Mukesh Ambani: মুকেশ আম্বানী এজন অর্বুদপতি। তেওঁ ৰাজকীয় জীৱনশৈলীৰে জীৱন কটায়। যদিও তেওঁৰ জীৱনটো বিলাসিতা আৰু ব্যস্ততাৰে আবৃত, তথাপি খাদ্যৰ ক্ষেত্ৰত তেওঁ অতি বিনয়ী আৰু ঘৰুৱা।
মুকেশে নিজকে ফিট কৰি ৰখাৰ বাবে খাদ্যৰ ক্ষেত্রত নিয়ম মানি চলে। নীতা আম্বানীয়ে প্ৰকাশ কৰা মতে মুকেশে নিৰামিষ খাদ্য খায়। মুকেশৰ মতে সকলো দায়িত্বশালী হাতেৰে চম্ভালিবলৈ হ’লে শৰীৰটো সুস্থ কৰি ৰাখিব লাগিব।
বৰ ব্যস্ত থকাৰ পাছতো তেওঁ নিজৰ যত্ন ল’বলৈ নাপাহৰে। বহুতে ভাবে যে আম্বানীসকলৰ খাদ্য মেনু চাগে বিলাসিতাৰে মেৰিয়াই থোৱা। দিনটোত তিনিবাৰকৈ বিলাসী খাদ্য খায়।
সেইটো সঁচা নেকি?
কিছুদিন আগতে পত্নী নীতাই মুকেশৰ খ্যাদ্যাভ্যাস ৰাজহুৱা কৰিছিল। খাদ্যৰ ক্ষেত্রত মুকেশ নিখুঁত। কিন্তু মুকেশ এজন খাদ্যপ্রেমীও। পুৱাৰ পৰা ৰাতিলৈকে মুকেশে কি কি খায়?
পুৱাৰ জলপান
মুকেশে দিনৰ আৰম্ভণিতে অতি লঘু খাদ্য খায়। আনকি তেওঁ পুৱাৰ জলপানত কোনো ভজা খাদ্য, তেল বা মছলা স্পর্শ নকৰে।
পুৱা মুকেশে কিছু সতেজ ফলমূল আৰু ফলৰ ৰস খায়। গধুৰ খাদ্যৰ ভিতৰত ইদলী আৰু সম্বৰ। কেতিয়াবা দোছা আৰু পোহাও থাকে। কেতিয়াবা দুগ্ধজাত সামগ্রীও থাকে।
দুপৰীয়াৰ আহাৰ
মুকেশে নিৰামিষ খাদ্য খায়। গতিকে তেওঁৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ মেনুত মাছ, মাংস বা কণী নাথাকে। বহুতে প্ৰশ্ন কৰে, দুপৰীয়া মুকেশে কি খায়? ভাত, দাইল, মাখানী, শাক-পাচলি, পাপৰ, চালাড, পনিৰ, চাটনি এইকেইবিধ বেছিভাগ দিনেই মুকেশৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ মেনু। অৱশ্যে কেতিয়াবা ভাতৰ সলনি চাপাতি আৰু দাইল খায়।
নৈশ আহাৰ
মুকেশে ৰাতি খুব কম খাদ্য খায়। ৰাতি আঠ বজাৰ আগতে মুকেশে ৰাতিৰ আহাৰ খায়। ৰাতিৰ আহাৰত তেওঁৰ ৰুটি, দাইল আৰু শাক-পাচলিও খায়। ঘৰতে ৰন্ধা খাদ্য খাই মুকেশে আটাইতকৈ বেছি ভাল পায়। ঘৰতে ৰন্ধা খাদ্যৰ বাহিৰে তেওঁ আন একো নাখায়।






























