Guwahati Incident:
পবিত্র শাওণত চলি থকা ব’লব’মক লৈ গুৱাহাটীত গণপ্ৰহাৰৰ বলি হোৱা এটি কিশোৰে কালি মৃত্যুক সাৱটি লয়। বেলতলাৰ বিপ্লৱ পাল (১৬) নামৰ কিশোৰটিৰ মৃত্যুৰ পাছত শোকত ভাগি পৰা প্ৰেমিকায়ো আত্মহত্যাৰ পথ বাছি লয়। প্রেমিকাৰ ঘৰ আছিল বিজনীত। অভিযোগ অনুসৰি, বিপ্লবে যোৱা দেওবাৰে বন্ধুৰ স’তে ব’লব’মৰ বাবে বশিষ্ঠলৈ গৈছিল। শৰীৰ সুস্থ – নাছিল বাবে সাধাৰণতে ব’লব’মলৈ যোৱা গেৰুৱা বস্ত্ৰৰ পৰিৱৰ্তে বিপ্লৱে ক’লা ৰঙৰ এটা জেকেট পৰিধান কৰিছিল।
অভিযোগ অনুসৰি, ক’লা ৰঙৰ বস্ত্ৰ পৰিধান কৰি ব’লব’মলৈ যোৱাত ক্ষুণ্ণ হৈছিল বশিষ্ঠ মন্দিৰৰ ব’লব’মৰ দায়িত্বত থকা একাংশ স্বেচ্ছাসেৱক। দুয়োপক্ষৰ মাজত যুক্তি-তর্ক চলাৰ মাজতে স্বেচ্ছাসেৱকৰ এটা দলে বিপ্লৱক প্ৰহাৰ কৰিছিল। গুৰুতৰভাৱে আঘাত পোৱা বিপ্লৱক নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰোৱা হয়; কিন্তু কালি বিপ্লৱৰ মৃত্যু হয়।
বিপ্লৱৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে প্রেমিকা অগ্নি বিশ্বাসে শোকত ভাগি পৰি আত্মহত্যা কৰে। যোৱা মঙলবাৰে প্ৰেমিকাৰ পিতৃৰো বিয়োগ ঘটিছিল। উল্লেখ্য যে পিতৃ-মাতৃৰ বিয়োগৰ পাছত ককাক-আইতাকৰ স’তে বিপ্লবে বাস কৰিছিল। জীৱন নিৰ্বাহৰ বাবে এখন টাইলছৰ দোকানত কাম কৰাৰ সমান্তৰালকৈ অধ্যয়নো কৰি আছিল বিপ্লবে।
ইপিনে, ঘটনাক লৈ বশিষ্ঠ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। অৱশ্যে বিপ্লৱক প্ৰহাৰ কৰা এজনকো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।





























