Plane Crash:উৰণৰ কিছু সময়ৰ পাছতে আমেৰিকাৰ অহাইঅ’ত সংঘটিত হয় বিমানখন দুৰ্ঘটনাগ্ৰস্ত । এই দুৰ্ঘটনাটোত পাইলটসহ ছয়জন লোকৰ মৃত্যু হয়। কিন্তু বিমানখন কি কাৰণত দুৰ্ঘটনাগ্ৰস্ত হয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
যদিও এই ঘটনা দেওবাৰে সংঘটিত হয়, তথাপিও ঘটনাটো মঙলবাৰে পোহৰলৈ আহে।
দেওবাৰে পুৱা অহাইঅ’ৰ ইয়ংষ্টাউন-ৱাৰেন বিমানবন্দৰৰ পৰা মন্টানা অভিমুখে উৰা মাৰিছিল বিমানখন। কিন্তু উৰণৰ কিছু সময়ৰ পাছতে বিমানবন্দৰৰ ওচৰৰ এখন জঙ্ঘলত ভাঙি মাৰে।
এই তথ্য লাভ কৰিয়ে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়।
তথ্য অনুসৰি,বিমানখন ব্যক্তিগত জেট আছিল। বিমানখনৰ ভিতৰত পাইলটকে ধৰি মুঠ ছজন যাত্ৰী আছিল। দুৰ্ঘটনাটোত আটাইকেইজনৰে মৃত্যু হয়।
কিন্তু বিমানখন কিয় দুৰ্ঘটনাগ্ৰস্ত হয় তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে।
অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় , “এয়া অতি দুৰ্ভাগ্যজনক কাণ্ড। বিমানখন জঙ্ঘলত দুৰ্ঘটনাগ্ৰস্ত হয়, গতিকে প্ৰাৰম্ভিক উদ্ধাৰৰ প্ৰচেষ্টা কঠিন আছিল। দুৰ্ঘটনাস্থলীৰ ওচৰত কেবাটাও ঘৰ আছিল। অৱশ্যে সেইসমূহ কোনো ক্ষতি হোৱা নাই।”
এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আমেৰিকাৰ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচন আৰু নেশ্যনেল ট্ৰেন্সপ’ৰ্টেশ্যন ছেফটি ব’ৰ্ডে। ওচৰৰ চিচিটিভি ফুটেজ পৰ্যালোচনা কৰাৰ লগতে প্ৰত্যক্ষদৰ্শীৰ স’তে কথা পাতিছে।






























