Teacher Day Celebration in Tezpur University:
আজি ৫ ছেপ্তেম্বৰ শিক্ষক দিৱস। দেশজুৰি পালন কৰা হৈছে ড: সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ৬৪ সংখ্যক জন্মদিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ বিদ্যালয় সমূহটো ছাত্র -ছাত্রীসকলে উলহ-মালহেৰে পালন কৰিছে শিক্ষক দিৱস।
একেদৰে ৰাজ্য চৰকাৰৰ উদ্যোগত শুকুৰবাৰ তেজপুৰ বিশ্ববিদ্যালয় আয়োজন কৰা হয় শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান । বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহ আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে আৰু বিশিষ্ট অতিথি ৰূপে স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই ৷
উল্লেখ্য যে এই অনুষ্ঠানতে ৰাজ্য চৰকাৰে নিৰ্বাচিত কৰা কৃতী শিক্ষক সকলক প্ৰদান কৰা হ’ব ৰাজ্যিক শিক্ষক বঁটা ৷ একেদৰে ‘নাক”ৰ মূল্যায়নত ‘এ’ গ্রেড লাভ কৰা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ,শিক্ষা সেতু এপত্ সর্বাধিক উপস্থিতি দিবলৈ সক্ষম হোৱা শীর্ষ তিনিখন জিলাৰ কৰ্তৃপক্ষ,মহাবিদ্যালয় আৰু পলিটেকনিকৰ ‘পেটেন্ট’ লাভ কৰা শিক্ষক,শিক্ষা সেতু এপত্ বিভিন্ন জিলাৰ উপস্থিতিৰ শীৰ্ষত থকা বিদ্যালয়সমূহৰ মুৰব্বীসকলক সম্বৰ্ধনা জনহৱা হ’ব এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে ৷
ADVERTISEMENT






























