Guwahati:
পুৰণি পেন্সন নীতি বিলুপ্ত কৰি কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেন্সন নীতি (এনপিএছ) প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে দেশৰ কৰ্মচাৰী সমাজৰ প্ৰবল প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত এনপিএছক কিছু সংশোধন কৰি সংহত পেন্সন আঁচনি (ইউপিএছ) প্ৰৱৰ্তন কৰিছে; কিন্তু এই আঁচনিৰো তীব্ৰ বিৰোধিতা কৰি কৰ্মচাৰীসকলে পুৰণি পেন্সন আঁচনি (অপিএছ) পুনৰ প্ৰৱৰ্তনৰ দাবীত ধাৰাবাহিক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।
শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যত ইউপিএছ আঁচনিখন বলৱতৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে এই আন্দোলনৰ নেতৃত্ব লৈ অহা সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই। চৰকাৰৰ এই সিদ্ধান্ত কৰ্মচাৰী সমাজৰ প্ৰতি দুৰ্ঘোৰ অন্যায় বুলি সংগঠনটোরে অভিহিত কৰি পুৰণি পেন্সন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবীত নৱেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।
এই সন্দৰ্ভত সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূর্ব শর্মাই এক প্রেছ বাৰ্তাত কয় যে অসমৰ কৰ্মচাৰী সমাজ আৰু এনপিএছৰ অধীনত অৱসৰপ্ৰাপ্তসকলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই ক্ষেত্রত এক যুগান্তকাৰী সিদ্ধান্ত ল’ব বুলি আশা কৰি আছিল; কিন্তু এই সময়তে চৰকাৰৰ ইউপিএছ বলৱৎ কৰাৰ সিদ্ধান্তই সকলোকে পুনৰ হতাশ কৰি তুলিছে। কেন্দ্রীয় চৰকাৰৰ নিৰ্দেশতেই ইউপিএছ বলৱৎ কৰিও কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ অৱকাশ আছিল যদিও অসম চৰকাৰে তাকে নকৰি কৰ্মচাৰী সমাজৰ প্ৰতি দুৰ্ঘোৰ অন্যায়হে কৰিলে বুলি তেওঁলোকে অভিযোগ কৰে।
সংস্থাৰ নেতৃত্বদ্বয়ে লগতে কয়, ‘এক কথাত কৰ্মচাৰী সমাজৰ শংকা নির্মূল চৰকাৰৰ দায়িত্ব হোৱাৰ পাছতো চূড়ান্ত দায়িত্বহীনতাক পুনৰ প্ৰতিপন্ন কৰিছে। কৰ্মচাৰী সমাজে এই ইউপিএছ ব্যৱস্থা গ্রহণতো নকৰেই, পুৰণি পেন্সন বা অপিএছ ব্যৱস্থা বলৱতৰ বাবে সংগ্রাম অধিক তীব্ৰতৰ কৰি তুলিব। আমাৰ স্পষ্টকথা যে আমাক অপিএছেই লাগিব।’
ইফালে, সংস্থাৰ সভাপতি হাজৰিকা আৰু সাধাৰণ সম্পাদক শর্মাই কয়, ‘যোৱা জুলাইত সংস্থাৰ স’তে হোৱা আলোচনাত ইউপিএছ ব্যৱস্থাৰ আসোঁৱাহসমূহ মুখ্যমন্ত্রীক অৱগত কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ পক্ষে মত দিছিল। দুর্ভাগ্য যে কার্যতঃ অসম চৰকাৰে অৱসৰী সুৰক্ষাৰ বাবে অপিএছৰ ধাৰণাক উলাই কৰিছে।’
সংস্থাৰ যোৱা দ্বি-বার্ষিক অধিবেশনে কৰ্মচাৰী সমাজৰ বাবে অ’পিএছ পুনঃপ্রতিষ্ঠাৰ বাহিৰে সকলো ধৰণৰ প্ৰচেষ্টক বিৰোধ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে বুলি তেওঁলোকে উল্লেখ কৰি কয় যে এই মাহৰ শেষ সপ্তাহৰ পৰা সংস্থাই এনপিএছ আৰু ইউপিএছ নামৰ অশুভ ব্যৱস্থাৰ ক্ষেত্ৰত কৰ্মচাৰী সমাজক সতৰ্ক কৰাৰ বাবে ৰাজ্যৰ প্রান্তে প্রান্তে প্রতিবাদী সভাৰ উপৰি নৱেম্বৰ আৰু ডিচেম্বৰত প্ৰতিবাদী সমাবেশ আয়োজন কৰিব।
ADVERTISEMENT




































