Horrific murder in Bamunimaidam :
পৰকীয়া প্ৰেমৰ দৰে ধাৰাবাহিক সংঘটিত ঘটনাৱলী সামাজিক ব্যাধিলৈ পৰ্যবেশিত হৈছে ৷ পৰকীয়া প্ৰেমৰ পৰিণতিৰ বাবে ইটোৰ পিছত সিটোকৈ সংঘটিত হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই মহানগৰীত পুনৰ সংঘটিত হ’ল লোমহৰ্ষক হত্যাকাণ্ড। ঘটনাৰ স্থান বামুনীমৈদামত ৷
এজন যুৱকে দাৰে ডিঙিত ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰে এগৰাকী মহিলাক ৷ দেওবাৰে নিশা দহমান বজাত যুৱকজনে সুৰাপান কৰি আহি মহিলা গৰাকীক হত্যা কৰাৰ অভিযোগ উদ্থাপিত হৈছে ৷
উল্লেখ্য যে,হত্যাকাণ্ড সংঘটিত কৰা যুৱকজন সম্বন্ধত মহিলা গৰাকীৰ স্বামীৰ ভনী জোঁৱাই চবাহমুদ্দিন মণ্ডল৷ ৪০ বছৰীয়া অভিযুক্ত চবাহমুদ্দিন পেছাত এজন কাঠমিস্ত্ৰী ৷ আনহাতে নিহত মহিলাগৰাকী কামাল খানৰ পত্নী গোলেজা বিবি ৷ হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰে চবাহমুদ্দিন মণ্ডল ৷পৰকীয়া প্রেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷
আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পিছত নিশাই চানমাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত মহিলা গৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰি ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত।





























