পাঠ্যপুথিকেন্দ্রিক বিতৰ্কত পুনৰ সাঙোৰ খালে ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিইআৰটি)। ১৯৪৭ৰ দেশ বিভাজনৰ বাবে কংগ্রেছ, মহম্মদ আলী জিন্না আৰু লৰ্ড মাউন্টবেটেন দায়ী বুলি পৰিষদৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথিসমূহত উল্লেখ আছে।
ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ৰাজনীতি বিজ্ঞানৰ কিতাপসমূহত এই কথা উল্লেখ কৰাক লৈ দেশজুৰি মিশ্রিত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে এনচিইআৰটিৰ এই পাঠ্যপুথিসমূহত কোৱা হৈছে, দেশ বিভাজন কেৱল এজন ব্যক্তিৰ কাৰ্য নাছিল।
বৰঞ্চ তিনিটা শক্তিৰ সম্মিলিত প্রয়াস আছিল-জিন্না, যিজনে দেশ বিভাজনৰ লক্ষ্য প্ৰচাৰ কৰিছিল। কংগ্ৰেছ-যিয়ে দেশ বিভাজন মানি লৈছিল আৰু মাউন্টবেটেন-যাক ভাৰত বিভাজন বাস্তৱায়িত কৰিবলৈ পঠোৱা হৈছিল।’
দেশ বিভাজন সম্পর্কিত এই বিতর্কিত অধ্যায় সংযোজনৰ উদ্দেশ্যে নিয়মিত পাঠ্যপুথিসমূহৰ বাহিৰত ষষ্ঠ-অষ্টম আৰু নৱম-দশম শ্ৰেণীৰ বাবে পৃথক সংস্কৰণ প্ৰস্তুত কৰা হৈছে। এনচিইআৰটিৰ কাৰ্যক লৈ ৰৱ হৈ উঠিছে কংগ্ৰেছ।
পৰিষদৰ এই কার্যক সমালোচনা কৰি কংগ্ৰেছ মুখপাত্র পৱন খেৰাই কয়, ‘ৰাজনৈতিক উদ্দেশ্য প্রণোদিতভাৱে এই কাম কৰা হৈছে। এই নতুন পাঠ্যপুথি পুৰি পেলোৱা উচিত।’ দেশ বিভাজনৰ বাবে প্রত্যক্ষভাৱে কংগ্ৰেছক জগৰীয়া কৰাটো একাংশই মানি ল’ব পৰা নাই।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত এনচিইআৰটিৰ পাঠ্যপুথিক লৈ পূর্বেও বিতর্ক হৈছে। মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গছেৰ আৰএছএছৰ সংশ্ৰৱ সংক্রান্তীয় তথ্য এনচিইআৰটিৰ পাঠ্যপুথিৰ পৰা বাদ দিয়া হৈছে।
তদুপৰি গুজৰাট গোষ্ঠী সংঘৰ্ষৰ প্ৰসংগও পৰিষদে পাঠ্যপুথিৰ পৰা আঁতৰ কৰিছে। এটা পক্ষক সন্তুষ্ট কৰাৰ উদ্দেশ্যে এনচিইআৰটিয়ে এই পদক্ষেপ লোৱাৰ অভিযোগ উত্থাপন হৈছে।






























