Zubeen Garg:✒️জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অৱশেষত ন্যায় বিচাৰি আৰক্ষীৰদ্বাৰস্থ হ’ল পৰিয়াল। অসমবাসীৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যু প্রকৃততে এক হত্যাকাণ্ড আছিল নেকি? ইয়াকে লৈ বিগত নদিনে যি তুমুল চর্চা চলি আহিছে তাৰ মাজতে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘটনাটো এক হত্যাকাণ্ড বুলি সন্দেহ প্রকাশ কৰে।
স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এনে বক্তব্যৰ পাছতে শিল্পীগৰাকীক মৃত্যুৰ বিষয়টো অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰে। তাৰ পাছতে আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ৰ আৰক্ষী থানাত পৰিয়ালৰ পৰা এখন এজাহাৰ দাখিল কৰা হয়।
এজাহাৰত স্বাক্ষৰ কৰে পত্নী গৰিমা শইকীয়া গাৰ্গ, জুবিন গাৰ্গৰ ভগ্নী ড° পামি বৰঠাকুৰ আৰু জুবিনৰ খুড়াক মনোজ বৰঠাকুৰে। এই এজাহাৰত অসমৰ পৰা জুবিনক লৈ যোৱা সকলক তদন্তৰ আওতালৈ অনাৰ আহ্বান জনোৱা হৈছে।
একেদৰে জুবিনৰ লগত সাগৰলৈ যোৱা সকলকো তদন্তৰ আওতালৈ আনিব লাগে বুলি চিআইডিক অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে শিল্পীগৰাকীক হত্যা কৰা, অৱহেলাৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়া আদি অভিযোগৰে ৰাজ্যৰ বিভিন্ন স্থানত অনুৰাগীয়ে স্থানীয় আৰক্ষীৰ ওচৰত ইতিমধ্যে ৬০ খনৰো অধিক এজাহাৰ দাখিল কৰিছে।
সেইবোৰ একত্ৰিত কৰি চিআইডিয়ে অনুসন্ধান অব্যাহত ৰাখিছে। জুবিন অনুৰাগী তথা শুভাকাংক্ষীয়ে পৰিয়ালৰ পৰাও এখন গোচৰ তৰিবলৈ আহ্বান জনাইছিল। তদন্তকাৰী দলৰ বাবেও পৰিয়ালৰ পৰা দাখিল কৰা গোচৰ বহুক্ষেত্ৰত সহায়ক হয়। ইয়াৰ মাজতে কালি মুখ্যমন্ত্রীয়ে আগবঢ়োৱা বক্তব্য বিশেষ তাৎপর্যপূর্ণ বিবেচিত হয়।
তাৰ পাছতে শনিবাৰে পৰিয়ালৰ পৰাও এজাহাৰ দাখিল কৰা হয়। স্বাভাৱিকতে পৰিয়ালৰ এজাহাৰ মর্মেও বিষয়টোত সাঙোৰ খাই পরে শ্যামকানু মহন্ত, জুবিনৰ প্ৰবন্ধক সিদ্ধার্থ শৰ্মাৰ নাম।






























