UlFA [I] :
গুৱাহাটীত আলফা (স্বা)ৰ সদস্যৰ দীঘলীয়া উপস্থিতিৰ তথ্য পোহৰলৈ অহাৰ লগে লগে আৰক্ষীৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি হৈছে। কে’বাজনো সদস্যই মহানগৰীৰ লজ আৰু ভাড়াঘৰত অলপতে বাহৰ পতাৰ তথ্য নিশ্চিত হোৱাৰ পাছতে নিৰাপত্তা ব্যৱস্থাও বৃদ্ধি কৰা হৈছে।
বিশেষকৈ আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে সংগঠনটোৰ এনে তৎপৰতা স্পর্শকাতৰ হৈ পৰিছে। কিয়নো যোৱাবাৰ স্বাধীনতা দিৱসৰ দিনাই গুৱাহাটীৰ চাৰিটাকে ধৰি ৰাজ্যৰ ২৪ টা স্থানত সংগঠনটোৱে বোমা সংস্থাপন কৰি নিজৰ সামৰিক শক্তিৰ পৰিচয় দিছিল।
আনকি এটা বোমা ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড দিছপুৰৰ মন্ত্ৰী আৱাসৰ পিছফালেই সংস্থাপন কৰিছিল। আৰক্ষীক লজ্জানত কৰি সংগঠনটোৱেহে ওলোটাই বোমা সংস্থাপনৰ তথ্য আৰু তাৰ স্থান ৰাজহুৱা কৰিছিল। তাৰ পাছতহে আৰক্ষীয়ে সংগঠনটোৱে দেখুৱাই দিয়া স্থানত তালাচী চলাই ইটোৰ পাছত সিটো শক্তিশালী আইইডি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। সেই ভীতিয়ে আজিও খেদি ফুৰিছে অসম আৰক্ষীক।
তাৰ মাজতে আলফা (স্বা)ৰ সদস্যই গুৱাহাটীত বাহৰ পতা খবৰে একপ্ৰকাৰ থৰকাছুটি খুৱাইছে আৰক্ষীক। এই পর্যন্ত বাহৰ পতা উগ্রপন্থী সদস্যৰ সম্ভেদ আৰক্ষীয়ে লাভ কৰা নাই। কিন্তু তাৰ লগত যোগসূত্র পোৱা চাৰিজনক কালি গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাই গ্রেপ্তাৰ কৰে।
অৱশ্যে চাৰিওজনক তিনিদিন পূর্বেই আটক কৰি সোধ-পোছ কৰিছিল। সূত্ৰত প্রকাশ যে হিমাংশু দাস নামৰ যুৱকজনে এটা লজত কাম কৰে। সেই লজটোতো উগ্রপন্থী সদস্যই আশ্রয় লৈছিল। কোঠাৰ ভাড়া ধ্রুবজ্যোতিয়ে আদায় লৈছিল। নিজৰ গুগল পে’ৰ জৰিয়তে ধ্রুবজ্যোতিয়ে ভাড়া আদায় লোৱাৰ তথ্যও উদ্ধাৰ হৈছে।
অভিযোগ অনুসৰি, ভাড়া এনেদৰে আদায় লোৱাৰ সূত্রেই আলফা (স্বা) সদস্যৰ লগত এক যোগসূত্রও ধ্ৰুৱজ্যোতিৰ গঢ়ি উঠে। ধৃত আন তিনিজনে সংগঠনটোৰ সদস্যক গুৱাহাটীত বাহৰ পতা আৰু বাহৰ পাতি থকা সময়ত বিভিন্ন ধৰণে সহায়-সহযোগিতা কৰাৰো অভিযোগ উত্থাপিত হৈছে।






























![Assam News Today | UlFA [I] :গুৱাহাটীত বাহৰ পাতি আঁতৰি গ'ল আলফা (স্বা)ৰ সদস্যই - Dainik Agradoot | UlFA [I] :গুৱাহাটীত বাহৰ পাতি আঁতৰি গ’ল আলফা (স্বা)ৰ সদস্যই](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2025/07/MAUBADI.jpeg?resize=690%2C375&ssl=1)