Delhi:✒️ধাৰাসাৰ বৰষুণত বিধ্বস্ত ৰাজধানী।যাৰ ফলত তাপমাত্ৰা যথেষ্ট হ্ৰাস পায়। শনিবাৰে দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা ২৬.৪ ডিগ্ৰী চেলছিয়াছ হৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি,যোৱা ৩৪ বছৰত আগষ্ট মাহত ৰাজধানী চহৰখনৰ তাপমাত্ৰা ২৬ৰ তললৈ হ্ৰাস পোৱা নাই।
ৰাজধানীখনত শেষবাৰৰ বাবে তাপমাত্ৰা ২৫.৩ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছিল ১৯৭৬ চনৰ আগষ্ট মাহত।বিগত কিছুদিন ধৰি ৰাজধানীত ধাৰাবাহিকভাৱে বৰষুণ দি আহিছে। যাৰ বাবে বহু পথ পানীৰে ভৰি পৰিছে, ব্যাহত হৈ পৰিছে যাতায়ত।
বতৰ বিজ্ঞান কাৰ্যালয়ৰ তথ্য অনুসৰি শনিবাৰে পুৱা ৮:৩০ বজালৈকে প্ৰগতি ময়দান অঞ্চলত সৰ্বাধিক বৰষুণ (১০০ মিলিমিটাৰ) হৈছে।
তালিকাত পৰৱৰ্তী স্থানত আছে ছফদাৰজং (৭৮.৭ মিলিমিটাৰ), লোধি পথ (৮০ মিলিমিটাৰ) আৰু পুছা (৬৯ মিলিমিটাৰ)। বতৰ বিজ্ঞান বিভাগে আগন্তুক কিছুদিনৰ বাবে দিল্লীৰ কেবাটাও স্থানত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।






























