া আক্রমণাত্মক হোৱাৰ পাছত শান্তি প্রতিষ্ঠাতাৰ ভূমিকাত অৱতীৰ্ণ হৈ দেশবাসীৰ সমালোচনাৰ পৰা হাত সাৰিব বিচাৰিছে।
# ইজৰাইলৰ উল্লাস
ট্রাম্পৰ দ্বাৰা প্ৰস্তাৱিত যুদ্ধবিৰতিৰ পাছত ইজৰাইলে এক বিবৃতিত কয় যে তেওঁলোকে দুটা অস্তিত্বৰ প্ৰতি ভাবুকিসূচক বিপদ নাশ কৰিছে। এটা হৈছে পৰমাণু অস্ত্ৰ সম্পৰ্কীয় বিপদ আৰু আনটো হৈছে বেলিস্টিক ক্ষেপণাস্ত্র সম্পর্কীয় বিষয়। এই ১২দিনীয়া যুদ্ধত ইজৰাইলে একাধিকবাৰ সামৰিক আধিপত্যৰ প্ৰমাণ দিছে। ইৰানত মার্কিন আক্ৰমণৰ পূৰ্বে ইজৰাইলে পাৰমাণৱিক আৰু সামৰিক ঘাটিত আঘাত হনাৰ লগতে তেহৰানৰ আকাশমাৰ্গৰ প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰি আকাশী যুঁজত আধিপত্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হয়।
ব্রিগেডিয়াৰ জেনেৰেল আলী ছাডমানিকে ধৰি ইৰানৰ ইছলামিক ৰিভ’লুছনেৰী গার্ড কর্পছৰ গুৰুত্বপূৰ্ণ বিষয়াৰ প্ৰাণহানি কৰে। বিমান আক্রমণেৰে ইৰানৰ চোৰাংচোৱাৰ ক্ষুৰধাৰ বিষয়া ব্রিগেডিয়াৰ জেনেৰেল মহম্মদ কাজেমী আৰু ব্রিগেডিয়াৰ জেনেৰেল হাছান মহাকেক নিধন কৰিবলৈ সক্ষম হয় ইজৰাইল। ইজৰাইলে আকাশপথৰ আক্রমণেৰে সমৰ ক্ষেত্ৰত পাৰ্গতালিৰ ভাবমূর্তি উজ্জ্বল কৰিবলৈ সক্ষম হৈছে। এই যুদ্ধকালীন ইৰানৰ নজন পৰমাণু বিজ্ঞানী আৰু আগশাৰীৰ সেনা বিষয়া ইজৰাইলৰ আক্ৰমণত নিহত হোৱাৰ লগতে আমেৰিকাৰ সহযোগিতা লাভৰ জৰিয়তে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৱে নিজ দেশত তথা আন্তর্জাতিক মহলৰো ভূ-ৰাজনৈতিক ক্ষেত্ৰত নিজ ভাবমূর্তি উজলাবলৈ সক্ষম হোৱা বুলি একাংশ বিশেষজ্ঞই কয়। আগন্তুক বৰ্ষত ইজৰাইলত সম্পন্ন হ’ব নির্বাচন। ইয়াৰ পূৰ্বে এই যুদ্ধই নেতানিয়াহুৰ শক্তিবর্ধন তথা ভাবমূর্তি পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত নতুন ইন্ধন যোগালে।
ইয়াৰ পূৰ্বে ইৰাক আৰু ছিৰিয়াৰ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰিলেও এয়ে প্রথম চিৰশত্ৰু ইৰানৰ পাৰমাণৱিক কেন্দ্ৰত ইজৰাইলে আক্ৰমণ কৰিলে। সমান্তৰালভাৱে ইজৰাইলে গাজা ভূখণ্ডত হামাছৰ বিৰুদ্ধে যুদ্ধ কৰিছে। এই ক্ষেত্রত বাৰে বাৰে ইজৰাইলী সেনাৰ বিৰুদ্ধে মানৱাধিকাৰ উলংঘনৰ অভিযোগ উঠিছে। ইৰানৰ স’তে যুঁজ দি ইজৰাইলে একে সময়তে একাধিক যুদ্ধ ক্ষেত্ৰত নিপুণ সমৰসজ্জা প্ৰদৰ্শন কৰিব পাৰে বুলিও বিশ্ববাসীক বার্তা দিলে। এনে মতামত একাংশ আন্তঃৰাষ্ট্ৰীয় বিশ্লেষকে পোষণ কৰে।
তদুপৰি ইৰানৰ স’তে যুদ্ধত নিয়োজিত নিৰাপত্তজনিত আশংকাৰ কথা উত্থাপন কৰি গাজাত কৰি থকা মানৱাধিকাৰ উলংঘনৰ অভিযোগৰ কিছু লঘু কৰিবলৈ অথবা আনদিশে সমালোচক মহলৰ দৃষ্টি আঁতৰাবলৈ ইজৰাইলে কূট-কৌশল খটোৱা বুলিও কোৱা হৈছে। ইজৰাইল আৰু ইৰানৰ সংঘাত আছিল প্রধানমন্ত্রী নেতানিয়াহুৰ বাবেও একপ্ৰকাৰ বৃহৎ পৰীক্ষা। তেওঁ দাবী কৰিছে যে এই পৰীক্ষাত তেওঁ সফল হৈছে। অৱশ্যে সেই ফলাফল পৰৱৰ্তী নিৰ্বাচনত দেখিবলৈ পোৱা যাব। আগন্তুক বর্ষত আসন্ন নির্বাচনত ইজৰাইলবাসীয়ে এই ৰায়দান কৰিব। দুর্নীতি আৰু অপশাসনৰ অভিযোগ এৰাই চলি নেতানিয়াহুৰ দল পুনৰ নিৰ্বাচিত হ’ব নে নাই এতিয়া তাতেই দৃষ্টি বিশ্লেষক মহলৰ।
#ইৰানে কি কয় ?
মার্কিন বোমাই তেহৰানক জটিল পৰিস্থিতিৰ মাজলৈ ঠেলি দিছিল। প্রত্যাঘাতৰ পূৰ্ণ প্রয়োজন আছিল; কিন্তু ইয়াৰ শত্রু আছিল বিশ্বৰে মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা। সেয়েহে ইৰানৰ বাবে বিষয়টো আছিল এনে ধৰণৰ যে যিকোনো প্ৰকাৰে নিজ শক্তি প্ৰদৰ্শন কৰিবই লাগিব আৰু একে সময়তে সমগ্ৰ বিষয়টোৰ পৰা আঁতৰি যাবলৈ চমু বাট বিচাৰিব লাগিব। সূত্রত প্রকাশ যে ইৰানৰ মুৰব্বী আয়াতুল্লা খামেনেইয়ে এটা বাংকাৰৰ ভিতৰত বহি নির্দেশ দিছিল যে ইৰানে নিশ্চিতভাবে প্রত্যাঘাত কৰিব লাগিব; কিন্তু সেয়া সংযম বৰ্তাই ৰাখি কৰিব লাগিব আৰু চাব লাগিব যাতে এই আক্ৰমণৰ ফলত সংঘাতৰ পৰিসৰ চূড়ান্ত উত্তেজনাৰ পৰ্যায়লৈ নাযায়।
যাৰ বাবে ইৰানে কাটাৰৰ আল উবেইদত থকা মার্কিন বায়ুসেনা বাহিনীৰ ঘাটিত আক্ৰমণৰ লক্ষ্যৰূপে বাছি লয়। এই ঘাটি হৈছে অঞ্চলটোত মার্কিন বাহিনীৰ সৰ্ববৃহৎ ঘাটি। ইৰানৰ শীৰ্ষ বিষয়াসকলে ধাৰণা কৰিছিল যে অপাৰেছন মিডনাইট হেমাৰৰ স’তে সমন্বয় ৰক্ষা কৰিবলৈ কি হ’ব মূল অস্ত্র। কাটাৰ হৈছে ইৰানৰ অতি ঘনিষ্ঠ দেশ। সূত্রত প্রকাশ যে মার্কিন ঘাটিত আক্ৰমণৰ পূৰ্বে ইৰানে আগতীয়াকৈ জাননীও প্ৰেৰণ কৰিছিল। এই বাৰ্তালাভৰ লগে লগে কাটাৰে আকাশমাৰ্গ বন্ধ কৰি দিয়ে আৰু লক্ষ্যস্থলী খালী কৰিবলৈ কয় মার্কিন বাহিনীয়ে। ট্রাম্পে তেহৰানক পূৰ্বজাননীৰ বাবে ধন্যবাদ জনাই কয় যে অতি সুন্দৰ প্ৰত্যাঘাত কৰিছে ইৰানে।
বিশ্লেষক মহলৰ মতে, পূৰ্বজাননীৰ দ্বাৰা তেহৰানে এই ইংগিত দিলে যে তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিব বিচাৰে; কিন্তু আক্ৰমণৰ পাছত আক্রমণ বিচৰা নাই। ইৰানে জানিছিল যে এই আক্রমণৰ ফলত যদি আমেৰিকান নিধন হয়, তেন্তে প্রত্যাঘাত কৰিব আমেৰিকাই। সেয়েহে পূর্ব জাননী দিয়া হয়, যাতে কোনো হতাহত নহয় আৰু ট্রাম্পেও প্রত্যাঘাত কৰাৰ প্ৰয়োজন নাথাকে। একে সময়তে ইৰানে সমৰক্ষেত্ৰৰ পাৰ্গতালিও প্ৰদৰ্শন কৰি ইজৰাইললৈ যুদ্ধবিৰতিৰ আগমুহূর্তলৈ ক্ষেপণাস্ত্র নিক্ষেপ অব্যাহত ৰাখে। অৱশ্যে কোনো হতাহত হোৱাৰ বাতৰি নাই। একে সময়তে ইৰানে বিশ্বৰ সৰ্বাধিক শক্তিশালী ৰাষ্ট্ৰৰ বিৰুদ্ধে মূৰ তুলি থিয় দিয়াৰ ভাবমূর্তিও গঢ়ি তুলিলে।
ইজৰাইল আৰু আমেৰিকাৰ যৌথ প্রচেষ্ট্ৰৰ পাছতো ইৰানৰ পৰমাণু প্ৰকল্প সম্পূর্ণরূপে তচনচ হোৱা নাই। এই দাবী মার্কিন চোৰাংচোৱাৰ। চাৰিশ কিলোগ্রাম সমৃদ্ধ ইউৰেনিয়াম কোন গোপন কুঠৰীত লুকুৱাই ৰাখিছে ইৰানে তাৰ সম্ভেদ নাপালে আমেৰিকা অথবা ইজৰাইলে। তেহৰানৰ দাবী যে তেওঁলোকে পৰমাণু সমৃদ্ধকৰণ কাৰ্যসূচী অব্যাহত ৰাখিব। ইৰানে ইজৰাইলক প্রত্যাক্ৰমণ কৰাই নহয়, ৱাশ্বিংটনক প্ৰত্যুত্তৰ দিবলৈ মার্কিন সেনা ঘাটিত আক্রমণ কৰা বুলি বিশ্বৰ বিভিন্ন মহলৰ বাঃ বাঃও আদায় কৰিছে।
তদুপৰি বহিঃশত্রু ইজৰাইলৰ বিৰুদ্ধে ইৰানৰ গুঢ়া প্ৰশাসনৰ ওচৰত যিধৰণে দেশৰ প্ৰায় সকলো শ্ৰেণীৰ মানুহে থিয় দিলে সেয়া অভাৱনীয় বুলি কোৱা হৈছে। সাম্প্রতিক সময়ত ইৰানৰ সৰ্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলী খামেনেইৰ নেতৃত্বাধীন প্ৰশাসনৰ ৰক্ষণশীলতাৰ বিৰুদ্ধে বহুবাৰ ইৰানৰ মহিলা, মানৱাধিকাৰ সংগঠনসমূহে ৰাজপথত নামি প্রতিবাদ কৰিছে। কিন্তু ইজৰাইলৰ আগ্ৰাসনৰ বিৰুদ্ধে আত্মৰক্ষাৰ স্বাৰ্থত দেশবাসীৰ গৰিষ্ঠ সংখ্যকেই খামেনেইৰ প্ৰশাসনৰ ওচৰত থিয় দিয়ে।
একাংশ বিশ্লেষকৰ মতে, ইয়াৰ ফলত ইৰানৰ বৰ্তমান শাসন ব্যৱস্থাৰ ৰাজনৈতিক আৰু সামাজিক গ্রহণযোগ্যতা বৃদ্ধি পালে বুলিও কোৱা হৈছে। ইপিনে, মঙলবাৰে ট্রাম্পে পূৰ্বৰ সুৰ সলনি কৰি কয় যে ইৰানৰ শাসক গোষ্ঠীৰ পৰিৱৰ্তন হোৱাটো তেওঁ বিচৰা নাই। ইয়াৰ যুক্তিও প্ৰদৰ্শন কৰি ট্রাম্পে কয় যে শাসক সাল-সলনি হোৱাৰ সময়ত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। প্রথমতে ট্রাম্পে ইজৰাইলৰ সুৰত সুৰ মিলাই শাসক গোষ্ঠীৰ সলনি হ’ব লাগে বুলি কৈছিল।
অৱশ্যে এনে সাফল্যৰ কথা ক’লেও বিগত ১২ দিনৰ যুদ্ধ সেনাপ্রধানসহ একাধিক সামৰিক বিষয়াক হেৰুৱাইছে ইৰানে আৰু ৬৫০জন নাগৰিকক হেৰুৱাইছে। তদুপৰি ইৰানৰ শাসন ব্যৱস্থাৰ প্ৰতিটো ক্ষেত্রতে ইজৰাইলৰ চোৰাংচোৱা বাহিনী মোছাদে দৃষ্টি ৰখাটো স্পষ্ট হৈছে। আমেৰিকাৰ হুংকাৰ পৰিহাৰ কৰি খামেনেই প্রশাসনে কিদৰে নিজ পৰমাণু কাৰ্যসূচী অব্যাহত ৰাখে সেয়াই এতিয়া লক্ষ্যণীয় হ’ব।




































