AAMSU Protest Rally :
গোৱালপাৰা- ধুবুৰী সহ কেতবোৰ অঞ্চলত ৰাজ্য চৰকাৰে অব্যাহত ৰখা ব্যাপক উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিল আমছু ৷ শনিবাৰে উচ্ছেদিত পৰিয়ালক পৰ্য্যাপ্ত ক্ষতিপুৰন আৰু পুনৰসংস্থাপন দাবীত আমছুৱে ৰাজ্যজুৰি এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷
বিলাসীপাৰাৰ বাঙালীপাৰাত উত্তাল প্রতিবাদ সাব্যস্ত কৰি উচ্ছেদিতক ক্ষতিপূৰণ আৰু সংস্থাপনৰ দাবীৰে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ নেতৃত্বত এক প্ৰতিবাদ সমদল উলিয়াই প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ।
ধৰ্ণাস্থলীত অংশ লোৱা আমছুৰ সভাপতি গৰাকীয়ে কয়,মুছলমানৰ বিৰুদ্ধে অচিৰেই অন্যায় বন্ধ নহলে সংখ্যালঘু ৰাইজে নিজেই ৰাজপথলৈ ওলাই আহি নিজৰ জীৱন আৰু সম্পত্তিৰ দায়িত্ব ল’ব’। সেয়েহে অচিৰেই উচ্ছেদিত পৰিয়ালক পৰ্য্যাপ্ত ক্ষতিপুৰন আৰু পুনৰসংস্থাপনৰ ব্যৱস্থা কৰক চৰকাৰে ৷ অন্যাৰ্থাই
বৃহৎ গণ আন্দোলনৰ হুংকাৰ দিয়ে ৷
# বিজনীত শনিবাৰে আমছুৰ এক প্ৰতিবাদী সমদল
উচ্ছেদিত পৰিয়ালক পৰ্য্যাপ্ত ক্ষতিপুৰন আৰু পুনৰ সংস্থাপন দাবীত চিৰাঙৰ বিজনীত শনিবাৰে আমছুৰ এক প্ৰতিবাদী সমদল উলিওৱা হয়।
বিজনী জিলা আমছুৰ উদ্যোগত বিজনী-সুভাইঝাৰ পথৰ পৰা উলিওৱা এই সমদলটো বিজনী চহৰ পৰিভ্ৰমণ কৰিবলৈ লওতে আদবাটতে বিজনীৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে। প্ৰতিবাদত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰুছুল খান,জিলা আমছুৰ সভাপতি জাহেদ আলী ৷
# স্বদেশীক বিদেশীৰ নামত হাৰাশাস্তি বন্ধৰ দাবীত চিৰাঙত আমছুৰ উত্তাল প্ৰতিবাদ
ৰাজ্যত চলা উচ্ছেদৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যখনৰ লগতে চিৰাং জিলাতো আমছুৰ প্ৰতিবাদী কাৰ্যসূচী। চিৰাং জিলা আমছুৰ আহ্বানত চিৰাং জিলা সদৰ কাজলগাঁৱত উলিয়ায় প্ৰতিবাদী সমদল ।
সংখ্যালঘু ওপৰত অসম চৰকাৰে আক্ৰমণ বন্ধ কৰক ,হিমন্ত বিশ্ব শৰ্মা নিপাত যাওক ,অসম চৰকাৰৰ গোবেক ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। চিৰাং আৰক্ষীয়ে প্ৰতিবাদকাৰীক ধৰিবলৈ বেৰিকেট বহুৱাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰে। প্ৰতিবাদ সমদলৰ নেতৃত্ব দিয়ে জিলা আমছুৰ সভাপতি নাজিৰ ৰহমান ৷




































