Gossaigaon :
গোসাইগাওঁৰ কচুগাওঁ চিএলএফ গোটৰ সভানেত্ৰীক পলোৱাই লৈ গল সাৰ্জেন আলিয়ে। তাকে লৈ কচুগাওঁ থানাৰ সন্মুখত প্ৰতিবাদ গোটৰ সদস্যাসকলৰ। পূৰ্বেও সাৰ্জেন আলীয়ে এনে ঘটনাৰ লগত জড়িত থকাৰ বাবে হুদুমখাতা ভিচিডিচিৰ সভাপতি পদৰ পৰা বহিষ্কাৰ হয়।
ADVERTISEMENT
গোসাইগাওঁৰ হুদুমখাতা গাঁৱৰ সাৰ্জেন আলীৰ বিৰুদ্ধে ওলাই আহিল মহিলা সমাজ। মহিলাৰ নিৰাপত্তা আৰু সাৰ্জেন আলীৰ কঠোৰ শাস্তিৰ দাবীত চিএলএফ গোটৰ মহিলা সকলে কচুগাওঁ থানাৰ সন্মুখত প্ৰতিবাদ কৰে।বৰ্তমান সাৰ্জেন আলীক কচুগাওঁ আৰক্ষীয়ে আটক কৰে।




































