ONGC oil field gas emissions stopped :
১৬ দিনৰ অন্তত শিৱসাগৰৰ ভটিয়াপাৰবাসীলৈ আশাব্যঞ্জক খবৰ আহিল ৷ অৱশেষত বন্ধ হ’ল অএনজিচিৰ আৰডিএছ ১৪৭ (এ) তৈলখাদ তৈলখাদৰ গেছ নির্গমন৷মাৰ্কিন তিনিজনীয়া বিশেষজ্ঞৰ দলৰ অহৰহ চেষ্টাৰ মূৰকত বন্ধ হ’ল গেছ নির্গমন ৷ কেপিং পদ্ধতিৰে গেছ নিৰ্গমন ৰোধ কৰে মাৰ্কিন বিশেষজ্ঞৰ দলটোৱে ৷
কে’বা কোটি টকা ব্যয় কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অনা বিশেষজ্ঞ দলটোৰ জৰিয়তে সফলতাৰ মুখ দেখিলে অ’এনজিচিয়ে |
উল্লেখ্য যে,যোৱা ১৫ দিনীয়া ব্যর্থতাৰ বাবে তলে তলে প্রতিষ্ঠানটো শংকিত হোৱা বুলি চর্চা চলিছিল। ৰাইজৰ ক্ষোভৰ উদ্গীৰণ হোৱা আশংকাত বৃহস্পতিবাৰৰে পৰা ভটীয়াপাৰৰ বিস্ফোৰণস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছিল অ’এনজিচিয়ে। চিআৰপিএফৰ দলো ঘটনাস্থলীত নিয়োগ কৰা হৈছে।
হাতে উল্লেখ কৰিব পাৰি যে,স্থানীয় ৰাইজক ভয়াৱহ বিপদৰ মুখলৈ ঠেলি দি আত্মগোপন কৰি থকা এছ কে পেট্ৰ’ৰ স্বতাধিকাৰ কৃষ্ণ আগৰৱালাই ভটীয়াপাৰবাসীৰ প্রৱল প্রত্যাহ্বানৰ সম্মুখীন হ’ব লাগিব বুলি ক্ষতিগ্রস্ত ৰাইজে সকীয়াই দিয়ে। ঘটনা সংঘটিত হোৱাৰ ১৬ দিনৰ পাছতো এবাৰলৈও বহু বিতর্কিত ঠিকাদাৰ আগৰৱালাই ৰাইজৰ সমস্যাৰ বুজ নল’লে। কেইদিনমান পূর্বে আন্দোলন কৰি থকা এটা জাতীয় সংগঠনৰ স’তে তেওঁৰ প্ৰতিনিধিয়ে আলোচনা কৰে যদিও ঘটনাস্থলীত কিয় অহা নাই তাকে লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। ভটীয়াপাৰ অঞ্চলৰ বিশিষ্ট ৰাজহুৱা কর্মী ভোলা কাকতিয়ে প্রৱঞ্চক আগৰৱালাৰ বিৰুদ্ধে অনশন কার্যসূচী গ্ৰহণ কৰিব বুলি সদৰী কৰিছিল। ইয়াৰ পাছতো যদি আগৰৱালাৰ গা নলৰে তেন্তে আমৰণ অনশন কৰিব বুলিও কয়।
ইপিনে,ভটীয়াপাৰ বাৰীচুকৰ ঘটনাক লৈ দল-সংগঠনসমূহ আজি পুনৰ প্রতিবাদমুখৰ হয়। ভটীয়াপাৰৰ ক্ষতিগ্রস্ত পৰিয়ালসমূহক ১০ৰ পৰা ২০ লাখ টকাকৈ পুঁজিপতি ঠিকাদাৰী প্রতিষ্ঠান এছ কে পেট্ৰ’ৰ মালিক কৃষ্ণ আগৰৱালাই ক্ষতিপূৰ্ণ আদায় নিদিয়া পর্যন্ত ক্ষান্ত নহও বুলি আস্ফালন ঘটাই ঘটনাৰ পাছদিনাৰ পৰা উত্তাল প্রতিবাদ সাব্যস্ত কৰা দল-সংগঠনসমূহ হঠাৎ মৌন হৈ পৰা বিষয়টোক লৈ ৰাইজৰ মাজত চর্চা চলিছিল।
কিন্তু তাৰ মাজতে বৃহস্পতিবাৰৰ পৰা আটাছু, কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ, জাতীয় সংগ্রামী সেনা অসম আদিৰ শিৱসাগৰ জিলা সমিতিৰ লগতে ই-ৰিক্সা সস্থাই এছ কে পেট্ৰ’ৰ নগৰৰ ফুকন নগৰ কাৰ্যালয়ৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰে। আনহাতে, দল-সংগঠনসমূহে পৃথকে পৃথকে ভটীয়াপাৰবাসীক একাষৰীয়াকৈ থৈ বিভিন্ন পক্ষৰ লগত আলোচনাত মিলিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধেও ভটীয়াপাৰবাসী ৰাইজে তীব্র বিষোদগাৰ প্ৰকাশ কৰিছে।
বিভিন্ন দল-সংগঠনে এছ কে পেট্ৰ’ৰ স্বতাধিকাৰী কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰৰ দাবী জনাই এজাহাৰ দাখিল কৰাৰ পাছতো আজি পর্যন্ত কোনো ব্যবস্থা গ্ৰহণ কৰাৰ সাহস নকৰা বিষয়টোক সহজভাবে ৰাইজে গ্রহণ কৰিব পৰা নাই। উল্লেখ্য যে আৰম্ভণিতে সৰৱ হৈ পৰা একাংশ দল-সংগঠনে বিগত দিন কেইটাত মৌন হোৱাক লৈ ৰাইজে প্রতিক্রিয়া প্রকাশ কৰে।
আনপিনে, ৩৭৪ টাৰ অধিক ক্ষতিগ্রস্ত পৰিয়ালে বিগত তিনিদিনৰ পৰা এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰাই নহয়, প্রণজনিত কাৰণত বহু লোকে মূৰৰ বিষ, চকু আৰু ছালৰ ৰোগত আক্রান্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ভয়ংকৰ গেছ নির্গমনৰ বাবে আমগুৰি শিক্ষাখণ্ডৰ ৰুদ্ৰসাগৰ মণ্ডলৰ ৪৩৪ নম্বৰৰ উপৰি ৰূপহীকিনাৰ প্ৰাথমিক বিদ্যালয় আৰু দুই নম্বৰ ভটীয়াপাৰ প্ৰাথমিক বিদ্যালয় দুখনত অ’এনজিচিৰ পৰামৰ্শ মতে নিয়মীয়া পাঠদান বন্ধ ৰখা হৈছে। এই মুঠ ৫৮ জন শিক্ষার্থীৰ পাঠদানৰ বাবে এতিয়াহে ব্যৱস্থা গ্রহণ কৰা হৈছে।




































