Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Editor's Choice

দৃষ্টিপাত: কনকসেন ডেকা

১৫ আগষ্ট: সংবিধানৰ জলঙাৰে

publisher by publisher
August 15, 2025
in Editor's Choice
Reading Time: 1 min read
0
দৃষ্টিপাত: কনকসেন ডেকা
1
SHARES
7
VIEWS
ShareShareShareShare

ধেৱা, পাথৰিঘাটৰ ৰাইজমেল, জালিয়ানাৱালাবাগৰ হত্যা, মণিৰাম দেৱান-কুশল কোঁৱৰৰ ফাচী, খুদিৰাম, ভগত সিং আৰু অগণন দেশপ্রেমিকৰ চৰম ত্যাগৰ মূল্যত ১৯৪৭ৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিছে। ১৯৫০ৰ ২৫ জানুৱাৰীত ঘোষিত গণতান্ত্রিক ৰাষ্ট্ৰৰ সংবিধানৰ প্ৰস্তাৱনাত কোৱা হ’ল:আমি ভাৰতবাসীয়ে অতি আন্তৰিকতাৰে ভাৰতবৰ্ষক এখন সার্বভৌম ধর্ম নিৰপেক্ষ সমাজতান্ত্রিক, সাধাৰণ তন্ত্র ঘোষণা কৰিলো আৰু প্ৰতিজন নাগৰিকৰ বাবে নিশ্চিত কৰা হ’ল-ন্যায়: সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক। স্বাধীনতা-চিন্তা প্রকাশ, বিশ্বাস আৰু প্রার্থনাৰ। সম অধিকাৰ-সমমর্যাদা আৰু সমসুবিধা প্রদানেৰে সকলোৰে মাজত ভ্রাতৃত্বসুলভমনোভাৱ গঢ়ি তোলাটো।

ADVERTISEMENT

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

কোনে কাৰ বোজা ল’ব ?

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ‘সমাজতান্ত্রিক’ আৰু ‘ধর্মনিৰপেক্ষ’ শব্দ দুটা ১৯৭৬ৰ সংবিধানৰ ৪২ সংখ্যক সংশোধনীবে অন্তর্ভুক্ত কৰা হৈছে। সংবিধানৰ প্ৰস্তাৱনাত ৰাষ্ট্ৰৰ যি মূল লক্ষ্য দাঙি ধৰা হৈছে, সেয়া সাত দশকৰ পাছত আমাৰ স্বাধীনতা কিমান দূৰ সফল হ’ল সেয়া বিচার্য বিষয়। যদি প্রস্তাৱনা অনুসৰি সুফল জনসাধাৰণে পোৱা নাই, তেন্তে তাৰ বাবে জগৰীয়া কোন?

আমাৰ সংবিধানৰ ত্রুটি কোনখিনিত, যাৰ ফলস্বৰূপে দেশবাসীয়ে আকাংক্ষিত সুফল পোৱা নাই? প্রস্তাৱনা অনুসৰি প্রত্যেকেই অর্থনৈতিক সা-সুবিধা লাভ কৰিব লাগিব; অর্থাৎ নাৰী-পুৰুষৰ উভয়েই কর্মসংস্থানৰ সুবিধা লাভ কৰাৰ লগতে বাসস্থান, সুষম খাদ্য, সন্তানৰ উপযুক্ত শিক্ষা, নিজৰ ধৰ্ম অনুযায়ী প্রার্থনা কৰাৰ সুযোগ, নিজস্ব চিন্তা প্রকাশ আৰু প্ৰচাৰ কৰাৰ সুযোগ পাব লাগিব। তদুপৰি প্রত্যেকেই সু-স্বাস্থ্যৰ বাবে প্রয়োজনীয় চিকিৎসা পাব লাগিব। সংবিধানৰ প্ৰস্তাৱনা অনুসৰি প্ৰতিজন নাগৰিকে শ্ৰমৰ বিনিময়ত স্বচ্ছলভাবে জীয়াই থকাটো নিশ্চিত হ’ব লাগিব; কিন্তু আমি দেখিবলৈ পাইছো যে সবহসংখ্যক নাগৰিকে কর্মসংস্থান লাভ কৰা নাই অথবা যি কৰ্মসংস্থান লাভ কৰিছে, তাৰ দ্বাৰা লাভ কৰা পাৰিশ্রমিকৰে পৰিয়ালৰ সদস্যসকলৰ স’তে জীয়াই থকাটো সম্ভৱ নহয়।

দৰাচলতে দেশৰ সৰহ সংখ্যক নাগৰিকে এনেদৰে গভীৰ অর্থনৈতিক সংকটৰ মাজেৰে সময় অতিক্রম কৰিব লগা হোৱাৰ বিপৰীতে মুষ্টিমেয় এচাম লোকে দেশৰ সৰহখিনি সম্পদেই ভোগ কৰিবলৈ সক্ষম হোৱা দেখা গৈছে। এধানমান লক্ষ্য কৰিলে আমি অনুভৱ কৰিব পাৰো যে সামাজিক আৰু অর্থনৈতিক সমতা ৰক্ষা কৰা হোৱা নাই; কিয়নো একোজন মানুহেই কোনো উৎস নোহোৱাকৈয়ে বিনা শ্রমে কোটি কোটি টকাৰ সম্পত্তিৰ স্বত্বাধিকাৰী হৈছে। এই বৈষম্য থকালৈকে দৰিদ্রতা হ্রাস পায় কেনেকৈ?

গতিকে সংবিধানৰ প্রস্তাৱনাত অর্থনৈতিক সমতাৰ কথা কোৱা হ’লেও কার্যতঃ বৈষম্য অটুট আছে। তেনেদৰেই হিন্দু সমাজত এতিয়াও জাতিভেদ প্রথা অটুট আছে আৰু এচামে সদায়েই তল শ্ৰেণীৰ মানুহ হিচাপে জীৱন কটাইছে। সার্বজনীন ভোটাধিকাৰ সত্ত্বেও আমাৰ সংসদ আৰু বিধানসভাসমূহত দেশৰ ৯০ শতাংশ কৃষক আৰু শ্রমিকৰ এজনো প্রতিনিধি দেখিবলৈ পোৱা নাযায়। সংবিধানত ৰাজনৈতিক ক্ষমতাৰ জৰিয়তে প্রত্যেকে ন্যায় পাব বুলি কোৱা হৈছে; কিন্তু বাস্তব ক্ষেত্রত আঢ্যৱস্ত শ্রেণীৰ লোক বা তেওঁলোকৰ সমৰ্থকসকলেহে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰে। ভাৰতবৰ্ষৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ হ’লে বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন; কিন্তু সিমানখিনি ধন দেশৰ ৯০ শতাংশ লোকৰ পক্ষে ব্যয় কৰাটো সম্ভৱ নহয়। গতিকে এই ৯০ শতাংশ কৃষক-শ্রমিকৰ প্রতিনিধি যদিহে আইন সভাত নাথাকে, তেন্তে দেশৰ সকলো শ্ৰেণীৰ লোকৰ প্ৰতিনিধিত্ব হ’ল বুলি ক’ব পাৰি জানো?

তাৰ অৰ্থ, দেশৰ ৯০ শতাংশ সাধাৰণ মানুহৰ দুখ-বেদনাৰ কথা দাঙি ধৰিবলৈ কোনো প্রতিনিধি আইন সভাত নাথাকে। তেনেদৰেই মনৰ ভাৱ প্রকাশ কৰাৰ অধিকাৰ আছে বুলি সংবিধানত উল্লেখ কৰা হৈছে যদিও বহু সময়তেই নির্ভীকভাবে সঁচা কোৱা ব্যক্তিয়ে শাস্তিৰ সম্মুখীন হোৱা দেখা যায়। আজিও ভাৰতবৰ্ষত মুক্ত কণ্ঠেৰে মনৰ ভাৱ প্রকাশ কৰাটো যে বিপজ্জনক, সেই কথা ভুক্তভোগীসকলে গম পায়।

গতিকে দেখা যায় যে দেশে স্বাধীনতা লাভ কৰাৰ পাছত সগৌৰৱে বিশ্বৰ ভিতৰতেই সর্ববৃহৎ সংবিধান গ্রহণ কৰা হ’ল যদিও বাস্তর ক্ষেত্রত ধনী-দুখীয়াৰ মাজৰ বৈষম্য ভয়াবহ ধৰণে বাঢ়িছে। যি মুকেশ আম্বানীয়ে ২৭ মহলীয়া বাসভৱনত বাস কৰে, সেই ভৱনৰ সন্মুখতেই মহাৰাষ্ট্ৰৰ কৃষকে অবর্ণনীয় দুখ-যন্ত্রণা ভোগ কৰি আহিছে। কেৱল মহাৰাষ্ট্ৰ বুলিয়েই নহয়, দেশৰ প্ৰায়বোৰ অঞ্চলৰে কৃষকসকলে স্বাধীন দেশৰ নাগৰিক হিচাপে সা-সুবিধা ভোগ কৰিবলৈ পোৱা নাই। তদুপৰি আটাইতকৈ বেদনাদায়ক কথা এইটোৱেই যে মহাত্মা গান্ধীয়ে স্বাধীনতাৰ প্ৰাক-মুহূৰ্তত সকলোৰে বাবে বুনিয়াদী শিক্ষাৰ কথা কৈছিল, যি শিক্ষাৰ দ্বাৰা প্রত্যেকেই স্বাৱলম্বী হ’ব পাৰে; কিন্তু বুনিয়াদী শিক্ষাক দূৰতে বিদূৰ কৰা হ’ল আৰু সৰ্বনশীয়া কথাটো হ’ল যে সাধাৰণ ছাত্ৰৰ বাবে একধৰণৰ আৰু আঢ্যৱন্তৰ সতি-সন্ততিৰ বাবে ভিন্ন ধৰণৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ব্যৱস্থা কৰা হ’ল। সংবিধানত উল্লেখিত সার্বজনীন শিক্ষা ব্যবস্থা ধোঁৱাচাঙত উঠিল। এইবোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্রীয়ে উত্তীর্ণ হোৱাৰ লগে লগে চৰকাৰী-বেচৰকাৰী উভয় খণ্ডতেই চাকৰি-বাকৰি লাভ কৰে; কিন্তু সাধাৰণ বিদ্যালয় উত্তীর্ণ হোৱাসকলে বছৰৰ পাছত বছৰ চাকৰিৰ পাছত দৌৰিও সুফল নাপায়।

তদুপৰি আমাৰ সংসদীয় ব্যৱস্থাত বহুত কেৰোণ আছে। বর্তমানৰ নিৰ্বাচিত সদস্যসকলৰ ৭০ শতাংশৰ বিৰুদ্ধেই আছে হত্যা, ধর্ষণ, চুৰি, ডকাইতি আদিৰ গোচৰ, অথচ এবাৰ নিৰ্বাচিত হোৱাৰ পাছত তেওঁলোকে ওৰে জীৱন বিনামূলীয়াকৈ বেল যাত্রা, বিমানযাত্ৰাৰ সুবিধা লাভ কৰে। বৃদ্ধ বয়সতো তেওঁলোকে পেন্সন পায় আৰু পৰিয়ালৰ সদস্যসকলৰ স’তে সুখী জীৱন-যাপন কৰিব পাৰে। কিন্তু ওৰে জীৱন কঠোৰ পৰিশ্ৰম কৰা কৃষকসকলে বৃদ্ধ পেন্সন নাপায় কিয়? এই বৈষম্য কাহানিবা আঁতৰ হ’ব নে?

মহাত্মা গান্ধীয়ে কোৱা গ্রাম্য স্বৰাজ আজি ভুলুণ্ঠিত। গাঁৱৰ মানুহে নিজকে শাসন কৰাৰ বাবে মহাত্মা গান্ধীয়ে যি গ্রাম্য স্বৰাজৰ কথা কৈছিল তাৰ প্ৰতি গুৰুত্ব দিয়া দেখা নগ’ল। ফলস্বৰূপে ভাগি পৰিছে গাঁৱৰ অর্থনীতি। কিন্তু সৰহ সংখ্যক ভাৰতীয় লোক বাস কৰে গাঁৱতেই। চৰকাৰে গাঁৱৰ অৰ্থনীতিৰ ওপৰতহে গুৰুত্ব দিয়াটো উচিত আছিল। সেয়া কৰা নহ’ল। তাৰ ফলস্বৰূপে গাঁৱৰ যুৱক-যুৱতীসকলে কর্মসংস্থানৰ বাবে মহানগৰীলৈ ঢাপলি মেলিব লগা হৈছে। এসময়ত গাঁৱত সুখেৰে বসবাস কৰি থকা যুৱক-যুৱতীসকলে নগৰলৈ আহি দিন হাজিৰা কৰিছে।

গতিকে সংবিধানৰ প্ৰস্তাৱনাত আর্থিক সমতাৰ কথা উল্লেখ থাকিলেও কার্যতঃ ভয়াবহ বৈষম্য অটুট আছে। ভাৰত চৰকাৰে নিৰ্বাচনৰ কথা সম্মুখত ৰাখি জনসাধাৰণক বিনামূলীয়া খাদ্য সম্ভাৰ যোগান ধৰাটো কোনোপধ্যে কাম্য নহয়। প্রতিজন নাগৰিকে যাতে আত্ম-নিৰ্ভৰশীল হ’ব পাৰে, তাৰ বাবে প্রয়োজনীয় আঁচনি যোগান ধৰাটোহে চৰকাৰৰ দায়িত্ব আছিল। কিন্তু তাকে নকৰি বিনামূলীয়া খাদ্য যোগানেৰে কৃষকসকলক পংগু কৰা হৈছে। প্রয়াত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী বিনামূলীয়া খাদ্য যোগানৰ দুৰ্ঘোৰ বিৰোধী আছিল। কিন্তু বৰ্তমানৰ ব্যৱস্থাই কৃষকসকলক পৰনিৰ্ভৰশীল কৰিহে তুলিছে।

এবছৰৰ পাছতেই দেশে লক্ষজনৰ আত্মত্যাগৰ বিনিময়ত লাভ কৰা স্বাধীনতাই চাৰিকুৰি বছৰত পদার্পণ কৰিব। এখন সমৃদ্ধিশালী ভাৰতবৰ্ষ গঢ়াৰ উদ্দেশ্যে আমি বিশ্বৰ ভিতৰতেই সর্ববৃহৎ সংবিধান গ্রহণ কৰিলো। তদুপৰি সমাজবাদ গঢ়াৰ বাবেও প্রস্তাব সন্নিবিষ্ট হ’ল সংবিধানত। জৱাহৰলাল নেহৰু প্রমুখ্যে নেতাসকলে তেতিয়াই মহামতি লেনিনৰ নেতৃত্বত জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো নাগৰিকৰে সমবিকাশ গঢ়ি তোলা সমাজখনৰ ছবি চাবলৈ ছোভিয়েট কছিয়াৰ মস্কোত উপস্থিত হৈছিলগৈ।

ছোভিয়েট কছিয়াৰ পথেৰেই নেহৰুবে পঞ্জাবত ভাক্রা নাংগল আঁচনি ৰূপায়ণ কৰাৰ ফলস্বৰূপে পঞ্জাব হৈ পৰিল ভাৰতবৰ্ষৰ খাদ্য শস্যৰ ভড়াল। উল্লেখনীয় যে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ নামত গুজৰাটত স্টেডিয়াম নির্মাণ কৰি তেওঁ নিজেই উদ্বোধন কৰিলে। তেনেদৰেই অযোধ্যাৰ ৰাম মন্দিবো প্রধানমন্ত্রীয়ে উদ্বোধন কৰিলে। নতুন সংসদ ভৱন নিৰ্মাণ কৰিও তেৱেই উদ্বোধনো কৰিলে। কিন্তু নেহকরে ভাক্রা নাংগল আঁচনি উদ্বোধন কৰাইছিল এগৰাকী মহিলা শ্রমিকৰ দ্বাৰা।

গতিকে দেখা যায়, আমাৰ নেতাসকলৰ সৰহভাগ কেৱল নিজৰ নাম যশস্যা বিয়পোৱাৰ প্ৰতিয়েই লালায়িত। তদুপৰি সংবিধানত স্পষ্টভাবে উল্লেখ কৰা হ’লেও ধর্মীয় সাম্প্রদায়িকতাৰ বীজ বহুসংখ্যক নেতাই মনৰ পৰা আঁতৰাবলৈ সক্ষম হোৱা নাই। প্রধানমন্ত্রী মোদী গুজৰাটৰ মুখ্যমন্ত্রী হৈ থকা কালত সংঘটিত গোগ্রা কাণ্ডত কে’বাশ ধর্মীয় সংখ্যালঘু লোকে অনাহকতে প্রাণ দিব লগা হৈছিল।

ধৰ্মনিৰপেক্ষতাৰ বাণী দিলেও বহুতৰে মনত সাম্প্রদায়িকতাৰ বীজ সুপ্ত হৈ আছে। তেওঁলোকে সংবিধানৰ নামতে তেনে মানসিকতা সম্পূর্ণভাৱে পৰিহাৰ কৰা উচিত। তদুপৰি নামতে লিপিবদ্ধ সমাজবাদ গঢ়াৰ কোনো প্রচেষ্টা চৰকাৰে লোৱা নাই। তাৰ ফলস্বৰূপে দেশত দৰিদ্র কৃষক-শ্রমিকৰ সংখ্যা ভয়াবহ ধৰণে বৃদ্ধি পাইছে। ই দেশৰ বাবে এক ভয়ংকৰ ক্ষতিকাৰক দিশ। যেতিয়ালৈকে আমাৰ নাগৰিকসকল সুস্থ শৰীৰেৰে জীৱন যাপন কৰিব, তেতিয়ালৈকেহে তেওঁলোকৰ পৰা উন্নত মানৰ উৎপাদন দেশে লাভকৰিব।

সমাজবাদ অবিহনে এই প্রক্রিয়া সম্ভব নহয়। কিন্তু সংবিধানত লিপিবদ্ধ হ’লেও সমাজবাদ গঢ়াৰ আঁচনি সুদূৰ পৰাহত। দৰাচলতে চৰকাৰে সমাজবাদ বিৰোধী কার্য-কলাপতে সর্বাধিক গুৰুত্ব দিয়া দেখা গৈছে। আনকি ব্ৰিটিছৰ সময়ৰ যিবোৰ ৰাজহুৱা প্রতিষ্ঠান ভবিষ্যতৰ প্ৰজন্মৰ কাৰণে সংৰক্ষণ কৰি ৰখা হৈছিল, সেইবোৰো বৃহৎ পুঁজিপতিক উপঢৌকন দিয়াই কেবল নহয়, লগতে বেংকৰ ঋণো উদাৰভাৱে মঞ্জুৰ কৰি আহিছে।

তেনে সুযোগ লাভ কৰিয়েই এইসকল পুঁজিপতিয়ে দেশৰ বেংকসমূহৰ ধন বিদেশলৈ কঢ়িয়াই নিছে আৰু বহু লক্ষ কোটি টকা ঘূৰাই দিয়াৰ কোনো সম্ভাবনা নাই বুলি চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। আমাৰ দৰিদ্ৰ কৃষকে কৃষিৰ উন্নয়নৰ বাবে কেইহেজাৰ মান টকা বিচাৰি বেংকৰ পদুলিৰ পৰা বিমুখ হৈ ঘুৰি আহিব লগা হোৱাটো স্বাভাৱিক কথা; কিন্তু আদানী-আম্বানীৰ দৰে বৃহৎ পুঁজিপতিৰ বাবে বেংকৰ দুৱাৰ সকলো সময়তেই খোলা থাকে। সাধাৰণ কৃষক-শ্রমিকৰ বাবে চৰকাৰৰ বহুল প্রচাৰিত প্রতিষ্ঠানসমূহৰ তলা বন্ধ দেখা গৈছে।

এই তলা খুলি আমাৰ যিসকল যুৱক-যুৱতীয়ে কৃষি-উদ্যোগ-বাণিজ্যত আত্মনিয়োগ কৰিব খোজে, তেওঁলোকে সহজ কিস্তিত বিত্তীয় প্রতিষ্ঠানসমূহৰ পৰা ধনৰ যোগান পোৱাটো নিশ্চিত কৰা উচিত। অসমক অর্থনৈতিকভাবে স্বাবলম্বী কৰিবলৈ হ’লে কৃষি আৰু থলুৱা উদ্যোগৰ ওপৰত গুৰুত্ব দিবই লাগিব; কিন্তু অতি পৰিতাপৰ বিষয় যে তেনে গুরুত্বপূর্ণ বিষয়ৰ প্ৰতি আমাৰ চৰকাৰী কর্তৃপক্ষই দৃষ্টিপাত কৰা দেখা নাযায়। সেয়েহে কর্মহীনৰ সংখ্যা এহাতে যিদৰে বৃদ্ধি পাইছে, তেনেদৰে এসময়ৰ সাফল্যৰ চূড়াত আৰোহণ কৰা শুৱালকুছিৰ বস্ত্রশিল্প, হাজো-সৰ্থেবাৰী আদিৰ কাঁহ-পিতলৰ শিল্প ক্ৰমাৎ মুমূর্ষু অৱস্থালৈ গতি কৰিছে; কিন্তু এনেবোৰ ক্ষেত্ৰত চৰকাৰৰ নির্লিপ্ত ভূমিকাই সচেতন মহলক চিন্তিত কৰি তুলিছে।

আমাৰ সমাজত গৰুকেই লক্ষ্মী বুলি কোৱা হয়; কিন্তু ট্রেক্টৰৰ ব্যৱহাৰৰ ফলস্বৰূপে গোহালিবোৰ খালী হৈ আছে। গো-লক্ষ্মী নাই। ই এক গুৰুতৰ বিষয়। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খালী হৈ থখা গোহালিবোৰ কিদৰে গাইগৰুৰে শোভাবর্ধন কৰিব পৰা যায়, সেই বিষয়ৰ চিন্তা-চৰ্চা আমাৰ চৰকাৰে কেতিয়া কৰিব?

স্বাধীনতা লাভৰ ৭৯ বছৰত আজি আমি এখন দেউলীয়া অসম পাইছো। খাদ্য সামগ্ৰীৰ পৰা বস্ত্ৰলৈকে সকলোবোৰ বাহিৰৰ পৰা আমদানি হৈ আছে; কিন্তু ১৯৪৭ৰ স্বাধীনতাপ্রাপ্তিৰ সময়ত লোণৰ বাহিৰে অসমে আন একো আনিবলগীয়া হোৱা নাছিল। আমি তেতিয়া স্বাবলম্বী আছিলো। আছিলো স্বাধীন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: pranjal sen deka
publisher

publisher

Related Posts

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
Editor's Choice

শ্রদ্ধা যেতিয়া ঘৃণাত পৰিণত হয়!

April 27, 2026
অংক মাথোঁ লাভ-লোকচানৰ
Editor's Choice

অংক মাথোঁ লাভ-লোকচানৰ

February 17, 2025
দোস্ত দোস্ত না ৰহা..?
Editor's Choice

দোস্ত দোস্ত না ৰহা..?

February 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d