India Champion Of Asia:
পাকিস্তানৰ বিপক্ষে জয়ৰ হেট্রিক সম্পূৰ্ণ কৰি এছিয়া কাপ চেম্পিয়ন হ’ল ভাৰত। আজিৰ ফাইনেলত ভাৰতে স্পীন বিভাগৰ দুর্দান্ত বলিং আৰু তিলক বাৰ্মাৰ অর্ধশতৰাণৰ সহায়ত পাকিস্তানক পাঁচ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে ১৪৭ ৰাণৰ লক্ষ্য আগত লৈ ভাৰতে ২০ ৰাণতে অভিষেক শর্মা (৫), অধিনায়ক সূৰ্যকুমাৰ যাদৱ (১) আৰু শুভমন গিল (১২)ক হেৰুৱাই বিপদত পৰিছিল। অৱশ্যে তিলকে চাপ চণ্ডালাৰ লগতে সঞ্জু ছেমছন (২৪) আৰু শিৱম ডুবে (৩৩)ক লগত লৈ দলক আগুৱাই নিয়ে। দুটা বল বাকী থাকোতে ভাৰত জয়ী হয়। তিলকে ৬৯ ৰাণত অপৰাজিত হৈ কয়।
ইয়াৰ পূৰ্বে পাকিস্তানে ১৯.১ অভাৰত ১৪৬ ৰাণত ইনিংছ সামৰিবলৈ বাধ্য হয়। দুই অপেনাৰ ছাহিবজাদা ফাৰহান (৫৭) আৰু ফখৰ জামান (৪৬)ৰ দৃঢ়তাৰে পাকিস্তানে প্ৰাৰম্ভিক উইকেটত ৮৪ ৰাণ যোগ দিছিল। যদিও ভাৰতীয় স্পীনাৰৰ দুৰ্দান্ত বলিঙৰ বাবে পাকিস্তানে মাত্র ৩৩ ৰাণতে শেষ নটা উইকেট হেৰুৱায়। কুলদীপ যাদবে চাৰিটা উইকেট লাভ কৰে।ADVERTISEMENT






























