Himanta biswa sarma:✒️আলী তৌকীৰ শেখ নামৰ পাকিস্তানী নাগৰিকজন আৰু তেওঁৰ সহযোগীসকলৰ ভাৰত বিৰোধী কার্যকলাপ সম্পর্কত তদন্ত কৰিবলৈ অসম চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোট (এছআইটি)ৰ প্রতিবেদনৰ সন্দর্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক কয় যে এই প্রতিবেদনত যথেষ্ট গুৰুতৰ অভিযোগ আছে।
বুধবাৰে সন্ধিয়া ছয় বজাত তদন্তকাৰী গোটটোৱে দাখিল কৰা এই প্রতিবেদনখন যোৱা নিশা তেওঁ পঢ়িলে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে লগতে কয়, ‘যোৱা নিশা প্রতিবেদখন অলপ পঢ়িলো। তাত যথেষ্ট গুৰুতৰ অভিযোগ আছে। এয়া যথেষ্ট চিন্তনীয় বিষয়।’
প্রদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈ বুধবাৰে প্রতিবেদন সন্দর্ভত মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যম ফে’চবুকত এটা প’ষ্টো দিয়ে বৃহস্পতিবাৰে প্রতিবেদখন সন্দর্ভত তেওঁ পুনৰ কয়, ‘এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু গোপনীয়খিনিক বাদ দি যিমান পাৰো সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিম।’
উল্লেখ্য যে বুধবাৰে এছআইটিৰ এই তদন্ত ‘ফ্লপ’ হোৱা বুলি আখ্যা দি প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে দলৰ দলীয় কৰ্মীৰ স’তে এক সভাত বিহু নাচে। ইয়াক লৈ আজি মুখ্যমন্ত্রীয়ে গগৈক সমালোচনাৰে থকাসৰকা কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, ‘তেওঁৰ ঘৰত ল’ৰা বিদেশী। ছোৱালী বিদেশী। পত্নী বিদেশী। তেওঁ যিধৰণে কালি নাচিলে, দেখি কিবা অদ্ভুত লগা নাইনে? আজি যদি মই কংগ্রেছত থাকিলোহেঁতেন তেওঁক ঢকা মাৰি ষ্টেজ (মঞ্চ) ৰ পৰা নমাই দিলোহেঁতেন।’
গগৈক অধিক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয়, ‘মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে। কংগ্ৰেছ সভাপতিৰ তিনি সদস্যই বিদেশী। তেওঁ নাচি-বাগি আছে। অসমৰ মানুহক তেওঁ বুর্বক বুলি ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেতিয়া হ’লে আমাকো ব্ৰিটিছৰ পাছপ’র্ট বনাই দিয়ক। যদি ব্ৰিটিছৰে পাছপ’ৰ্ট ল’ব লাগে চাহ বাগিচাৰ ল’ৰাজনকো ব্ৰিটিছ বনাই দিয়ক। বড়ো, ৰাভা ল’ৰাজনকো ব্রিটিছ বনাই দিয়ক। ‘
প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈৰ কালিৰ নাচ সন্দর্ভত মুখ্যমন্ত্রীয়ে এয়া ফটুৱামি নহয় নেকি বুলিও মন্তব্য কৰি তেওঁ লগতে কয়, ‘ফটুৱামিৰ লিমিট (সীমা) থাকিব লাগে। সম্মান থকা মানুহে এই কার্য কেতিয়াও নকৰে। হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যদি বিদেশী থাকিলহেঁতেন তেওঁলোকে এট’ম, পৰমাণু, নিউক্লিয়াছ কিবা-কিবি কৰিলেহেঁতেন। তেওঁলোকে দেশৰ কল্যাণ নিবিচাৰে। ৰাষ্ট্ৰৰ কল্যাণ নিবিচাৰে। প্ৰতিবেদনৰ কথা কেবিনেটত আলোচনা কৰিম। কঠোৰ ব্যৱস্থা কৰিম।’






























