Durga puja 2025:✒️নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বৰাজোল দুৰ্গা মন্দিৰ প্ৰাংগণত এইবেলি মহাৰজত জয়ন্তী উদযাপন কৰাৰ বাবে দহদিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰে পালনৰ ব্যাপক প্ৰস্তুতি চলিছে।
ADVERTISEMENT
আজি ষষ্ঠৰ দিনা অৰ্থাৎ ২৮ ছেপ্টেম্বৰ পুৱা ধৰ্মীয় পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট সমাজকৰ্মী গৌৰী দাসে।
ইয়াৰ পাছতে ৭৫গৰাকী বিশিষ্ট ব্যক্তিয়ে ধৰ্মীয় পতাকা উত্তোলন কৰে।
দুপৰীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই।






























