Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

দৰঙত লাখ লাখ বিঘা মাটি অনুপ্ৰৱেশকাৰীৰ পৰা পুনৰুদ্ধাৰ কৰা হৈছে: মোদী

publisher by publisher
September 15, 2025
in News, Assam
Reading Time: 1 min read
0
দৰঙত লাখ লাখ বিঘা মাটি অনুপ্ৰৱেশকাৰীৰ পৰা পুনৰুদ্ধাৰ কৰা হৈছে: মোদী
0
SHARES
4
VIEWS
ShareShareShareShare

Narendra Modi:✒️স্বদেশী সামগ্ৰী ব্যৱহাৰৰ পুনৰ আহ্বান জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ শুল্কই দেশৰ ৰপ্তানি বাণিজ্যত সমস্যা সৃষ্টি কৰাৰ সময়তে দেওবাৰে নুমলীগড়ত এখন সভাত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিবলৈ মুকলি আহ্বান জনায়।

ADVERTISEMENT

উল্লেখ্য যে অলপতে জিএছটি পৰিষদে বিভিন্ন সামগ্ৰীৰ জিএছটিৰ হাৰ কৰ্তনৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয় যে জিএছটি হাৰ কৰ্তনৰ ফলত ট্রাম্পৰ শুল্কই সৃষ্টি কৰা ক্ষতিৰ জোৰা মাৰিব। এনে অবস্থাতে আজি মোদীয়ে স্বদেশী সামগ্রী ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। উক্ত সভাত তেওঁ অসমীয়া গামোচাক ভূয়সী প্রশংসা কৰে।

RelatedPosts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

পূৰ্বৰ এক অভিজ্ঞতা বর্ণনা কৰি তেওঁ কয়, ‘কন্যাকুমাৰীত মই ডিঙিত গামোচা লৈ ঘূৰি আছিলো। দূৰৰ পৰা কিছুসংখ্যক লোক দৌৰি আহি মোক নমস্কাৰ জনাই সুধিলে, ‘আপুনি অসমৰ নেকি?’ তেতিয়া মই কৈছিলো-নহয়, মই গুজৰাটৰ। তেওঁলোকে ক’লে, ‘গামোচা দেখি আপোনাক এই কথা সুধিলো। কোনো চিনাকি নাছিল; কিন্তু অসমৰ লোকৰ প্ৰতি সেইদিনা মোৰ ইমান মৰম উপজিছিল, কিয়নো মোৰ ডিঙিত গামোচা আছিল। গামোচা বহু বছৰৰ পৰাই মোৰ লগত আছে। মোৰ মোনাতো তিনি-চাৰিখন গামোচা থাকেই।’

দেওবাৰে মোদীয়ে নুমলীগড় শোধনাগাৰত পাঁচ হেজাৰ কোটি টকা ব্যয়ৰে স্থাপন কৰা বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক বায় ‘ইথানল প্রকল্প (অসম বায়’ইথানল প্রকল্প) উদ্বোধন কৰে। লগতে তেওঁ ৭,২৩১ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিব লোৱা পলিপ্রপিলিন প্রকল্পৰো শিলান্যাস কৰে। সভাত তেওঁ আগতীয়াকৈ অসমবাসীলৈ আগন্তুক শাৰদীয় দুর্গা পূজাৰ ওলগ আৰু শুভেচ্ছা জনায়।

অসমীয়াতে তেওঁ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱলৈও শ্রদ্ধা নিবেদন কৰে। ১৩ শতাংশৰো অধিক বার্ষিক বৃদ্ধিৰে সম্প্ৰতি অসম দেশৰে দ্রুত বিকাশশীল ৰাজ্য বুলিও মোদীয়ে মন্তব্য কৰে। ৰাজ্যৰ উন্নয়ন দ্রুততৰ হোৱা বুলি দাবী কৰি তেওঁ লগতে কয়, ‘২০১৪ৰ পূৰ্বে অসমত মাথোঁ ছখনহে চিকিৎসা মহাবিদ্যালয় আছিল। যোৱা ১১ বছৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২৪ খনলৈ বৃদ্ধি পাইছে। আগন্তুক চাৰি-পাঁচ বছৰত দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নতুনকৈ এক লাখ আসন সংযোজন কৰা হ’ব।’

ৰাজ্যত প্ৰথমবাৰৰ বাবে মসৃণ বহু ম’ডেলযুক্ত যোগাযোগ ব্যবস্থা গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ভাষণত মোদীয়ে ১২১.৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীৰ ৰিংৰোড প্ৰকল্পৰ কথাও উল্লেখ কৰে। এই সভাত ভাষণত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাই নুমলীগড় শোধনাগাৰক অসমৰ স্বাভিমানৰ প্ৰতীক বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীয়ে কয়, ‘১৯৯৯ত তদানীন্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে বার্ষিক তিনি নিযুত মেট্রিক টন ক্ষমতাসম্পন্ন শোধনাগাৰৰূপে এই প্রতিষ্ঠান দেশবাসীৰ সেৱাত উছৰ্গা কৰে।

শোধনাগাৰটোৰ প্ৰকল্পৰ আয়তন বৃদ্ধিৰ বাবে আলোচনা হয় যদিও অসমত খাৰুৱা তেলৰ অভাৱৰ বাবে নুমলীগড় শোধনাগাৰৰ সম্প্ৰাসৰণ সম্ভৱ হোৱা নাছিল।’ মুখ্যমন্ত্রীয়ে লগতে কয় যে তেনে সময়তে প্রধানমন্ত্রী মোদীয়ে সিদ্ধান্ত গ্রহণ কৰে যে দেশৰ ভিতৰতে প্রথম খাৰুৱা তেল উৎপাদন হোৱা ৰাজ্য নুমলীগড় তেল শোধনাগাৰৰ সম্প্ৰাসাৰণৰ বাবে খাৰুৱা তেলৰ প্রয়োজন হ’লে বিদেশৰ পৰা আমদানি কৰি হ’লেও শোধনাগাৰটোক প্রাণৱন্ত কৰি তোলা হ’ব।

সেই প্রতিশ্রুতি অনুসৰি ২৬ হেজাৰ কোটি টকা ব্যয় কৰি ওড়িছাৰ পাৰাদ্বীপৰ পৰা তেল ক্ৰয় কৰি আনি প্রধানমন্ত্রীয়ে নুমলীগড় শোধনাগাৰক এক নতুন জীবন প্রদান কৰিলে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে নুমলীগড় শোধনাগাৰৰ বাৰ্ষিক শোধন ক্ষমতা তিনি নিযুত মেট্রিক টনৰ পৰা সম্প্ৰতি ন নিযুত মেট্রিক টনলৈ সম্প্ৰসাৰিত হৈছে।

নুমলীগড়ৰ এই সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে আজি মোদীয়ে মঙলদৈত এখন সভাত অংশগ্রহণ কৰি দৰঙৰ বাবে ৬,৩০০ কোটি টকা ব্যয় সাপেক্ষে কে’বাটাও বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। সভাত দিয়া ভাষণত তেওঁ কংগ্রেছ তথা বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা কৰে। অসমত অনুপ্রবেশ সমস্যাৰ বাবে কংগ্ৰেছক তীব্র সমালোচনা কৰি কয় যে বিৰোধীৰ বাবে ৰাষ্ট্ৰীয় স্বার্থতকৈ ভোটবেংকৰ স্বার্থই অগ্ৰাধিকাৰ লাভ কৰি আহিছে।

মোদীয়ে লগতে অভিযোগ উত্থাপন কৰে যে বিৰোধী দল এতিয়া ৰাষ্ট্ৰ বিৰোধী উপাদান আৰু অনুপ্রবেশকাৰীৰ প্ৰধান ৰক্ষক হৈ পৰিছে। তেওঁ লগতে কয়, ‘ক্ষমতাত থকাৰ সময়ছোৱাত বিৰোধীয়ে সক্রিয়ভাবে অনুপ্রবেশকাৰীক উৎসাহিত কৰিছিল আৰু এতিয়া ভাৰতত অনুপ্রৱেশকাৰীক স্থায়ীভাবে সংস্থাপন কৰিবলৈ বিচাৰিছে।

বিৰোধীয়ে ধর্মীয় বিশ্বাসৰ স্থলীৰ লগতে কৃষক আৰু জনজাতীয় লোকৰ মাটি বেদখল কৰিছে।’ এবাৰ তেওঁ মঙলদৈত অসমৰ পৰিচয় ৰক্ষা আৰু অনুপ্রবেশ প্রতিহত কৰাৰ এক বৃহৎ আন্দোলনৰ সাক্ষী হৈছিল বুলিও উল্লেখ কৰে। মোদীয়ে লগতে অভিযোগ উত্থাপন কৰে যে পূৰ্বৰ বিৰোধী নেতৃত্বাধীন চৰকাৰে এই প্ৰতিৰোধৰ বাবে জনগণক শাস্তি দিছিল আৰু ইয়াৰ ভূমিত বেদখলৰ অনুমতি দি প্রতিশোধ লয়।

বিজেপি নেতৃত্বাধীন মিত্রজোটৰ চৰকাৰ গঠন হোৱাৰ পাছত পৰিস্থিতি বিপৰীত হৈছে বুলিও তেওঁ দাবী কৰে। মোদীয়ে কয়, ‘মুখ্যমন্ত্রী ড° শৰ্মাৰ নেতৃত্বত দৰং জিলাত লাখ লাখ বিঘা মাটি অনুপ্ৰৱেশকাৰীৰ পৰা পুনৰুদ্ধাৰ কৰা হৈছে। বিৰোধীৰ শাসনকালত এটা সময়ত অনুপ্রবেশকাৰীৰ নিয়ন্ত্রণত থকা গৰুখুঁটি অঞ্চল এতিয়া বেদখলমুক্ত কৰা হৈছে।

এই ভূমিত এতিয়া গৰুখুঁটি প্রকল্প স্থাপন কৰা হৈছে, য’ত স্থানীয় যুবক-যুবতীসকলে ‘কৃষি সৈনিক’ৰূপে কাম কৰি সৰিয়হ, কুঁহিয়াৰ, মাটিমাহ, তিল, ৰঙালাও আদিৰ খেতি কৰিছে।’ প্রধানমন্ত্রীয়ে আৰু কয় যে এসময়ত অনুপ্রবেশকাৰীয়ে দখল কৰি থকা ভূমি এতিয়া অসমৰ কৃষি উন্নয়নৰ এক নতুন কেন্দ্ৰত পৰিণত হৈছে। বিজেপি নেতৃত্বাধীন চৰকাৰে অনুপ্ৰৱেশকাৰীক দেশৰ সম্পদ আৰু সম্পত্তিৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰিবলৈ নিদিয়ে বুলিও মোদীয়ে হুংকাৰ দিয়ে।

তেওঁ কয়, ‘ভাৰতৰ কৃষক, যুৱক-যুৱতী আৰু জনজাতীয় লোকসকলৰ অধিকাৰ কোনো কাৰণতে আপোচ কৰা নহ’ব। অনুপ্রবেশকাৰীয়ে মাতৃ-ভগ্নী-কন্যাৰ ওপৰত কৰা অত্যাচাৰ সহ্য কৰা নহ’ব।’ তেওঁ অনুপ্ৰৱেশৰ জৰিয়তে সীমান্ত অঞ্চলসমূহৰ জনগাঁথনি সলনি কৰাৰ বাবে চলি থকা ষড়যন্ত্রক সকীয়াই দি ইয়াক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰে। ইয়াৰ প্ৰতিক্ৰিয়াৰূপে তেওঁ দেশৰ জনগাঁথনি অভিযান আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে।

উল্লেখ্য যে ২০১৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়ত তদানীন্তন বিজেপিৰ প্ৰধানমন্ত্ৰীৰ প্রার্থী মোদীয়ে ১৬ মে’ৰ ভিতৰত বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি হুংকাৰ দিছিল। আজি তেওঁ কয়, ‘দেশক সুৰক্ষিত কৰাৰ বাবে অনুপ্ৰৱেশকাৰীক ভাৰত ভূমিৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা হ’ব।’

কংগ্রেছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দৰে শিল্পীকো স্বীকৃতি নিদিলে বুলি মোদীয়ে অভিযোগ উত্থাপন কৰে। কেৱল বিজেপিয়েহে সুধাকণ্ঠৰ গুণগৰিমা আৰু মহত্ত্ব বুজি পাই মৰণোত্তৰভাৱে হ’লেও ২০১৯৩ শিল্পীগৰাকীক ভাৰত ৰত্ন প্ৰদান কৰা বুলি তেওঁ কয়। কালি মোদীয়ে ভাষণত লগতে কয়, ‘আজি অসমে ১৮ হেজাৰ কোটি টকাৰ প্ৰকল্প লাভ কৰিলে।’ কংগ্ৰেছে ছয়-সাত দশক ধৰি দেশ শাসন কৰিও অসমৰ উন্নয়নৰ বাবে বিশেষ একো নকৰিলে বুলিও মোদীয়ে ক্ষোভ প্রকাশ কৰে।

দেওবাৰে মোদীয়ে মঙলদৈত ৫৭০ কোটি টকা ব্যয় সাপেক্ষে ৪৩০ খন বিছনাযুক্ত দৰং চিকিৎসালয় মহাবিদ্যালয় আৰু হাস্পতালৰ লগতে এখন বিএছচি নাৰ্ছিং মহাবিদ্যালয় আৰু এখন নাৰ্ছিং প্রশিক্ষণ বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। একেখন মঞ্চৰ পৰাই তেওঁ গুৱাহাটীৰ স’তে দৰং, কামৰূপ আৰু মৰিগাঁও জিলা সামৰি ৪,৫৩০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’ব লগা প্রায় ১১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিংবোড আৰু দৰং জিলাৰ কুৰুৱা আৰু গুৱাহাটীৰ নাৰেংগীক সংযোগ কৰি ১২শ কোটি টকা ব্যয়ৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব লগা প্রায় তিনি কিলোমিটাৰ দৈর্ঘ্যৰ এখন দলঙবো আধাৰশিলা স্থাপন কৰে।

ভাষণত মোদীয়ে লগতে কয়, ‘অসমক ভাৰতৰ উন্নয়নৰ বিকাশৰ ইঞ্জিনৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে কাম কৰি আছো। এখন উন্নত ভাৰত গঢ়াৰ বাবে সমগ্র দেশ ঐক্যবদ্ধভাবে আগবাঢ়িছে। যুৱক-যুৱতীসকলৰ বাবে উন্নত ভাৰত কেৱল সপোন নহয়, বৰঞ্চ এক সংকল্প আৰু এই ৰাষ্ট্ৰীয় সংকল্প পূৰণৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ভূমিকা আছে।’

তেওঁ লগতে উল্লেখ কৰে যে স্বাধীনতাৰ পাছত প্রধান চহৰ, বৃহৎ অর্থনীতি, ঔদ্যোগিক কেন্দ্রসমূহ মূলতঃ পশ্চিম আৰু দক্ষিণ ভাৰতত বিকশিত হৈছিল। পূব ভাৰতৰ এক বিশাল অঞ্চল আৰু জনসংখ্যা উন্নয়নৰ দৌৰত পিছ পৰি ৰৈছিল বুলি মন্তব্য কৰে প্রধানমন্ত্রীয়ে। তেওঁ কয়, ‘আমাৰ চৰকাৰে এতিয়া এই পৰিস্থিতি সলনি কৰিবলৈ কাম কৰি আছে। একবিংশ শতিকাৰ ২৫ টা বছৰ পাৰ হৈ যোৱাৰ লগে লগে এই শতিকাৰ পৰৱৰ্তী পর্যায়টো পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ বিকাশ কাহিনীক নেতৃত্ব দিয়াৰ সময় উপস্থিত হৈছে।’

সেয়েহে উত্তৰ-পূবত সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত এনডিএ চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি মোদীয়ে দাবী কৰে। তেওঁ লগতে কয়, ‘পথ, ৰেল আৰু বিমানপথৰ আন্তঃগাঁথনিৰ জৰিয়তে ভৌতিক সংযোগৰ উন্নতিৰ লগতে ৫জি ইণ্টাৰনেট আৰু ব্ৰডবেণ্ডৰ জৰিয়তে ডিজিটেল সংযোগৰ উন্নতিসাধন কৰিবলৈ বিচাৰিছো। এই উন্নয়নে জনসাধাৰণলৈ অধিক সুবিধা আনিছে। জীবন সহজ কৰিছে আৰু ব্যৱসায়িক কাম-কাজতো সহায় কৰিছে।’

সভাত মুখ্যমন্ত্রী ড° শর্মায়ো ভাষণ দিয়ে। তেওঁ কয় যে ভগৱান শ্রীকৃষ্ণৰ পবিত্র জন্মাষ্টমীৰ দিনাই বৃহৎ প্রকল্পৰ শুভাৰম্ভণি ঘটাটোৱে ৰাজ্যৰ ওপৰত ভগৱানৰ আশীৰ্বাদ থকাক সূচায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Narendra ModiNumaligarh
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d