কেতিয়াবা বাস্তৱৰ ঘটনাই কল্পবিজ্ঞানকো হাৰ মনায়। এনে কিছুমান ঘটনা সংঘটিত হয় যে নির্দিষ্ট প্রমাণ নাথাকিলে বিশ্বাস কৰাটোৱেই কঠিন হৈ পৰে। অষ্টিয়াৰ এডাম বেনিয়াৰৰ কাহিনীও তেনেকুৱাই।
এই লোকজনেই মানৱ সভ্যতাৰ ইতিহাসত একমাত্র মানুহ যি জীৱনৰ এটা সময়ত বাওনা আছিল; কিন্তু পৰৱৰ্তী সময়ত পৰিণত হৈছিল অত্যন্ত ওখ ব্যক্তিত।
১৮৯৯৩ অস্ট্রিয়াৰ গ্ৰাজ অঞ্চলত জন্ম হয় বেনিয়াৰৰ। তেওঁৰ মেডিকেল ৰেকৰ্ড অনুসৰি, শৈশৱত ৰেনিয়াৰ আছিল অত্যন্ত ক্ষীণ আৰু দুর্বল।
১৯১৭ত তেওঁৰ যেতিয়া ১৮ বছৰ বয়স হৈছিল, তেতিয়া তেওঁৰ উচ্চতা আছিল মাত্ৰ চাৰি ফুট। সেই কাৰণে তেওঁ সেনাবাহিনীত যোগ দিব পৰা নাছিল।
বিজ্ঞানৰ ভাষাত এই অৱস্থাটোক বামনত্ব বা ‘ডোয়ার্ফিজম’ বুলি কোৱা হয়। সাধাৰণতে যিকোনো প্রাপ্তবয়স্ক পুৰুষৰ উচ্চতা চাৰি ফুট ১০ ইঞ্চিৰ কম হ’লে, তেওঁক চিকিৎসা বিজ্ঞানত ডোয়ার্ফিজমত আক্রান্ত বুলি গণ্য কৰা হয়। যদিও কিছু বছৰৰ পাছতে হঠাৎ পৰিস্থিতি সলনি হৈ পৰে।
আকস্মিকভাৱে ওখ হ’বলৈ আৰম্ভ কৰে ৰেনিয়াৰ। ২০ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰত গড়ে বছৰী প্ৰায় ৩.১৬ ইঞ্চিকৈ তেওঁ ওখ হ’বলৈ ধৰে।
১৯৩২৩ ৩৩ বছৰ বয়সত ৰেনিয়াৰৰ উচ্চতা হয়গৈ সাত ফুট দুই ইঞ্চি। বিষয়টো ইমানেই অদ্ভুত আছিল যে ঘটনাটো দুজন চিকিৎসকৰ দৃষ্টিলৈ আহে। ১৯৩০ আৰু ১৯৩১ত দুজন চিকিৎসকে ৰেনিয়াৰক পৰীক্ষা কৰে।
পৰীক্ষাত দেখা যায় যে ৰেনিয়াৰৰ পিটুইটাৰি গ্রন্থিত টিউমাৰ হৈছে। উল্লেখ্য যে এই গ্ৰন্থিৰ পৰাই দেহৰ বৃদ্ধি সংক্রান্তীয় বিভিন্ন হৰম’ন ক্ষৰিত হয়। টিউমাৰৰ ফলত সেই গ্ৰন্থিৰ পৰা প্ৰৱল হাৰত নির্গত হৈছিল গ্ৰ’থ বৰম’ন।
তাৰ ফলতে ক্ৰমাৎ ওখ গৈ গৈ আছিল ৰেনিয়াৰ। বিজ্ঞানৰ ভাষাত এই অৱস্থাক কোৱা হয় ‘জায়গান্টিজম’বিজ্ঞানৰ ভাষাত এই টিউমাৰৰ নাম ‘পিটুইটাৰি এডিন’মা’।
বিশ্ববিখ্যাত চিকিৎসক অস্কাৰ হাছে তেওংৰ অস্ত্রেপাচাৰ কৰে। পিটুইটাৰি গ্ৰন্থিৰ অস্ত্রোপচাৰৰ ক্ষেত্ৰত যুগান্তকাৰী অৱদান আছে ডাঃ হাৰ্ছৰ। সেই চিকিৎসকেই অস্ত্রোপচাৰৰ মাধ্যমেৰে ৰেনিয়াৰৰ টিউমাৰটো বাহিৰ কৰে; কিন্তু দুখৰ বিষয় যে তেতিয়ালৈ অনেক পলম হৈছিল।
দেহৰ অস্বাভাৱিক বৃদ্ধিৰ কাৰণ তেতিয়ালৈ ৰেনিয়াৰৰ বিভিন্ন অংগ-প্রত্যংগ মাৰাত্মকভাৱে দুৰ্বল হৈ পৰিছিল। অৱস্থা ইমানেই বেয়া হৈছিল যে খোজকঢ়াৰ শক্তিও হেৰুৱাই পেলাইছিল। অস্ত্রোপচাৰৰ পাছত ৰেনিয়াৰে এটা বৃদ্ধাবাসত থাকিবলৈ লয়।
তাতেই ১৯৫০ত ৫১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ উচ্চতা আছিল সাত ফুট আঠ ইঞ্চি।চিকিৎসাশাস্ত্ৰৰ ইতিহাসত একেজন ব্যক্তিৰ দেহত এনে দ্বৈত অৱস্থাৰ উল্লেখ আৰু ক’তো নাই।
এই পর্যন্ত এডান ৰেনিয়াৰ একমাত্ৰ মানুহ, যি নিজৰ জীৱন কালত ‘ডোয়ার্ফিজম’ আৰু ‘জায়গান্টিজম’ দুই ধৰণৰ ৰোগতে আক্রান্ত হৈছিল।






























