Ranjeet Kumar Das:✒️ৰাজ্য চৰকাৰে নির্ধাৰণ কৰা অনুসৰি অহা পহিলা আগষ্টৰ পৰা ৰাজ্যত নতুন পঞ্চায়তৰ কাম-কাজ আৰম্ভ নহয়; কিয়নো যোৱা ২১ জুলাইৰ পৰা আজি অর্থাৎ ৩১ জুলাইৰ ভিতৰত জিলা পৰিষদ গঠনৰ যি লক্ষ্য লোৱা হৈছিল, সেয়া কার্যকৰী নহ’ল।
ইয়াৰ পৰিপ্ৰেক্ষিতত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে পূৰ্বৰ নিৰ্দেশনাৰ সংশোধন কৰি অহা ছয় আগষ্টলৈ জিলা পৰিষদ গঠনৰ সময়সীমা বৃদ্ধি কৰে।
উল্লেখ্য যে বিভাগটোৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰিছিল যে চলিত জুলাইৰ ভিতৰত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহ গঠন কৰা হ’ব; কিন্তু এই গঠন প্রক্রিয়াত হোৱা ব্যাপক খেলিমেলি তথা ৰাজনৈতিক টনা-আঁজোৰাই চৰকাৰী নীতি-নির্দেশনাকে অর্থহীন কৰি তোলে।
গাঁও পঞ্চায়ত গঠনৰ নামত ৰাজ্যত ব্যাপক অনিয়ম সংঘটিত হয়। পঞ্চায়ত সভাপতি নিৰ্বাচনৰ নামত ধনৰ ব্যাপক লেনদেন কার্য মুকলি কৰে। লাখ লাখ টকাৰ বিনিময়ত সদস্য ক্রয়-বিক্রয়তেই সীমাবদ্ধ নহৈ বিভিন্ন স্থানত মাৰপিটৰ ঘটনাও সংঘটিত হয়।
চৰকাৰৰ স্বচ্ছ-নিকা পঞ্চায়ত গঠনৰ শ্ল’গান এনেদৰে আৰম্ভণিতেই অর্থহীন হৈ পৰে। ইয়াৰ পৰিণতিত লক্ষ্য নির্ধাৰিত যোৱা ১০ জুলাইৰ ভিতৰত বহু পঞ্চায়ত গঠন নহ’ল। আঞ্চলিক পঞ্চায়ত গঠনৰ ক্ষেত্ৰতো একেবোৰ ঘটনাৰ পুনৰাবৃত্তি হয়। জিলা পৰিষদ গঠনত স্বয়ং বিজেপিতেই তীব্র যুঁজ-বাগৰ অব্যাহত আছে।
জিলা পৰিষদৰ সভাপতি বাছনিত শাসকীয় বিজেপি কে’বাখনো জিলাত প্রবল দলীয় প্রত্যাহ্বানৰ সম্মুখীন হৈছে। লবী বাজনীতিত সোমাই পৰা এই নির্বাচনী যুঁজৰ বাবে পূর্ব নিৰ্ধাৰিত অনুসৰি আজিৰ ভিতৰত জিলা পৰিষদসমূহৰ গঠন সম্ভৱ নহ’ল।
সেয়েহে সময়সীমা সাত দিনলৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়। উল্লেখ্য যে অসমত ২৭ খন জিলা পৰিষদ আছে আৰু ইয়াৰ অধীনত থকা সমষ্টিৰ সংখ্যা হ’ল ৩৯৭টা।
পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, অহা ছয় আগষ্টৰ ভিতৰত জিলা পৰিষদসমূহৰ গঠন সম্পূর্ণ হয়, তেন্তে আগন্তুক স্বাধীনতা দিৱসৰ পৰাই ৰাজ্যত নতুন পঞ্চায়তসমূহৰ কাম-কাজ আৰম্ভ হ’ব। প্রসংগক্রমে দিছপুৰৰ সূত্ৰই সদৰী কৰে যে জিলা পৰিষদৰ নির্বাচনী প্রক্রিয়াটোতেই ব্যাপক অনিয়ম সংঘটিত হোৱাৰ চৰ্চা চলি আহিছে।
জিলা পৰিষদৰ সভাপতি হোৱাৰ প্ৰত্যাশাৰে একাংশ প্রার্থীয়ে বানপানীৰ দৰে ধন ব্যয় কৰে। ৰাজ্যিক নির্বাচন আয়োগৰ নীতি-নির্দেশনাক অংগুষ্ঠ দেখুৱাই তেনে কাণ্ড কৰাৰ পাছত তাৰে বিজয়ীসকলে এতিয়া যিকোনো প্ৰকাৰে নিজে বাঞ্ছা কৰা পদটো দখল কৰিবলৈ উঠিপৰি লাগিছে।
ইয়াকে লৈ যি টনা-আঁজোৰা চলিছে, তাত দলীয় প্রভাবো যথেষ্ট পৰিছে। কাৰণ জিলা পৰিষদৰ সদস্য পদত ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল নিজৰ দলীয় প্রতীক চিহ্নত অবতীর্ণ হৈছিল। গতিকে এই ক্ষেত্রত দলীয় হস্তক্ষেপো স্বাভাৱিকতে পৰিছে। এই ধৰণৰ টনা-আঁজোৰাৰ বাবেই চৰকাৰে নিজৰ লক্ষ্যপথৰ পৰা উফৰিবলৈ বাধ্য






























