Nepal:✒️তৰুণ প্ৰজন্মৰ চৰকাৰবিৰোধী প্ৰতিবাদত উত্তাল নেপাল। চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে যুৱ প্ৰজন্ম। প্ৰতিবাদৰ ফলত অস্থিৰ হৈ পৰিছে সমগ্ৰ দেশ।
এনে বিপদজনক পৰিস্থিতিত নেপালত বসবাস কৰা ভাৰতীয়সকলৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনা।
নেপালৰ ভাৰতীয়সকলক সজাগ হ’বলৈ কোৱা হৈছে। ভাৰতীয়সকলক স্থানীয় প্ৰশাসনৰ নিয়ম মানি চলিবলৈ কোৱা হৈছে। মন কৰিবলগীয়া যে নেপালত ফেচবুক, ইউটিউব, এক্সকে ধৰি ২৬ ধৰণৰ ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰা হৈছে।
সোমবাৰে জাৰি কৰা এক বিবৃতিত যুৱকজনৰ মৃত্যুৰ খবৰত দুখ প্ৰকাশ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। বিবৃতিত কোৱা হৈছে,’কালিৰে পৰা নেপালৰ পৰিস্থিতি আৰু পৰিঘটনাসমূহ কি দিশত আগবাঢ়িছে সেই বিষয়ে আমি তীক্ষ্ণ দৃষ্টি ৰাখিছো।ইমানবোৰ তৰুণৰ প্ৰাণ হেৰুৱাই যোৱাত আমি অত্যন্ত দুখী । মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে আমি প্ৰাৰ্থনা কৰিছো।’
বিবৃতিটোত আৰু কোৱা হৈছে যে, ‘আমি কাঠমাণ্ডু আৰু নেপালৰ কেবাখনো চহৰত জাৰি কৰা সান্ধ্য আইনৰো নিৰীক্ষণ কৰিছো। নেপালৰ সকলো ভাৰতীয়কে সজাগ হৈ থাকিবলৈ কোৱা হৈছে।’
মন কৰিবলগীয়া যে এই ভয়াৱহ পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ সোমবাৰে নিশা চৰকাৰে উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰে। য’ত ছ’চিয়েল মিডিয়াত থকা সকলো নিষেধাজ্ঞা উঠাই লোৱা হ’ব সিদ্ধান্ত লোৱা হৈছে ।





























