✒️শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ উপাদানসমূহৰ ভিতৰত অন্যতম হ’ল ছ’ডিয়াম-পটাছিয়াম। শৰীৰৰ কোষসমূহে স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিবলৈ এই দুয়োবিধ ইলেক্ট্র’লাইটৰ খুবেই প্রয়োজন।
এইখিনিতে উল্লেখ কৰিব লাগিব যে মস্তিষ্কৰ কোষৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে ছ’ডিয়াম-পটাছিয়ামৰ প্ৰয়োজন বেছি। প্ৰতিটো কোষৰ গাত ছডিয়াম-পটাছিয়ামৰ পাম্প থাকে।
এই পাম্পৰ জৰিয়তে কোষৰ ভিতৰত পটাছিয়াম প্ৰৱেশ কৰি ছ’ডিয়াম বাহিৰলৈ উলিয়াই দিয়ে। দুয়োবিধ যদি স্বাভাৱিক পৰিমাণে নাথাকে তেতিয়াহ’লে শৰীৰৰ বিভিন্ন সমস্যাই গা কৰি উঠাৰ আশংকা থাকে।
শৰীৰত যেতিয়া লৱণৰ পৰিমাণ হ্রাস পায় তেতিয়া ছ’ডিয়াম-পটাছিয়ামৰ পৰিমাণ হ্রাস পায়। দুয়োবিধ উপাদানৰ পৰিমাণ হ্রাস পোৱাৰ ফলত হাত-ভৰি গধুৰ হ’বলৈ ধৰে। শাৰীৰিক দুৰ্বলতা অনুভৱ হয়। মস্তিষ্কৰ স্বাভাৱিক কার্যক্ষমতাত ব্যাঘাত জন্মে।
যিবোৰ কথা জানিব লাগে
আমাৰ সমাজত এনে বহু লোক আছে যিসকলে বেমাৰ হ’লেও চিকিৎসকৰ ওচৰলৈ যাব নোখোজে। যেতিয়া ৰোগে জটিল ৰূপ ধাৰণ কৰে তেতিয়াহে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰে। নিয়মীয়াকৈ চিকিৎসকৰ ওচৰলৈ নগ’লেও ৰক্তচাপ নিয়ন্ত্ৰণ হৈ থাকে বুলি নাভাবিব। কাৰণ আমাৰ দেশত উচ্চ ৰক্তচাপত আক্রান্ত হোৱাৰ পাছতো চিকিৎসকৰ ওচৰলৈ নোযোৱা বাবে বহুতৰ এই ৰোগ ধৰা নপৰে। ধৰা নপৰিলে চিকিৎসাও নোহোৱাকৈ থাকে। ফলত ষ্ট’ক, হার্টএটেক হোৱাৰ ফলত আক্রান্ত লোকজন মৃত্যু মুখত পৰে।
নিয়মীয়াকৈ ৰক্তচাপৰ টেবলেট বা ঔষধ খোৱা উচিত। বহুতৰে মনত ভ্রান্ত ধাৰণা আছে যে নিয়মীয়াকৈ ঔষধ সেৱন কৰিলে কিডনী বা বৃক্ক নষ্ট হয়। সেই বাবে বহুতো লোকে আনকি শিক্ষিতসকলেও উচ্চ ৰক্তচাপৰ ঔষধ নিয়মীয়াকৈ খাব নোখোজে। সকলোৱে মনত এনে ধাৰণা লোৱা বাবে নিজৰ লগতে পৰিয়ালৰ আন সদস্যৰ কাৰণেও বিপদৰ কাৰণ হয়। ঔষধৰ পৰিমাণহে কম বেছি হ’ব পাৰে।






























