আদিম মানৱ প্রজাতি নিয়ানডাৰথালক লৈ বিশ্বৰ বিভিন্ন স্থানত অধ্যয়ন-গবেষণা চলি আছে। শেহতীয়াভাবে উজবেকিস্তানৰ ৰাজধানী তাছখণ্ডৰ উত্তৰ-পূব দিশে প্রায় এশ কিলোমিটাৰ দূৰত্বৰ ওবি-ৰাখমত নামৰ এটা গুহাত উদ্ধাৰ হোৱা শিলে নিয়ানডাৰথাল সম্পর্কীয় ধাৰণালৈ আমূল পৰিৱৰ্তন অনাৰ সম্ভাৱনা প্রৱল হৈছে।
ওবি-ৰাখমত গুহাত উদ্ধাৰ হোৱা এই শিল টুকুৰা ৮০ হেজাৰ বছৰ পুৰণি। একাংশ প্রত্নতাত্ত্বিকবিদে উদ্ধাৰ কৰা এই শিলডোখৰ তিনিকোণীয়া কেতবোৰ সৰু সৰু পাথৰৰ সমষ্টি।
প্রত্নতাত্ত্বিকবিদসকলে বিশ্লেষণৰ জৰিয়তে তথ্য উদ্ধাৰ কৰিছে যে এই শিলডোখৰ একালত প্রাচীন মানবে কাঠ ফলাত ব্যৱহাৰ কৰিছিল। উল্লেখ্য যে ইতিমধ্যে আদিমানৱ নিয়ানডাৰথালৰ জীৱাশ্মৰ ৰাসায়নিক বিশ্লেষণ কৰি তথ্য উদ্ধাৰ কৰা হৈছে যে সেই আদিম মানব প্রজাতিয়ে খাদ্যৰূপে মাংস অধিক গ্রহণ কৰিছিল।
ঘোঁৰা, হাতী, সিংহ চিকাৰত এই আদিম মানব পটু আছিল। ছুৰীৰ দৰে অস্ত্র মূলতঃ ব্যৱহাৰ কৰিছিল। নিয়ানডাৰথালে ধনু-কাঁড় ব্যৱহাৰ কৰাৰ কোনো প্রমাণ উদ্ধাৰ হোৱা নাই। কিন্তু শেহতীয়াভাৱে ৰাখমত গুহাত উদ্ধাৰ হোৱা শিল টুকুৰাই এই ধাৰণালৈ আমূল পৰিৱৰ্তন অনাৰ সম্ভাৱনা প্ৰৱল হৈছে।
উল্লেখ্য যে পূব আফ্রিকাৰ ইথিউপিয়াত আদিম মানবে ৭৪ হেজাৰ পূৰ্বে ধনু-কাঁড় ব্যৱহাৰ কৰাৰ তথ্য ইতিমধ্যে উদ্ধাৰ হৈছে। অৱশ্যে ইথিউপিয়াৰ এই আদিম মানৱৰ স’তে নিয়ানডাৰথালৰ সম্পৰ্কৰ কোনো তথ্য উদ্ধাৰ হোৱা নাই। উজবেকিস্তানৰ উক্ত গুহাত পূৰ্বে উদ্ধাৰ হোৱা নিয়ানডাৰথালৰ জীৱাশ্মৰ প্ৰাথমিক বিশ্লেষণৰ পাছতে প্রত্নতাত্ত্বিকসকলে এই আদিম মানৱ প্ৰজাতিৰ স’তে ইথিউপিয়াৰ আদিম মানৱৰ সংযোগ নাই বুলি নিশ্চিত হৈছে।
সম্প্রতি প্রত্নতাত্ত্বিকসকলে উক্ত গুহাত উদ্ধাৰ হোৱা পাথৰডোখৰ বিশ্লেষণ কৰি তথ্য উদ্ধাৰ কৰিছে যে নিয়ানডাৰথালে এই পাথৰক ছুৰীৰ দৰে ব্যৱহাৰ কৰিছিল। অৱশ্যে এই ত্রিকোণাকৃতিৰ পাথৰসমূহ ক্ষুদ্ৰ হোৱাৰ পৰিপ্ৰেক্ষিতত এইসমূহ কাঁডৰ স’তে ব্যৱহাৰৰ বাবেও উপযোগী।
প্রত্নতাত্ত্বিকসকলে অনুমান কৰিছে যে অত্যন্ত বেগত আঘাত কৰাৰ ফলত এই পাথৰসমূহৰ ক্ষয় হৈছে। গতিকে এই পাথৰসমূহ কাঁড়ৰ আগ অংশত ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে। যদি সেয়াই হয়, তেন্তে আদিম মানৱ নিয়ানডাৰথালে কেনেদৰে এয়া তৈয়াৰ কৰিলে তাক লৈ চর্চা আৰম্ভ হৈছে।
উল্লেখ্য যে ৮০ হেজাৰ বছৰ পূৰ্বে মধ্য এছিয়াৰ নিয়ানডাৰথালে বাস কৰাৰ তথ্য ইতিমধ্যে উদ্ধাৰ হৈছে। নিয়ানডাৰালৰ পাছত হম’ ছেপিয়েন্সে আদিতে ধনু-কাঁড় ব্যৱহাৰ কৰাৰ তথ্য উদ্ধাৰ হৈছে।
একাংশ প্রত্নতাত্ত্বিকৰ মতে একেবাৰে প্ৰাৰম্ভিক কালত আধুনিক মানুহ (হম’ ছেপিয়েন্স)-এ ধনু-কাঁড় তৈয়াৰ কৰিব পাৰিছিল।
গতিকে নিয়ানডাৰথালেও ধনু-কাঁড় তৈয়াৰ কৰাৰ সম্ভাৱনাক উৰুৱাই দিব নোৱাৰি। কাৰণ পৃথিৱীত নিয়ানডাৰথালৰ অৱস্থিতি থকাৰ সময়তে হম’ ছেপিয়েন্স প্ৰজাতিৰ আবির্ভাব ঘটে। এই দুই মানৱ প্ৰজাতিৰ যৌন মিলনৰ একাধিক প্রমাণ পূর্বে বিজ্ঞানীসকলে উদ্ধাৰ কৰিছে। ২০২৩ত একাংশ প্রত্নতাত্ত্বিকে এটি শিশুৰ মূৰৰ অংশ আৰু দাঁতৰ টুকুৰা উদ্ধাৰ কৰে।
এইসমূহ বিশ্লেষণ কৰি প্রত্নতাত্ত্বিকসকলে নিয়ানডাৰথাল সম্পৰ্কে তথ্য উদ্ধাৰ কৰে। এই ক্ষেত্রত হম’ ছেপিয়েন্সৰ বৈশিষ্ট্যও দেখা যায়। গৱেষকসকলৰ অনুমান হ’ল যে এই দুই ভিন্ন মানৱ প্ৰজাতিৰ মিলনৰ ফলত এক সংকৰ গোষ্ঠীৰ অন্তর্ভুক্তি আছিল এই শিশুটি।
উজবেকিস্তানৰ উক্ত অঞ্চল এই দুই ভিন্ন মানৱ প্ৰজাতিৰ মাজৰ যোগাযোগৰ স্থানত পৰিণত হৈছিল বুলিও বিজ্ঞানীসকলে অনুমান কৰিছে।






























