Rathayatra 2025:আহমেদাবাদৰ ৰথ যাত্ৰাৰ সময়ত ভয়ংকৰ কাণ্ড। ৰথ যাত্ৰা উপলক্ষে খাদিয়া অঞ্চলত এক বিশেষ শোভাযাত্ৰাৰ আয়োজন কৰা হয়। শোভাযাত্ৰাত থকা তিনিটা হাতী হঠাতে অস্থিৰ হৈ চৰম বিপত্তিৰ সৃষ্টি কৰে।
মাউতেও তেওঁলোকক শান্ত কৰিব নোৱাৰিলে। ইফালে নিজৰ প্ৰাণ ৰখাৰ ভয়ত ইফালে সিফালে দৌৰিবলৈ আৰম্ভ কৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা ভক্তই ।
ঘটনাটোত কেবাজনো লোক আহত হয়।স্থানীয় সূত্ৰৰ অনুসৰি, খাদিয়া অঞ্চলৰ ৰথ যাত্ৰা চলিত বৰ্ষত ১৪৮ বছৰত ভৰি দিছে।শোভাযাত্ৰাত মুঠ ১৮টা হাতীয়ে অংশ লৈছিল।
তাৰে এজনে হঠাৎ উত্তেজিত হৈ দৌৰিবলৈ ধৰিলে। পাছত আৰু দুটা হাতীয়েও অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে।
যাৰ বাবে ভিৰৰ মাজৰ মানুহবোৰো নিজৰ প্ৰাণ ৰক্ষাৰ শংকাত দৌৰিবলৈ ধৰিলে। এই খবৰ পোৱাৰ পাছতে স্থানীয় আৰক্ষী, বন বিভাগৰ বিষয়া আৰু পশু চিকিৎসকৰ এটা দল সেই স্থানত উপস্থিত হয়।
প্ৰাৰম্ভিক তদন্তত বন বিভাগৰ বিষয়াসকলে জনাইছে, শোভাযাত্ৰাৰ সময়ত ছাউণ্ড বক্স আৰু ভিৰৰ বাবেই হাতীকেইটা উত্তেজিত হৈ পৰে । ইয়াৰ পাছত ট্ৰেংকুলাইজাৰেৰে হাতীকেইটাক নিয়ন্ত্ৰণলৈ অনা হয়। ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়েও ভিৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।






























