Mohsina Kidwai passed away:✒️কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মহছিনা কিদৱাইৰ (Mohsina Kidwai)ৰ দেহাৱসান । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ।
পৰিয়ালৰ সূত্ৰে জনোৱা মতে, বুধবাৰে পুৱাতে নয়ডাৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
তথ্য অনুসৰি, বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল মহছিনা কিদৱাই আৰু দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল।
দীৰ্ঘ ৰাজনৈতিক জীৱনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰভাৱশালী আৰু অভিজ্ঞ নেত্ৰী হিচাপে পৰিচিত আছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ চৰকাৰত গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু দেশৰ ৰাজনীতিত দীৰ্ঘদিন ধৰি সক্ৰিয় ভূমিকা পালন কৰিছিল।






























