Asia’s Richest person:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ধনকুবেৰ গৌতম আদানীয়ে পুনৰবাৰ মুকেশ আম্বানীক চেৰ পেলাই এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য বৃদ্ধিৰ বাবে তেওঁৰ ধন-সম্পত্তি যথেষ্ট বৃদ্ধি পাইছে।
দেশৰ দুজন আগশাৰীৰ উদ্যোগপতিৰ ধন-সম্পত্তিৰ বৃহৎ বিপৰীতমুখী ৰূপ ধাৰণ কৰিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীক অতিক্ৰম কৰি এছিয়াৰ শীৰ্ষ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে উদ্যোগপতি গৌতম আদানীয়ে।
ব্লুমবার্গ বিলিয়নাৰ ইণ্ডেক্সৰ সমীক্ষাত এই তথ্য প্রকাশ পাইছে ৷ তথ্যানুসৰি আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯২.৬ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে আম্বানীৰ সম্পত্তিৰ পৰিমাণ ৯০.৮ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। ইয়াৰ ফলত আদানী কেৱল ভাৰতৰেই নহয় এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হৈ পৰিছে। বৰ্তমান তেওঁ বিশ্বৰ ৫০০ ধনী লোকৰ তালিকা ব্লুমবাৰ্গ বিলিয়নাৰ ইণ্ডেক্সৰ সমীক্ষাত ১৯ নম্বৰ স্থানত আছে।
উল্লেখ্য যে আদানী গ্ৰুপৰ শ্বেয়াৰ শেহতীয়াকৈ যথেষ্ট অ বৃদ্ধি পোৱাৰ বাবেই আদানীৰ ধন-সম্পত্তি বৃদ্ধি পাইছে। তেওঁৰ ব্যৱসায় বন্দৰৰ পৰা শক্তিলৈকে আৰু এই খণ্ডসমূহৰ প্ৰতি বিনিয়োগকাৰীৰ আগ্ৰহ শেহতীয়াকৈ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত তেওঁৰ কোম্পানীসমূহৰ মাৰ্কেট কেপ দ্ৰুতগতিত বৃদ্ধি পায় আৰু তেওঁৰ মুঠ সম্পদ যথেষ্ট বৃদ্ধি পায়।
উল্লেখ্য যে ,আদানীয়ে দেশৰ সৰ্ববৃহৎ ব্যক্তিগত বন্দৰ নেটৱৰ্ক পৰিচালনা কৰে। নবীকৰণযোগ্য শক্তি, বিমানবন্দৰ পৰিচালনা, কয়লা ব্যৱসায় আদি ডাঙৰ খণ্ডতো তেওঁৰ দখল আছে। তেওঁৰ ধনৰ এক উল্লেখযোগ্য অংশ ১০টা তালিকাভুক্ত কোম্পানীত তেওঁৰ অংশীদাৰিত্বৰ পৰাই আহে।
আনহাতে এছিয়াৰ ধনী ব্যক্তিৰ দ্বিতীয় স্থানত থকা মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ব্যৱসায়ো শক্তিশালী যদিও ইয়াৰ বৃদ্ধি আদানী গ্ৰুপৰ তুলনাত কিছু লেহেমীয়া হোৱাৰ বাবে ৰেংকিঙত এই বিপৰীতমুখীতা দেখা গৈছে। এইবাৰ তুলনামূলকভাৱে লাহে লাহে বৃদ্ধি পাইছে মুকেশ আম্বানীৰ সম্পদ। তেওঁৰ মূল ব্যৱসায় হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, যিয়ে শক্তি, টেলিকম, খুচুৰা বিক্ৰীৰ দৰে খণ্ডক সামৰি লৈছে। কিন্তু এইবাৰ তেওঁৰ ধন-সম্পত্তি ইমান দ্ৰুতগতিত বৃদ্ধি হোৱা নাই, যাৰ ফলত ৰেংকিঙৰ পৰিৱৰ্তন ঘটিছে।
উল্লেখযোগ্য বিশ্বৰ ধনী লোকৰ কথা ক’বলৈ গ’লে টেছলাৰ স্বত্বাধিকাৰী ইলন মাস্কে এতিয়াও শীৰ্ষস্থান দখল কৰি আছে। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৬৫৬ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছে। তেওঁৰ পিছতে আছে গুগলৰ লেৰী পেজ (২৮৬ বিলিয়ন ডলাৰ) আৰু আমাজনৰ জেফ বেজোছ (২৬৯ বিলিয়ন ডলাৰ)। তাৎপৰ্যপূৰ্ণভাৱে বিশ্বৰ শীৰ্ষ ৫০ গৰাকী ধনী লোকৰ তালিকাত অন্তৰ্ভুক্ত হৈছে মাত্ৰ দুজন ভাৰতীয় ৷তেওঁলোক হ’ল আদানী আৰু আম্বানী।






























