Shubhanshu Shukla:✒️মহাকাশৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তে কথা-বতৰা হৈছিল শুভাংশু শুক্লাৰ ।এইবাৰ মুখামুখিকৈ সাক্ষাৎ । আজি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হ’ব শুভাংশু।
সন্ধিয়া পাঁচ বজাৰ পৰা ৫:৩০ বজাৰ ভিতৰত মোডীক সাক্ষাৎ কৰাৰ কথা।
শুভাংশু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ১৮ দিন কটোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হয় আৰু জুলাই মাহত পৃথিৱীলৈ উভতি আহে।
লাহে লাহে তেওঁ মাধ্যাকৰ্ষণ শক্তিৰ লগত খাপ খাই পৰিল।উভতি আহিল নিজৰ দেশলৈ ।
দেওবাৰে পুৱা দিল্লীত অৱতৰণ কৰে শুভাংশু। বিমানবন্দৰত তেওঁক ইছৰোৰ বিষয়াসকলে আদৰণি জনায় ।উপস্থিত থাকে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং ।
উল্লেখ্য যে,আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ভিডিঅ’ যোগে মোডীৰ স’তে শুভাংশুৱে দীঘলীয়া কথা-বতৰা হৈছিল। সেই সময়ত ভাৰতৰ গগণিয়ান মিছনৰ বিষয়টোও আহিছিল।
শুভাংশু আৰু মোডীৰ বৈঠকত কি আলোচনা হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে জ্ঞাত সূত্ৰই জল্পনা-কল্পনা কৰিছে যে দুয়োজনে কেবাটাও ভাৰতীয় অভিযানৰ বিষয়ে আলোচনা কৰিব পাৰে।
২৩ আগষ্টত দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ অনুষ্ঠানত শুভাংশু উপস্থিত থাকিব পাৰে বুলিও ধাৰণা কৰা হৈছে ।






























