Passport:
বেগ-পত্ৰ বান্ধি ফুৰিবলৈ ওলাইছিল। বিমানবন্দৰত পৰীক্ষাৰ সময়তহে দম্পতীয়ে দেখিলে যে এক ডাঙৰ ভুল হৈছে। তেওঁলোকৰ শিশু পুত্ৰৰ পাছপ’ৰ্টৰ ম্যাদ যে উকলিল, সেয়া লক্ষ্য কৰা নাছিল। নবীকৰণৰো উপায় নাই। সেই বুলিয়েনো ফুৰিবলৈ নাযাবনে? ১০ বছৰৰ পুত্ৰক বিমানবন্দৰতে এৰি বিমানত উঠিলগৈ দম্পতী। আনহাতে, পিতৃ-মাতৃক নেদেখি ক্রন্দনত ভাঙি পৰিছে শিশুটি। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে স্পেইনৰ এটা বিমানবন্দৰত।
‘দ্য নিউয়র্ক প’ষ্ট’ৰ এক প্রতিবেদন অনুসৰি, কিছুদিনৰ পূৰ্বে ফুৰিবলৈ ওলাইছিল উক্ত বিবেকহীন দম্পতীয়ে। বিমানবন্দৰত নথি-পত্ৰ পৰীক্ষাৰ সময়তহে তেওঁলোকে গম পালে যে শিশু পুত্ৰৰ স্পেনীয় ভিছাৰ ম্যাদ উকলি গৈছে। সেই মুহূৰ্তত ট্রেভেল ভিছাৰ প্রয়োজন; কিন্তু বিমান এৰাৰ সময়ো হৈছিল।
সেয়ে টার্মিনালতে পুত্ৰক এৰি বিমানত উঠি পৰে সেই দম্পতী। যোৱাৰ পূৰ্বে অৱশ্যে তেওঁলোকক এজন বিমানকর্মীয়ে বাধা দিছিল। যদিও উক্ত দম্পতীয়ে জনায় যে পুত্রক তেওঁলোকে কেৱল বিমানবন্দৰ পর্যন্তহে আনিছিল। এজন আত্মীয়ও আহিছে আৰু তেৱেঁই পুত্রক লৈ যাব।
ইপিনে, বহু সময় পাৰ হোৱাৰ পাছতো শিশুটিক নিবলৈ কোনো নাহিল। ফলত আৰক্ষীয়ে শিশুটিক সোধপোছ কৰে। শিশুটিয়ে জনায় যে তেৱোঁ পিতৃ-মাতৃৰ স’তে বিদেশত ফুৰিবলৈ যোৱাৰ বাবেই আহিছিল; কিন্তু তেওঁক নিনিয়াকৈয়ে পিতৃ-মাতৃ গুচি গ’ল। শিশুটিৰ কথাত বিমানবন্দৰৰৰ নিৰাপত্তা ৰক্ষীৰ পৰা আৰম্ভ কৰি আৰক্ষীৰ লোকো আচৰিত হৈ পৰে। লগে লগে খা-খবৰ লোৱা হয় যে কোন বিমানৰ কোন আসনত সেই দম্পতী বহি আছে।
প্রতিবেদন অনুসৰি, যথেষ্ট সময় খোজ-খবৰ লোৱাৰ পাছত আৰক্ষীয়ে সেই দম্পতীৰ সন্ধান লাভ কৰে। আন এক বিমানবন্দৰত তেওঁলোকৰ বেগ-পত্ৰ জব্দ কৰা হয়। তেওঁলোককো আটক কৰা হয়। অৱশ্যে উক্ত দম্পতীক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই, সেয়া প্রতিবেদনত উল্লেখ কৰা নাই।






























