Rejaul karim Sarkar:
কথাত কটা যায়,কথাত বঁটা পায় । এই আপ্তবাক্য শাৰী প্ৰযোজ্য হ’ল ন কংগ্ৰেছী নেতা এজনৰ ক্ষেত্ৰত। তেওঁ হ’ল সদ্য পদত্যাগী আমছু নেতা ৰেজাউল কৰিম সৰকাৰৰ ৷ মানবেন্দ্ৰ শৰ্মা ভৱনত দেওবাৰে এপিচিচি সভাপতি গৌৰৱ গগৈ উপস্থিতিত কংগ্ৰেছত যোগদান কৰি ভাষণ প্ৰসংগত ৰেজাউল কৰিমে কৰা এক বিতৰ্কিত মন্তব্যক লৈ শিৱসাগৰ সহ উজনি অসমত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ আটাছু,টাইপা ,অসমীয়া যুৱ মঞ্চ,বীৰ লাচিত সেনা সহ কে’বাটাও জাতীয় সংগঠনে ৰেজাউল কৰিমৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ ঠায়ে ঠায়ে আজি জ্বলিল ৰেজাউল কৰিমৰ পুত্তলিকা ৷ টাইপাই ৰেজাউল কৰিমক কংগ্ৰেছৰ পৰা বহিস্কাৰৰ ডেটলাইন বান্ধি দিয়ে গৌৰৱ গগৈক ৷ ইয়াৰ পিছতে থৰকাছুটি হেৰুৱাই অৱশেষত অসমবাসী ৰাইজৰ কাষত ক্ষমা প্ৰাৰ্থনা নকংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ ।
এই সন্দৰ্ভত ৰেজাউল কৰিমে কয় মই মোৰ বক্তব্য উঠাই লৈছোঁ ৷ মই কু-মনোবৃত্তিৰে কথা কোৱা নাছিলোঁ ৷ মই বৰ অসম গঢ়াৰ উদ্দ্যেশি সমন্বয়ৰ মনোবৃত্তিৰেহে কথাটো কৈছিলো৷ কিন্ত শেহতীয়াকৈ দেখা পাইছো মোৰ মন্তব্য খিনি মুখ্যমন্ত্ৰী সহ কেতবোৰ মাধ্যমে বিকৃত ভাৱে উপস্থাপিত কৰিছে।



































