Bhupen Hazarika:✒️কেৱল অসমেই নহয়, অসমৰ পৰিসীমাৰ বহু যোজন দূৰলৈ এতিয়া বিশ্বকণ্ঠৰ সুধাৰ জয়গান। আজিৰে পৰা দেশে-বিদেশে আৰম্ভ হ’ল অসমীয়াৰ হিয়াৰ আমঠু ড° ভূপেন হাজৰিকাৰ জন্মশতবর্ষ উদযাপনৰ কাৰ্যসূচী। ভাৰতৰত্ন গৰাকী প্রতিজন অসমীয়াৰ কোঁহে কোঁহে কিদৰে বিয়পি আছে, বিগত দুদিন ধৰি আৰম্ভ হোৱা পৰিৱেশেই হ’ল তাৰ নিদর্শন।
বিশেষকৈ দেওবাৰে মাজনিশাৰ পৰা তেওঁৰ জন্মদিৱস উদযাপনে পৰিগ্ৰহণ কৰে নতুন মাত্রা। চৰকাৰী স্তৰৰ লগতে গাঁৱে-ভূঞে,নগৰে-চহৰে বিভিন্ন দল, সংগঠন, অনুষ্ঠান আদিৰ উদ্যোগত উদ্যাপিত হয় ড° হাজৰিকাৰ জন্মদিৱসৰ কাৰ্যসূচী। আনকি ড° হাজৰিকাৰ বহু অনুগামীয়ে ব্যক্তিগত উদ্যোগতো তেওঁৰ জন্মদিৱস উদযাপন কৰে।
বিশেষকৈ সোমবাৰে দিনটোত সুধাকণ্ঠ যেন এই ধৰালৈ নামি আহে। তেওঁৰ কণ্ঠ যেন ব্ৰহ্মপুত্ৰৰ দৰে দুয়োপাৰ জীপাল কৰি চৌদিশে বিয়পি পৰে। অসমৰ আকাশে-বতাহে মাথোঁ ড° ভূপেন হাজৰিকাৰেই গীত নিনাদিত হৈ ৰয়। অসম চৰকাৰৰ উদ্যোগত সোমবাৰৰ পৰা বৰ্ষজোৰা জন্মশতবর্ষ উদ্যাপনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।
সমান্তৰালভাৱে বেচৰকাৰী স্তৰতো ৰাজ্যৰ বিভিন্ন সংগঠন আৰু অনুষ্ঠানে নিজাববীয়াকৈ বছৰজোৰা বিবিধ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকেও সুধাকণ্ঠক অধিক প্রতিভাত কৰি তোলাৰ দায়িত্ব গ্রহণ কৰিছে। ড° ভূপেন হাজৰিকাই গানক মুখ্য কৰি সমাজখনৰ প্ৰতিজনক কিদৰে নিজৰ ওচৰত বান্ধি ৰাখিবলৈ সক্ষম হৈছিল তাৰেই এয়া নিদর্শন। তেওঁ অসমক দিছিল নতুন পৰিচয়। অসমক দিছিল বিশ্বৰ মানচিত্ৰত শক্তিশালী স্থান।
অসম চৰকাৰৰ উদ্যোগত সোমবাৰে বিশ্বকণ্ঠৰ গুৱাহাটীৰ জালুকবাৰীত থকা সমাধিক্ষেত্রত জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। ইয়াৰ বাবে সমাধিস্থলীৰ নাম আজিৰে পৰা আনুষ্ঠানিকভাৱে ড° ভূপেন হাজৰিকা সমন্বয়থলী কৰা হয়। তেওঁ আছিল সকলোৰে মাজত সমন্বয়ৰ এনাজৰী। সেই সূত্রেই এই নাম আজি নতুনকৈ ৰখা হয়।
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিশেষ অতিথিৰূপে যোগদান কৰা এই অনুষ্ঠানত সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা, বোৱাৰী কেডেন্স হাজৰিকা আৰু নাতি চেজ হাজৰিকাও উপস্থিত থাকে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ড° হাজৰিকাৰ স্মৃতি সংৰক্ষিত হৈ থকা আলোকচিত্ৰৰ এক প্রদর্শনীও অনুষ্ঠিত হয়।
ভাষণত ৰাজ্যপাল আচাৰ্যই ড° হাজৰিকাক অসমৰ আত্মা আৰু ভাৰতৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এক অতুলনীয় সম্পদ বুলি অভিহিত কৰে। তদুপৰি এগৰাকী মানৱতাবাদী পুৰুষ, ঐক্য-সম্প্ৰীতিৰ শক্তিশালী প্রতিনিধি বুলিও উল্লেখ কৰি ৰাজ্যপালে কয়, ‘কেৱল অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষত ড° ভূপেন হাজৰিকাৰ কণ্ঠ প্রতিধ্বনিত হৈ আছে। প্রতিটো খোজতে তেওঁৰ গানে আনে হেন্দোলনি। তেওঁৰ গান আছিল সাধাৰণ মানুহৰ বাবে। অন্যায়ৰ বিৰুদ্ধে যুঁজাৰ তেওঁৰ গান হ’ল অমোঘ অস্ত্র।’ ৰাজ্যপালে কয় যে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদ্যাপনে তেওঁ দেখুৱাই যোৱা বাটত আগবাঢ়ি যাব পৰাকৈ মানুহক উৎসাহিত কৰিব।
সেয়েহে এনে উদ্যোগ লোৱাৰ বাবে ৰাজ্যপাল আচার্যই অসম চৰকাৰক ধন্যবাদ জনায়।অহা ১৩ ছেপ্টেম্বৰত বিশ্বকণ্ঠৰ জন্মশতবৰ্ষৰ এক ব্যতিক্রমী অনুষ্ঠানত ভাগ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে যে সেইদিনা অসমৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে এহেজাৰ শিল্পীয়ে বিশ্বকণ্ঠৰ কে’বাটাও গীতক লৈ প্ৰস্তুত কৰা এটা বিশেষ গীত পৰিৱেশন কৰিব।
তদুপৰি ভাৰতীয় ৰিজার্ভ বেংকে ভূপেন হাজৰিকাৰ স্মৃতিত প্ৰস্তুত কৰি উলিওৱা এটা বিশেষ মুদ্রাও প্রধানমন্ত্রীয়ে উন্মোচন কৰিব। ইয়াৰ লগতে এখন জীৱনী গ্রন্থও উন্মোচন কৰা হ’ব। ভাৰতৰ বিভিন্ন ভাষাত এই গ্ৰন্থখন প্ৰস্তুত কৰি তোলা হৈছে। মুখ্যমন্ত্ৰীয়ে আজিৰ সভাৰ মঞ্চৰ পৰাই ৰাজ্যবাসী তথা বিহু উদ্যাপন সমিতিসমূহক এক বিশেষ আহ্বান জনায়।
তেওঁ কয়, ‘ব’হাগ বিহু উদযাপন কৰা সমিতিসমূহক অন্ততঃ এটা সন্ধিয়া ড° ভূপেন হাজৰিকাৰ গীত-মাতেৰে প্ৰাণবন্ত, জীৱন্ত কৰি তুলিবলৈ মই আহ্বান জনাইছো।’ ইপিনে, জন্মশতবৰ্ষৰ অনুষ্ঠান অৰুণাচল প্রদেশ, মেঘালয়, পশ্চিমবংগ, মুম্বাই আৰু নতুন দিল্লীত অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। সোমবাৰৰ এই অনুষ্ঠানত অসম চৰকাৰৰ কে’বাজনো মন্ত্রীও উপস্থিত থাকে।





























