Delhi :
পুনৰ দিল্লীৰ পাঁচখন বিদ্যালয়ত বোমাৰ ভাবুকি। বুধবাৰে পুৱা একেধৰণৰ ইমেইলৰ ভাবুকিৰ জৰিয়তে ৰাজধানীত আতংক বিয়পি পৰে। বিগত তিনিদিনত দিল্লীৰ ১০খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিছে দুষ্কৃতিকাৰীয়ে। স্বাভাৱিকতে এই ঘটনাই আতংক বিয়পাইছে। ঘটনাৰ পাছতে বিদ্যালয়খনত তালাচী অভিযান চলোৱা হয় যদিও সন্দেহজনক একো পোৱা নগ’ল।
আৰক্ষী সূত্ৰই জনোৱা মতে, বুধবাৰে দিল্লীৰ দ্বাৰকাৰ ছেইণ্ট থমাছ স্কুল আৰু বসন্ত ভেলী স্কুলত অভিযান চলাই। ইয়াৰ পিছতে মাদাৰ্ছ ইণ্টাৰনেশ্যনেল স্কুল, ৰিচমণ্ড গ্ল’বেল স্কুল আৰু চৰ্দাৰ পেটেল স্কুলতো একেধৰণৰ ভাবুকি মেইল লাভ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীক জনোৱাৰ লগে লগে দিল্লী আৰক্ষী, বোমা স্কোয়াড, ডগ স্কোয়াড আৰু চাইবাৰ এক্সপাৰ্টৰ দল উপস্থিত হয়।
অৱশ্যে তাতো তালাচী চলোৱাৰ পাছত সন্দেহজনক একো পোৱা নগ’ল। এনে ভাবুকিপূৰ্ণ মেইল কোনে পঠিয়াইছে সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বিগত তিনিদিনত দিল্লীৰ ১০খন কলেজ আৰু বিদ্যালয়লৈও একেধৰণৰ ভাবুকি ইমেইল প্ৰেৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে দিল্লীৰ নৌসেনাৰ শিশু বিদ্যালয় আৰু চি আৰ পি এফ বিদ্যালয়ে বোমাৰ ভাবুকি ইমেইল লাভ কৰিছিল।
মঙলবাৰে চাওলাৰ ছেইণ্ট ষ্টিফেনছ কলেজ আৰু ছেইণ্ট থমাছ স্কুলে ভাবুকি ইমেইল লাভ কৰে। বাৰে বাৰে এনে ঘটনা সংঘটিত হোৱাৰ বাবে প্ৰশাসন চিন্তিত হোৱাটো স্বাভাৱিক। প্ৰথম অৱস্থাত কোনোবাই ইচ্ছাকৃতভাৱে এই ঘটনা সৃষ্টি কৰি আৰক্ষী প্ৰশাসনক বিভ্ৰান্ত কৰাৰ সন্দেহ কৰা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।






























