Anti-US sentiment:✒️আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ‘শুল্কবোমা’ৰ ভয়াৱহ প্ৰভাৱ পৰিছে দেশীয় বজাৰত। এনে পৰিস্থিতিত এই দেশত আমেৰিকা বিৰোধী আৱেগ ক্ৰমান্বয়ে প্ৰবল হৈ পৰিছে। ইয়াৰ মাজতে যোগগুৰু ৰামদেৱে আমেৰিকাৰ সকলো সামগ্ৰী বৰ্জনৰ দাবী জনাইছে।
সংবাদ সংস্থা এএনআইক ৰামদেৱে কয়, “আমেৰিকাই জাৰি কৰা ৫০ শতাংশ শুল্কৰ বিৰুদ্ধে ভাৰতীয় নাগৰিকে তীব্ৰ প্ৰতিবাদ কৰা উচিত। যিটো ৰাজনৈতিক হাৰাশাস্তি, গুণ্ডাগিৰি আৰু একনায়কত্ববাদ দেখুৱাবলৈ আৰোপ কৰা হৈছে।আমেৰিকাৰ কোম্পানী আৰু ব্ৰেণ্ডৰ সম্পূৰ্ণ বৰ্জন কৰাটো প্ৰয়োজন। পেপচি, কোকাকোলা, ছাবৱে, কে এফ চি বা মেকড’নাল্ডছৰ কাউণ্টাৰত এজনো ভাৰতীয়ক নেদেখোঁ। ব্যাপক বৰ্জন কৰিব লাগে। যদি এই কাম কৰিব পৰা যায় তেন্তে আমেৰিকাতো বিশৃংখলতা হ’ব৷আমেৰিকাত যদি মন্দাৱস্থা হয় তেন্তে ট্ৰাম্পে শুল্ক উঠাবলৈ বাধ্য হ’ব। ভাৰতৰ বিৰোধিতা কৰি ট্ৰাম্পে ডাঙৰ ভুল কৰিছে।”
প্ৰসংগত,ক’বলৈ গ’লে ফ্ৰান্স, ব্ৰিটেইন আৰু কানাডাত ইতিমধ্যে আমেৰিকাৰ সামগ্ৰীৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছে। কিন্তু অৱগত মহল নিশ্চিত যে যদি ১৫ কোটি জনসংখ্যা থকা ভাৰতত আমেৰিকাৰ সামগ্ৰী বৰ্জন আৰম্ভ হয়, তেন্তে ইয়াৰ ফলত আমেৰিকাৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰিব।






























