ED Raid in Moran :
মৰাণ নগৰত ED-ৰ অভিযান ৷ মৰাণ নগৰস্থিত নাথুৰাম ওংকাৰমল এণ্ড কোম্পানীৰ ভৱনত এই অভিযান ৷ ভৱনৰ নিবাসী ৰাজকুমাৰ ম’ৰৰ পুত্ৰ সাৰংগ ম’ৰৰ বিৰুদ্ধে অভিযান চলাইছে ED-ৰ দলটোৱে ৷ গুৱাহাটীত চাৰ্টাড একাউনটেন্ট (CA) হিচাপে কৰ্মৰত হৈ আছে সাৰংগ ম’ৰ।
ADVERTISEMENT
দিল্লীৰ পৰা অহা ED-ৰ ১৩ জনীয়া এটা বৃহৎ দলে পুৱা ৫ বজাৰ পৰা চলাইছে অভিযান ৷ কি কাৰণত এই অভিযান চলাইছে সেই কথা জানিব পৰা হোৱা নাই যদিও মৰাণ চহৰ মাজমজিয়াত থকা এই বাসভৱনত হঠাৎ ED-ৰ অভিযানক লৈ মৰাণত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।






























